ৰাজ্যসমূহলৈ এল পি জিৰ যোগান বৃদ্ধিৰ নিৰ্দেশ কেন্দ্ৰৰ, অচিৰেই দূৰ হ'ব ৰন্ধন গেছৰ সংকট

dainik janambhumi March 22, 2026

ডিজিটেল ডেস্ক: চলি থকা গেছৰ সংকটৰ মাজতে কেন্দ্ৰীয় চৰকাৰে ৰাজ্যবোৰলৈ এল পি জিৰ যোগান বৃদ্ধি কৰিবলৈ নিৰ্দেশ দিছে। ২৩ মাৰ্চত ৰাজ্যবোৰক আগতকৈ ২০ শতাংশ অধিক গেছ দিয়া হ'ব। এই গেছ পোৱাৰ পাছত যুদ্ধৰ আগতে ৰাজ্যবোৰে পোৱা গেছতকৈ বর্তমান পোৱা মুঠ গেছ ৫০ শতাংশ অধিক হ'ব। 

পেট্রলিয়াম আৰু প্রাকৃতিক গেছ মন্ত্ৰ্যালয়ৰ সচিব নীজৰ মিটলে সকলো ৰাজ্য আৰু কেন্দ্রীয় শাসিত অঞ্চলৰ মুখ্য সচিবলৈ পত্ৰ প্ৰেৰণ কৰি এই কথা জনায়। এই পত্ৰত সামূহিক ৰন্ধনশালা, ৰেস্তোৰাঁ, ধাবা, হোটেল আৰু ঔদ্যোগিক কেণ্টিনক অগ্রাধিকাৰ দিবলৈ কোৱা হৈছে। ইয়াৰ লগতে প্ৰৱাসী শ্রমিকৰ বাবে ৫ কিল'ৰ ফ্ৰী ট্রেড এল পি জি (এফ টি এল) চিলিণ্ডাৰ অগ্ৰাধিকাৰ দিবলৈ নিৰ্দেশ দিয়া হৈছে। নির্দেশটোত ক'লা বজাৰ ৰোধ কৰাৰ পদক্ষেপ গ্রহণ কৰিবলৈও নির্দেশ দিয়া হৈছে। এই বর্ধিত যোগানৰ ফলত ফুড প্রচেছিং ইউনিট আৰু দুগ্ধ খণ্ডও লাভৱান হ'ব। ৰাজ্য চৰকাৰ বা স্থানীয় প্রশাসনৰ দ্বাৰা পৰিচালিত সস্তীয়া কেণ্টিনেও এই বর্ধিত যোগানত অগ্ৰাধিকাৰ পাব।

Share This