কুঁহিয়াৰৰ ৰসৰ উপকাৰী গুণবোৰৰ বিষয়ে জানো আহক

Jyoti Borah October 17, 2023

ডিজিটেল ডেস্কঃ কুঁহিয়াৰ খাই সকলোৱে ভাল পায় ৷ ভাৰতত অধিকাংশ লোকে কুঁহিয়াৰ বা ইয়াৰ ৰস খাবলৈ ভাল পায়। সমগ্ৰ বিশ্বত কুঁহিয়াৰৰ ভালেমান প্রজাতি পোৱা যায়। কুঁহিয়াৰত যথেষ্ট কম পৰিমাণৰ চৰ্বী থাকে। কুঁহিয়াৰৰ পৰা চেনি তথা গুৰো প্ৰস্তুত কৰা হয়। কিন্তু কুঁহিয়াৰ বা ইয়াৰ ৰস মানুহৰ স্বাস্থ্যৰ বাবে অতি উপকাৰী। কুঁহিয়াৰৰ ৰস লিভাৰৰ বাবে উপকাৰী। ই লিভাৰ শক্তিশালী কৰাত সহায় কৰে। জণ্ডিচত আক্রান্তসকলৰ বাবেও কুঁহিয়াৰৰ ৰস উপকাৰী। ইয়াত এন্টিঅ িডেণ্ট থাকে আৰু ই লিভাৰক সংক্ৰমণৰ পৰা ৰক্ষা কৰে। কুঁহিয়াৰৰ ৰসত প্ৰচুৰ পৰিমাণে আইৰন, কেলচিয়াম, মেগনেছিয়াম থাকে।

নিয়মীয়াকৈ কুঁহিয়াৰৰ ৰস খালে শৰীৰৰ ৰোগ প্ৰতিৰোধক ক্ষমতা বৃদ্ধি পায় ৷ কুঁহিয়াৰৰ ৰস উলিয়াই খাওঁতে এটা কথাত সতর্ক হ'ব লাগে— সেয়া হ'ল এই ৰস ১০-১৫ মিনিটৰ ভিতৰত খাব লাগে, কিয়নো কুঁহিয়াৰ চেপি ৰস উলিওৱাৰ পাছত বেছি সময় ৰাখি থ'লে ইয়াৰ গুণাগুণবোৰ নষ্ট হয় আৰু ফলত  শৰীৰৰ কোনো উপকাৰ সাধন নকৰে। প্ৰস্ৰাৱৰ বিকাৰত ভোগা লোকসকলেও কুঁহিয়াৰৰ ৰস সেৱন কৰা উচিত। প্ৰস্ৰাৱৰ জ্বলা- পোৰাতো ই লাভদায়ক বুলি কোৱা হৈছে। কুঁহিয়াৰত থকা গ্লাইকলিক এচিডে ছাল উজ্জ্বল কৰাত সহায় কৰে। ইয়াৰ লগতে হৃৎপিণ্ডৰ বাবেও উপকাৰী বুলি কোৱা হয়।

ইহৃদৰোগ প্ৰতিৰোধ কৰাত সহায় কৰে। ইয়াৰ লগতে শৰীৰত কলেষ্টেৰলৰ মাত্রা বৃদ্ধি হোৱাত বাধা দিয়ে কুঁহিয়াৰৰ ৰসে ।

Share This