ডিজিটেল ডেস্ক : অৱশেষত আৰক্ষীৰ জালত পৰিল এ আইৰ দ্বাৰা ভিডিঅ' প্ৰস্তুত কৰি ৰাজ্যৰ বিশিষ্ট ব্যৱসায়ী তথা প্রাগ নিউজ আৰু দৈনিক জনমভূমিৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক ড° সঞ্জীৱ নাৰায়ণৰ ভাবমূর্তি ম্লান কৰিবলৈ অপচেষ্টা চলোৱা দুর্বৃত্তটো। কালি অসম আৰক্ষীৰ ক্রাইম বান্সে মহানগৰীৰ ৰূপনগৰৰ পৰা গ্ৰেপ্তাৰ কৰে এ আইৰ দ্বাৰা ভিডিঅ' প্ৰস্তুত কৰা মাধৱ বৰ্মন নামৰ লোকজনক। সম্প্রতি পাণবজাৰ থানাত ধৃত দুর্বৃত্তটোক আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে।
উল্লেখযোগ্য যে এ আইৰ দ্বাৰা ড° নাৰায়ণ আৰু গায়িকা মৰ্মিতা মিত্ৰৰ এটা নিকৃষ্ট ভিডিঅ' প্ৰস্তুত কৰি ছ'চিয়েল মিডিয়াত এৰি দিয়া হৈছিল। ইয়াৰ পাছতেই যোৱা ১৮ এপ্রিলত ড° নাৰায়ণে চি আই ডিৰ চাইবাৰ চেলত এখন এজাহাৰ দাখিল কৰি উক্ত ভুৱা ভিডিঅ'টো প্ৰস্তুত কৰা আৰু প্ৰচাৰ কৰাসকলৰ বিৰুদ্ধে কঠোৰ শাস্তি প্ৰদানৰ দাবী জনাইছিল। আনকি তেওঁ উক্ত ভিডিঅ'টো আপলোড কৰা Assamese Memes নামৰ পেজটোৰ কথাও এজাহাৰখনত উল্লেখ কৰিছিল। মন কৰিবলগীয়া কথা যে ৰাজ্যৰ এক চক্ৰই কিছুদিনৰ পৰা সামাজিক মাধ্যমত ড° নাৰায়ণৰ সন্মান হানি কৰাৰ বাবে অহৰহ চেষ্টা চলাই আছে। তেওঁলোকে কোনো প্রমাণ নোহোৱাকৈ ড° নাৰায়ণৰ বিৰুদ্ধে যিকোনো কথা ছ'চিয়েল মিডিয়াত লিখি থাকে। ইয়াৰে একাংশই আকৌ ভুৱা নাম ব্যৱহাৰ কৰি তেওঁক আক্ৰমণ কৰে। ড° নাৰায়ণে তেওঁৰ বিৰুদ্ধে অপপ্ৰচাৰত লিপ্ত হোৱা সকলোৰে বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি ইতিমধ্যে ঘোষণা কৰিছে।
আনকি দেওবাৰে তেওঁ ফে'চবুকত অপপ্ৰচাৰ চলোৱা নলবাৰীৰ জ্ঞানেন চক্ৰৱৰ্তী নামৰ এজন লোকৰ বিৰুদ্ধেও ক্রাইম বালৰ চাইবাৰ চেলত এখন এজাহাৰ দাখিল কৰিছে। চক্ৰৱৰ্তীয়ে ভিত্তিহীন আৰু উদ্দেশ্যপ্রণোদিতভাৱে অপপ্ৰচাৰ চলোৱাৰ কথা ব্যক্ত কৰি ড° নাৰায়ণে তেওঁৰ বিৰুদ্ধে তাৎক্ষণিকভাৱে ব্যৱস্থা গ্রহণৰ দাবী জনাইছে। এনে পৰিস্থিতিত এ আইৰ দ্বাৰা ভিডিঅ' প্ৰস্তুত কৰি আৰক্ষীৰ জালত পৰা মাধৱ বৰ্মনৰ পাছত আনাগত সময়ত জ্ঞানেন চক্ৰৱৰ্তীৰ বিৰুদ্ধে আৰক্ষীয়ে কি ব্যৱস্থা গ্ৰহণ কৰে, সেয়াহে হ'ব লক্ষণীয়।