প্রথম জয় লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ

dainik janambhumi April 06, 2026

ডিজিটেল ডেস্ক : লক্ষ্ণৌ ছুপাৰ জায়েন্টছে চলিত ছিজনৰ ইণ্ডিয়ান প্রিমিয়াৰ লীগত প্রথম জয়ৰ সোৱাদ লাভ কৰিছে। আনহাতে, ছানৰাইজাৰ্ছ হায়দৰাবাদে নিজৰ ৩খন খেলৰ দুখনতে পৰাজয়ৰ সন্মুখীন হৈছে। আই পি এলৰ কালিৰ খেলখনত ঋষভ পণ্টৰ (অপঃ ৬৮) অধিনায়কোচিত বেটিঙৰ লগতে মহম্মদ ছামীৰ (২-৯) দুৰন্ত বলিঙেৰে ছানৰাইজাৰ্ছ হায়দৰাবাদক ৫ উইকেটত পৰাজিত কৰে লক্ষ্ণৌ ছুপাৰ জায়েন্টছে। 

ছামীয়ে অ'পেনাৰদ্বয় অভিষেক শর্মা (০) আৰু ট্রেভিছ হেডক (৭) আগতীয়াকৈ বিদায় উইকেটত ১৫ ৰানত সীমিত ৰাখে লক্ষ্ণৌৱে। ছামীয়ে টপ-অৰ্ডাৰ ভাঙি দিয়াৰ পাছত এটা সময়ত হায়দৰাবাদে ২৬ ৰানতে আগশাৰীৰ ৪টা উইকেট হেৰুৱায়। সেই সময়তে ক্রিজত মিলিত হোৱা হেইনৰিখ ক্লাছেন (৪১ বলত ৬২) আৰু অলৰাউণ্ডাৰ নীতিশ কুমাৰ ৰেড্ডীয়ে (৩৩ বলত ৫৬) প্রত্যাক্রমণ ঘটাই পঞ্চম উইকেটত ১১৬ ৰান যোগ দি দলীয় স্ক'ৰ ভদ্রস্থ অৱস্থানলৈ তুলি নিয়ে। 

প্রত্যুত্তৰত লক্ষ্ণৌৱে এইডেন মাৰ্কৰামৰ ২৭ বলত ৪৫ আৰু অধিনায়ক ঋষভ পণ্টৰ ৫০টা বলত অপৰাজিত ৬৮ ৰানেৰে ১টা বল বাকী থকা অৱস্থাত ৫টা উইকেট হেৰুৱাই ১৬০ ৰান কৰি লক্ষ্য অতিক্রম কৰে।

Share This