শীতকালত ছাল আৰু চুলি নফটাকৈ ৰাখিবলৈ কি কৰিব

Dainik Janambhumi November 13, 2024

ঘৰতে নেমুৰ ৰস উলিয়াই তাতে সমপৰিমাণত মৌ মিহলাই ছাল আৰু চুলিত নিতৌ লগালে শীতকালত ছাল আৰু চুলি নাফাটে। ছাল আৰু চুলি ভালে ৰাখিবলৈ বহুত টকা-পইচা খৰচ কৰা বা সময় খৰচ কৰাৰ প্ৰয়োজন নাই।মাথোঁ নিয়মিত অলপ সময় দিব লাগে, নিয়মিত যত্ন ল’ব লাগে। বহুত দামী বস্তু লগোৱাৰো প্ৰয়োজন নাই। সাধাৰণভাৱে ঘৰতে পোৱা দ্ৰব্য ব্যৱহাৰ কৰি আমিও চিৰসেউজ যৌৱন লাভ কৰিব পাৰোঁ। লগতে নিয়মীয়াকৈ সুষম খাদ্য এটা পৰিমাণত তৃপ্তিৰে খাব লাগে। খাওঁতে অশান্তিকৈ খালে গাত নালাগে,অৰ্থাৎ হজম ভালকৈ নহয়। পাচন‌তন্ত্ৰই ভালকৈ কাম নকৰিলে সকলোফালে বেয়া হয়।

অসমীয়া জনজীৱনত কলিজাটোক‌ অধিক গুৰুত্ব দিয়া পৰিলক্ষিত হয়। যেনে মৰমতে sweetheart, heart , হিন্দীত "मेरी जान, जीगर" কয়। তেনেদৰে অসমত হৃদযন্ত্ৰৰ ওপৰত‌ বিশেষ গুৰুত্ব আৰোপ কৰা হয়। অসমীয়া জনজাতীয় লোকাচাৰ, ব্যৱহাৰত পাৰম্পৰিক হিচাপে খাদ্য, পুষ্টিৰ যি বিধান প্ৰচলিত হৈ আছে সকলো সু-স্বাস্থ্য, বিশেষকৈ আমাৰ কলিজাৰ সু-স্বাস্থ্যৰ প্ৰতি বিশেষ লক্ষ্য ৰখা দেখা যায়। কলিজা ভাল মানে শৰীৰ সুস্থ, মন সুস্থ, দেখাত ধুনীয়া হৈ থকা।

আমাৰ জাতীয় ঐতিহ্য বিহুৰ খাদ্য আৰু আচাৰ-ব্যৱহাৰত এনে কিছুমান ৰীতি-নীতি জড়িত হৈ আছে, যাৰ প্ৰধান উদ্দেশ্য সু-স্বাস্থ্য, সৌন্দৰ্য আৰু দীৰ্ঘজীৱন।

অইন নালাগে, প্ৰতিটো জনজাতিৰ পৰম্পৰাত ফটিকা, সাজ, ৰহী, হৰলাং আদি শান্তিপানী স্বৰূপে অলপ গ্ৰহণ কৰে। এই পানীয়বিধ চাউল আৰু বিভিন্ন বনদৰৱ এক নিৰ্দিষ্ট পৰিমাণত মিহলাই প্ৰস্তুত কৰা হয়। প্ৰায় প্ৰতিটো জনগোষ্ঠীৰে বনশাকখিনি একেই। যেনে যমলাখুটিৰ, ফৰফৰি, বিহলঙনী, চৰচৰি, পিৰপিৰি, কঁঠালপাত আদিকে ধৰি কমেও সাত, এঘাৰ, একৈছ আৰু একাৱন্নবিধ বনৌষধি মিহলাই পানী নিদিয়াকৈ খুন্দি পিঠা বনাই ইয়াৰে চাউলৰ লগত পানী তৈয়াৰ কৰি লয়।

প্ৰতিটো বন শাকৰ গুণ আছে। যেনে যমলাখুটি খালে যমদূটো পলাই পত্ৰং দিয়ে হেনো। ইয়াৰ প্ৰত্যেক অংশৰ গুণ আছে। যেনে আলু বা শিপাভাগ ধুই ৰস উলিয়াই অলপ গৰম কৰি নিয়মীয়াকৈ খালে যকৃতৰ সমস্যা ভাল হয় বুলি কবিৰাজ বা বেজসকলে কয়। কেইদিনমানৰ আগতে জুবিন গাৰ্গে খাই দেখুৱাইছিল এটা ভিডিঅ'ত।

চাউল আমাৰ staple food, অৰ্থাৎ মৌলিক আহাৰ। ‌ইয়াৰ গুণ অপৰিসীম। পানী দিয়া ভাত বা পঁইতা ভাত খালে পেট ঠাণ্ডা পৰে, গেছট্ৰিক ভাল হয়। কৰ্দৈ বা ভূত জলকীয়াৰ গুণৰ কথা কোনে নাজানে? Guinness book of world record কৰা এইবিধ‌ জলকীয়া নহ’লে মোৰ ভাত হজমেই নহয় । মানে লাগেই ভাত খাওঁতে।

বিহলঙনীয়ে যিকোনো বিষ নিৰাময় কৰে। এহঃ লিখি গ’লে ওৰকে নপৰিব।

তেনেদৰে পাকঘৰতে থকা হালধি, মাহ, গুৰ, গাখীৰ, পিঁয়াজ, নেমু, তেল, ঘী, দৈ, কণী, জিৰা, ধনিয়াশাক, আলু, নহৰু আদিকে ধৰি প্ৰতিটো দ্ৰব্যৰে গুণাগুণ আছে। মাথোঁ উচিত পৰিমাণত, উচিত কাৰণত, উচিত সময়ত, উচিত পদ্ধতিত ইয়াক ব্যৱহাৰ কৰিব লাগে। এলাহ নকৰাকৈ উচিত বিধিৰে ব্যৱহাৰ কৰিলে সুফল পাবই।

উদাহৰণ স্বৰূপে ঘৰতে নেমুৰ ৰস উলিয়াই তাতে সমপৰিমাণত মৌ মিহলাই ছাল আৰু চুলিত নিতৌ লগালে শীতকালত ছাল আৰু চুলি নাফাটে। তেনেদৰে পিঁয়াজৰ ৰস উলিয়াই কণীৰ বগা অংশৰ লগত মিহলাই চুলিৰ গুৰিত লগালে চুলি সৰা বন্ধ হয়, লহপহকৈ গজে। কৈ গ'লে ওৰে নপৰে অসমীয়াৰ পাৰম্পৰিক বনৌষধিৰ গুণৰ কথা।

(আজিৰ লেখাটো পঢ়ি কেনে পালে জনাবচোন, ভাল লাগে feedback পালে। অইন কোনো প্ৰশ্ন থাকিলেও ৯৪৩৫০৪৬৫১৬ত ৱাটছএপ কৰি জনাব পাৰে।)

Share This