অতি উত্তম পাচলি জিকা; ইয়াৰ আছে নানা স্বাস্থ্য উপকাৰিতা

Rashmi May 06, 2026

ডিজিটেল ডেস্ক: জিকা সকলোৰে পৰিচিত এবিধ জনপ্ৰিয় পাচলি। এই পাচলি পুষ্টিৰে ভৰা। ইয়াত  আঁহ (fiber), ভিটামিন A, C আৰু পটাছিয়ামেৰে ভৰপূৰ হৈ থাকে। জিকা ভাজিৰ সোৱাদেই বেলেগ। মাছৰ জোলখনো জিকা, বিলাহীৰে ৰান্ধিলে খাবলৈ বৰ জুতি লাগে। তৰকাৰি ৰান্ধিলেও খাবলৈ তৃপ্তিদায়ক হয়। বহুতে জিকাৰ তৰকাৰিৰ উপৰি জিকা পুৰি তেল-নিমখ সানি খায়।  দাইলত দিও জিকা খাব পাৰি।  প্ৰকৃততে জিকা এবিধ উত্তম পাচলি। এই কোমল পাচলিবিধৰ বহুতো উপকাৰিতা আছে। 

জিকা অসমৰ বাহিৰেও দেশৰ সকলো প্ৰান্তৰ লোকেই ইয়াক খায়। জিকাক সংস্কৃতত ঝিংগাক, হিন্দীত জিঙলী আৰু বঙালীত ঝিংগা, ঝিকা বুলি কয়। ইয়াক ইংৰাজীত Ridge gourd বুলি কোৱা হয়। ইয়াৰ সেউজীয়া গাটোত কেইবাটাও সিৰা থাকে। ইয়াৰ বৈজ্ঞানিক নাম হৈছে Luffa acutangula. ইয়াৰ প্ৰস্তুতি অতি সহজ আৰু সিজিবলৈ সময়ো লয় কম। জিকাত বহুতো ঔষধি গুণ আছে। জিকাত ভিটামিন-চিৰ উপৰি আছে কার্বো হাইড্রেট, প্রোটিন, ফাইবাৰ আৰু ভিটামিন বি কমপ্লেক্স। 

জিকাৰ উপকাৰিতাসমূহ জানো আহক

১) মধুমেহ ৰোগীৰ বাবে উপকাৰী।

২) লিভাৰক সুস্থ ৰাখে।

৩) শৰীৰৰ উষ্ণতা নিয়ন্ত্ৰণ কৰে।

৪) ৰক্তহীনতা দূৰ কৰে।

৫) ছালৰ সতেজতা ধৰি ৰখাত সহায় কৰে।

৬) জিকাই দৃষ্টিশক্তি বৃদ্ধি কৰে।

৭) গেছৰ সমস্যা দূৰ কৰে।

৮) কৌষ্ঠ্য-কাঠিন্যতা দূৰ কৰে।

৯) কুকুৰীকণা ৰোগীৰ বাবেও জিকা সুপথ্য।

১০) ৰোগ প্রতিৰোধ ক্ষমতা বঢ়ায়।

১১) ফেটী লিভাৰ, ব্ৰংকাইটিছ আদি ৰোগ হ্ৰাস কৰিবলৈ জিকা খোৱা প্ৰয়োজন।

১২) ওজন হ্ৰাসত সহায় কৰে।


গতিকে জিকা খাওক আৰু সুস্বাস্থ্যৱান হৈ থাকক। আপোনাৰ খাদ্য তালিকাত জিকাক অন্তৰ্ভুক্ত কৰিবলৈ নাপাহৰিব।







উৎস : প্ৰাগ নিউজ ডিজিটেল

Share This