ৰাশিফল চাই জানো আহক দিনটো কেনেদৰে যাব..

Jyoti Borah August 14, 2023

১৪ আগষ্ট, সোমবাৰ
মেষঃ ৰাশিৰ আদ্যাক্ষৰ অ, ল। শুভ কাৰক গ্ৰহ মণ্ডল, ৰবি । সংখ্যা ১, ৯। শুভ ৰং বগা। বিভিন্ন সমস্যাৰ মাজেৰেও নিজৰ পৰিকল্পিত কামত ভাল ধৰণে আগবাঢ়িব। বিদ্যাৰ্থীৰ একাগ্রতা বৃদ্ধি। দম্পত্যত মধ্যম। আনৰ প্ৰতি সহানুভূতিশীল। 
বৃষঃ ৰাশিৰ আদ্যাক্ষৰ ই, উ, ব। শুভ কাৰক গ্ৰহ শুক্র, চন্দ্ৰ। শুভ সংখ্যা ২, ৬। শুভ ৰং নীলা। কোনো কথাত কাৰো লগত ভুল বুজাবুজি হৈ তৰ্কত লিপ্ত হ'ব পাৰে। হঠাৎ ভ্ৰমণৰ যো- জা। পতি বা পত্নীৰ বুদ্ধি-চাতুৰ্যৰ বলত জটিল পৰিস্থিতি নিয়ন্ত্ৰণ কৰি ল'ব পাৰিব। ব্যৱসায়তো বেয়া নহয়।
মিথুনঃ ৰাশিৰ আদ্যাক্ষৰ ক, ছ, ঘ। শুভ কাৰক গ্রহ বুধ, ৰবি । শুভ সংখ্যা ১, ৫। শুভ ৰং ৰঙা। নিজকে সর্বজান্তা বুলি কামত আগুৱালে পিছত অসুবিধাতহে পাৰিব। অৱশ্যে কৰ্মক্ষেত্ৰত সহায়-সহযোগ লাভ । ধৈর্য গুণ প্রকাশ পাব। ব্যৱসায়ত জড়িত থাকি ব্যবসায় প্ৰসাৰৰ কথাত জোৰ দিব।
কৰ্কটঃ ৰাশিৰ আদ্যাক্ষৰ ড, হ। শুভ কাৰক গ্ৰহ চন্দ্ৰ, বৃহস্পতি। শুভ সংখ্যা ২, ৩। শুভ ৰং সোণালী। পাৰিবাৰিক জীৱন গতানুগতিক। সুবিধাবাদীয়ে আপোনাৰ সামাজিক প্ৰতিপত্তিৰ ছত্রছায়াত থাকি সুবিধা ল'বলৈ চাব। স্বাস্থ্য প্রায় ভালেই।
সিংহঃ ৰাশিৰ আদ্যাক্ষৰ ম, ট। শুভ কাৰক গ্ৰহ ৰবি, মঙল। শুভ সংখ্যা ১, ৯। শুভ ৰং বাদামী। শৰীৰ আন দিনাতকৈ উন্নত। কৰ্মত সতাত, নিষ্ঠা থাকিব। আপোনাৰ উপদেশমতে কাম কৰি কোনো লোক উপকৃত হোৱাত সুখী হ'ব। আপোনাৰ ৰাশিত থকা মণ্ডল গ্ৰহলৈ গুৰুৰ সু-দৃষ্টি পৰাত আর্থিক দিশত সুফল পাব। 
কন্যাঃ ৰাশিৰ আদ্যাক্ষৰ প, ঠ। শুভ কাৰক গ্ৰহ বুধ, শনি।শুভ সংখ্যা ৫, ৭। শুভ ৰং বগা। বিদ্যা-বুদ্ধিত ভালেই। ঘনে ঘনে বিৰক্তিদায়ক সংযোগে আপোনাক অহৰহ আমনি কৰিব যদিও বিচক্ষণ বুদ্ধিৰে সেইবোৰ চম্ভালি ল'ব পাৰিব
তুলাঃ ৰাশিৰ আদ্যাক্ষৰ ৰ, ত। শুভ কাৰক গ্রহ শুক্র, শনি। শুভ সংখ্যা ৬, ৭। শুভ ৰং নীলা। শৰীৰ প্ৰায় ভালেই। ব্যৱসায়ত প্ৰচুৰ উন্নতি। শিক্ষক শ্ৰেণী তথা শিক্ষা জগতৰ লগত জড়িত ব্যক্তিৰ বাবে অনুকূল। দুই-একে অৱশ্যে যথেষ্ট মানসিক উদ্বেগ-উদ্বিগ্নতাত কটাব লগা হ'ব পাৰে।
বৃশ্চিকঃ ৰাশিৰ আদ্যাক্ষৰ ন, য। শুভ কাৰক গ্ৰহ মঙল, ৰবি । শুভ সংখ্যা ১, ৯। শুভ ৰং গুলপীয়া। কৰ্মত দক্ষতা আৰু সততা থাকিব। কর্মদক্ষতা থাকিলেও উপযুক্ত সন্মান নাপাবও পাৰে। সকলোৰে লগত ঐক্য অটুট ৰাখিবলৈ চেষ্টা কৰিও সম্পূৰ্ণ সফল হোৱা টান হ'ব।
ধনুঃ ৰাশিৰ আদ্যাক্ষৰ ধ, ফ, ভ। শুভ কাৰক গ্রহ বৃহস্পতি, চন্দ্র। শুভ সংখ্যা ২, ৩। শুভ ৰং মাখন। শৰীৰ প্ৰায় ভালেই। আৰ্থিক উন্নতিৰ যোগ। প্রবাসত থকা সন্তানৰ পৰা সুখবৰ পাব । ব্যৱসায়ত শুভ। প্রাপ্যাদিত বেয়া নহয়।
মকৰঃ  ৰাশিৰ খ, জ। শুভ কাৰক গ্ৰহ মঙল, শনি । শুভ সংখ্যা ৭, ৯। শুভ ৰং ৰঙা। কৰ্মত উৎসাহ-উদ্দীপনা। দাম্পত্য জীৱন শুভাশুভ মিশ্রিত। মেল-মোকদমাত জড়িত থাকি তাৰ সুফল পাব। কিন্তু মনলৈ কাৰোবাৰ কাৰণে ভয় ভাব আহিব পাৰে।
কুম্ভঃ ৰাশিৰ আদ্যাক্ষৰ গ, শ, স । শুভ কাৰক গ্রহ শুক্র, শনি। শুভ সংখ্যা ৬, ৭। শুভ ৰং ক’লা। কোনো শুভ সংযোগ লাভ কৰিব। লোকৰ ভুল-ভ্রান্তি আপোনাৰ দৃষ্টিত তৎক্ষণাৎ পৰিব । আয় বাঢ়িলেও সৎ কামত খৰচৰ যোগ। ধৰ্মত মতি।
মীনঃ ৰাশিৰ আদ্যাক্ষৰ দ, চ। শুভ কাৰক গ্রহ শুক্র, বৃহস্পতি। শুভ সংখ্যা ৩, ৬। শুভ ৰং সোণালী। ধৰ্মীয় কৰ্মৰ প্ৰতি ৰাপ বাঢ়িব। ব্যৱসায়ত মধ্যম। দাম্পত্যত বেয়া নহ'লেও কিবা এটা নতুন সমস্যাই মনত আমনি দিব পাৰে। বিদ্যাত মধ্যম।

Share This