লফা শাকৰ জোল খাই ভালপায়নে? এই শাকৰ আছে নানা আশ্চৰ্যকৰ উপকাৰিতা

Nikimoni Kachari May 09, 2026

ডিজিটেল ডেস্ক: লফা শাক এবিধ উপকাৰী শাক। লফা শাকৰ লগত অসমীয়া মানুহে সাধাৰণতে মাছৰ জোল বনাই খায়। বহুতো লোকে চুকা বা পালেং শাকৰ লগতো একেলগে মিহলি কৰি আঞ্জা ৰান্ধে। এই শাক শৰীৰৰ বাবে শক্তিকাৰক।

লফা শাক (Malva verticillata) হৈছে পুষ্টিগুণেৰে ভৰপূৰ এক শীতকালীন শাক, যি শৰীৰৰ বাবে অত্যন্ত উপকাৰী। লফা শাকৰ নানা উপকাৰিতাৰ কথা জানো আহক। 

১) এই শাকে কোষ্ঠকাঠিন্যতা দূৰ কৰে। পেটৰ সমস্যা দূৰ কৰে। লফা শাকত প্ৰচুৰ পৰিমাণে আঁহ (fiber) থাকে, সেয়ে ই কোষ্ঠকাঠিন্যতা আঁতৰাই পেট পৰিষ্কাৰ কৰাত সহায় কৰে।

২) ইয়াৰ সেৱনে শৰীৰত তেজ (hemoglobin) বৃদ্ধি কৰে। এই শাকবিধ ৰক্তহীনতা বা এনিমিয়া ৰোগত অত্যন্ত উপকাৰী।

৩) লফা শাকে ভোক বঢ়ায় আৰু হজম প্ৰক্ৰিয়া উন্নত কৰে।

৪) উচ্চ ৰক্তচাপ আৰু ডায়েবেটিছ নিয়ন্ত্ৰণ কৰে। 

৫) ইয়াত থকা ভিটামিন, মিনাৰেল আৰু এণ্টিঅক্সিডেণ্টে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়ায়।

৬) ই ছালৰ উজ্জ্বলতা বঢ়ায় আৰু ছালৰ বিভিন্ন সমস্যা দূৰ কৰাত সহায় কৰে।

৭) মধুমেহ বা ডায়েবেটিছ ৰোগীৰ বাবে এই শাক উপকাৰী, কাৰণ ই তেজৰ চেনিৰ মাত্ৰা নিয়ন্ত্ৰণত সহায় কৰে।

৮) এই‌ শাকবিধে শৰীৰত তেজ (hemoglobin) বৃদ্ধি কৰে, ৰক্তহীনতা বা এনিমিয়া ৰোগত অত্যন্ত উপকাৰী।

৯) লফা শাকে কিডনী ষ্ট'ন বা পাথৰ প্ৰতিৰোধ কৰাত সহায়ক হ'ব পাৰে।

১০) শীতকালত হোৱা কফ, হাঁপানী আৰু ব্ৰংকাইটিছৰ সমস্যাত এই শাক উপকাৰী। 

গতিকে আপোনাৰ খাদ্য তালিকাত লফা শাকক যোগ কৰিবলৈ নাপাহৰিব। এই শাক খাওক আৰু সুস্বাস্থ্য গঢ়ি তোলক।

 

 

উৎস: প্ৰাগ নিউজ ডিজিটেল

Share This