মধুমিতাৰ একলম, ডঃ মধুমিতা শইকীয়া, সৌন্দৰ্য শিক্ষাবিদ
DainikJanambhumi
September 12, 2024
ডিজিটেল ডেস্কঃ বহুতে গৰমৰ দিনত এটা ডাঙৰ সমস্যাত ভোগে, সেইটো হৈছে নোমচিদ্ৰ সমুহ বহলি যোৱা। Enlarged pores বুলি কোৱা হয়। বহুতৰ ঠাণ্ডা দিনটো এই সমস্যা হোৱা দেখা যাব। ছালত BHA অৰ্থাৎ Beta Hydroxy Acid ৰ অভাৱ হলে এনে হয়। আমাৰ ছালত AHA,BHA,GHA নামৰ তিনিবিধ হাইড্ৰক্সি এচিড থাকে। ই কম পৰিমাণৰ থাকে যদিও অলপ কম- বেচ হ'লে ছালৰ সমস্যা আৰম্ভ হয়। তিনিওটাৰে বেলেগ বেলেগ কাম যদিও কেতিয়াবা ইটোৱে আনটোক বল দি ৰাখে। ইয়াক exfoliants হিচাপে জনাজাত। বহুতো ৰাসায়নিক প্ৰসাধনৰ ঐন্যতম মূল পদাৰ্থ হিচাপে পোৱা যায়। ইয়াক ছেলিছিলিক এচিদ বুলিও কয় ।
ছাল খন অসমান, বহল নোম চিদ্ৰ, পাতলকৈ ক'লা চামনি পৰা, মিহি বলি ৰেখা পৰিলে বাহা (BHA) প্ৰয়োজন হয়। চকলা টেঙা ( হয় , আমাৰ বিহু গীতৰ চকলা টেঙাটি), কফি গুটি, সেউজীয়া চাহ পাত, বাদাম, জলফাই, ৰবাব টেঙাৰ বাকলি, চজীনা গুটি আদিত পোৱা যায়। এনেদৰে ৰঘুমলা, অমৰ লতা, তামোলৰ বাকলি আদিত থাকে। ঔদ্যোগিক ভাৱে উইল' গছৰ বাকলি জ্বলাই ভিনেগাৰত দুবাই আহৰণ কৰে। ইয়াৰ পৰা ছেলিছিলিক এচিদ তৈয়াৰ কৰে।
আপোনাৰ যদি এনে সমস্যা হৈছে তেনে BHA therapy কৰাব পাৰে। সোনকালেই সুফল লাভ কৰিব।
ঘৰতে যদি যতন লৈ অলপ পলম হৈ যদিও ভাল হয়। ইয়াৰ বাবে আৰেহ Aréh চাবোনেৰে মুখ ধুব। ই বিৰিণা, গ্লীচাৰিণ, মৌ, ছালকোৱঁৰীৰে তৈয়াৰী বাবে ফেন নোলাই । ক্ৰীমৰ দৰে হে হয়। সেয়ে অলপ মালিচ কৰি পানীৰে ভাল কৈ ধুব। গামোচাৰে পানী টুকি লব। ৰঘুমলা, অমৰ লতা,বাদাম, জলফাই, ৰবাব টেঙাৰ বাকলিৰ, বৰা চাউলেৰে তৈয়াৰি এফপি৩ FP3 গাখীৰ বা দৈৰ লগত মিহলাই ছালত ১০; মিনিট লগাব । পানীৰে ধুব। চজীনা আৰু কেঁচা সোণ পানীৰে তৈয়াৰি গ্ৰীণ গোল্ড ছিৰাম লগাব। এই খিনি ৰাতি শোৱাৰ আগতে কৰিব। দিনৰ ভাগত নানান টেঙাৰে তৈয়াৰি চাইপ্ৰাছ ছিৰাম Citrus Serum আৰু পদুম ফুলেৰে তৈয়াৰী Hydra Padma লগাব। কিছু দিনৰ ভিতৰতে সুন্দৰ মিহি সমান দাগ বিহীন ছাল এখন পাব। পিছে অকল লগালেই ভাল নহয় । ভাল খাব, সময়ত খাব, সময়ত শুব, শাৰীৰিক পৰিশ্ৰম আৰু ব্যায়াম কৰিব। মনত বেছি দুখ, ঈৰ্ষা, খং উঠা আদি কথা নেভাবিব।
Share This