ডিজিটেল ডেস্ক: আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত পুনৰ উজলিল বোকাখাতৰ পৰা নিৰ্মাণ হোৱা আন এখন কথাছবি 'লাইফ বিহাইণ্ড দ্য লাইফ- জীৱনৰ আঁৰৰ জীৱন'। এগ্রিমা ষ্টুডিঅ' আৰু ষ্টুডিঅ' ফাইনেলকাটৰ সহযোগিতাত 'ভৱৰঞ্জনী'ৰ নিৱেদনত ৰাতুল ফুকনৰ চিত্ৰনাট্য আৰু অনুপম বৰদলৈৰ পৰিচালনাৰ 'লাইফ বিহাইও দ্য লাইফ- জীৱনৰ আঁৰৰ জীৱন' চলচ্চিত্ৰখনে আগশাৰীৰ আন্তঃৰাষ্ট্ৰীয় ফিল্ম ফেষ্টিভেলসমূহত বিভিন্ন শিতানত এই পর্যন্ত সর্বমুঠ ১২ টাকৈ শ্রেষ্ঠত্বৰ বঁটাৰে সন্মানিত হৈছে।
কালি বোকাখাত জলসম্পদ বিভাগৰ আৱৰ্ত ভৱনত অনুষ্ঠিত এক সংবাদমেলত পৰিচালক অনুপম বৰদলৈয়ে ছবিখনে লাভ কৰা ১২ আন্তঃৰাষ্ট্ৰীয় বঁটাৰ আনুষ্ঠানিক ঘোষণা কৰে। উল্লেখযোগ্য যে ২০২৫ বর্ষত নির্মাণ সম্পন্ন হোৱা কথাছবিখনে ফ্ৰান্সৰ কাঁ চলচ্চিত্র মহোৎসৱত আন্তঃৰাষ্ট্ৰীয় ৱৰ্ল্ড ফিল্ম ফেষ্টিভেলত চিত্র নির্মাতাৰ প্ৰথম ছবিৰ শিতানত ২০২৫ বৰ্ষৰ শ্ৰেষ্ঠত্বৰ সন্মান লাভ কৰাৰ লগতে এছিয়ান ইণ্ডিপেণ্ডেন্ট ফিল্ম ফেষ্টিভেল ২০২৫ ত শ্রেষ্ঠ ডেবিউ চলচ্চিত্র নির্মাতা, বর্ল্ড চিনেমা ইণ্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেল ২০২৫ত শ্রেষ্ঠ চিত্রনাট্য, MOKKHO আন্তঃৰাষ্ট্ৰীয় ফিল্ম ফেষ্টিভেল-২০২৫ত ক্রমে শ্রেষ্ঠ চিত্রনাট্য আৰু শ্রেষ্ঠ ডেবিউ চলচ্চিত্র নির্মাতা, এছিয়ান টেলেন্ট ইণ্টাৰনেশ্যনেল ফিল্ম-২০২৫, ঔৰংগাবাদত ক্রমে শ্রেষ্ঠ প্ৰথমবাৰ চলচ্চিত্র নির্মাতা আৰু শ্রেষ্ঠ ফিচাৰ ফিল্ম, নিৰি ৯ ইণ্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেল-২০২৬, হায়দৰাবাদত শ্রেষ্ঠ কনচেপ্ট, ISFFA ষ্টাৰ ফিল্ম ফেষ্টিভেল-২০২৫ ত অফিচিয়েল ছিলেকশ্যন, তামিঝাগম ইণ্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেল ২০২৫ ত ক্রমে শ্রেষ্ঠ পৰিচালক, শ্ৰেষ্ঠ ফিচাৰ ফিল্ম, শ্রেষ্ঠ ভাৰতীয় ফিচাৰ ফিল্ম, ১১সংখ্যক ৱৰ্ল্ড চিনেমা ইণ্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেল ২০২৫ ত ক্রমে শ্রেষ্ঠ কাহিনী, শ্রেষ্ঠ চিত্রগ্রহণ, শ্রেষ্ঠ পৰিচালক, শ্রেষ্ঠ সম্পাদনা, শ্রেষ্ঠ প্রযোজক আৰু শ্রেষ্ঠ অভিনেতাৰ খিতাপ অৰ্জন কৰিছে।
সংবাদমেলত পৰিচালক অনুপম বৰদলৈক সহযোগ কৰে কথাছবিখনৰ শব্দ বাণীবদ্ধ আৰু সংমিশ্ৰণৰ দায়িত্বত থকা লৌকিক খাওন্দে। কথাছবিখনৰ পৰিচালনা আৰু সম্পাদনা অনুপম বৰদলৈৰ, চিত্রনাট্য ৰাতুল ফুকনৰ, প্ৰযোজনা মহেশ ৰাজবংশীৰ, সংগীত তৰালি শৰ্মাৰ। উল্লেখযোগ্য যে জুবিন গাৰ্গৰ সৈতে অসমৰ বিশিষ্ট কণ্ঠশিল্পী তৰালি শৰ্মাই কথাছবিখনৰ গীতত কণ্ঠদান কৰিছে। শব্দ বাণীবদ্ধ আৰু সংমিশ্ৰণৰ দায়িত্বত আছে লৌকিক খাওন্দ। অভিনয়ত আছে প্রয়াস ফুকন, অদ্রিতা পৰাশা মহন্ত, আশিম শর্মা, চিমি গোস্বামীৰ লগতে মনো বৰা, অমৰ শৰ্মা, হৰি প্ৰসাদ বৰঠাকুৰ, বুলেন বৰা, সুনীল কুশল দাস, পার্থ প্রতিম বৰদলৈ, ৰত্নেশ্বৰ মৰাং, প্ৰদীপ হাজৰিকা, প্ৰণৱ শইকীয়া, প্রাঞ্জল দাস, দুলন বাহেক, মঞ্জিত শর্মা, মনো হাজৰিকা আৰু শিশু চৰিত্ৰত নিকিতা বৰাই অভিনয় কৰিছে। চিত্রগ্রহণ সঞ্জয় সিং (মুম্বাই)ৰ।