ডিজিটেল ডেস্ক : দেশৰ ৪৫ হাজাৰ পুথিভঁৰালত স্থান লাভ কৰিছে 'মহাবীৰ লাচিত বৰফুকন' নামৰ গ্ৰন্থখনে। মহাবীৰ লাচিত বৰফুকনৰ পৰাক্ৰম তথা বীৰত্বৰ গাথা সমগ্র দেশবাসীৰ আগত দাঙি ধৰাৰ বাবে অসম চৰকাৰে বিগত বছৰকেইটাত বিভিন্ন কার্যসূচী গ্রহণ কৰাৰ লগতে লাচিত বৰফুকনৰ বীৰত্বপূৰ্ণ জীৱন-গাথা গ্ৰন্থৰ জৰিয়তে সমগ্র দেশতে প্ৰচাৰ কৰাৰ এক অভিনৱ পদক্ষেপ গ্রহণ কৰিছিল। প্ৰকাশন পৰিষদৰ সচিব প্রমোদ কলিতাই প্রকাশ কৰা মতে, লাচিত বৰফুকনৰ জীৱনক লৈ এখন গ্রন্থ ৰচনা কৰি ভাৰতৰ, সংবিধান স্বীকৃত আটাইকেইটা ভাষালৈ অনুবাদ কৰাৰ বাবে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই অসম প্রকাশন পৰিষদক দায়িত্ব অর্পণ কৰাৰ পাছতেই প্রকাশন পৰিষদে এই গ্রন্থখন ৰচনা কৰাৰ বাবে প্রথিতযশা লেখক অৰূপ কুমাৰ দত্তক দায়িত্ব দিছিল। আনহাতে, নির্দিষ্ট সময়ৰ ভিতৰত এই গ্রন্থখন ভাৰতৰ সংবিধান স্বীকৃত আটাইকেইটা ভাষালৈ অনুবাদ কৰাৰ বাবে সমগ্র দেশতে মুঠ ২৩গৰাকী অনুবাদকক দায়িত্ব অর্পণ কৰা হৈছিল।
অনুবাদ কার্য শেষ হোৱাৰ লগে লগে ২৩টা ভাষাৰ পৰা একোগৰাকীকৈ সম্পাদকক গ্রন্থখন সম্পাদনা কৰাৰ বাবে পৰিষদে নিযুক্ত কৰিছিল। লেখক অৰূপ কুমাৰ দত্তই ইংৰাজী ভাষাত ৰচনা কৰা 'আছামছ ব্রেভহার্ট লাচিত বৰফুকন' গ্রন্থখন নির্দিষ্ট সময়ত পৰিষদৰ হাতত তুলি দিয়াৰ পাছতে অনুবাদ কাৰ্য আৰম্ভ হৈছিল। অসমীয়া, নেপালী, বড়ো, মণিপুৰী, বাংলা, চাওতালী (চান্থাল), মৈথেলী, উড়িয়া, তেলুগু, তামিল, কানাড়া, মালয়ালম, কংকোনী, মাৰাঠী, গুজৰাটী, উর্দু, সংস্কৃত, পাঞ্জাবী, কাশ্মীৰী, ডোগ্রী, সিন্ধী আৰু হিন্দী ভাষাৰ লগতে ৰাজস্থানী ভাষালৈকো গ্ৰন্থখন অনুবাদ কৰি আঠ মাহৰ ভিতৰতে মুঠ ২৪টা ভাষাত প্ৰকাশৰ ব্যৱস্থা কৰা হৈছিল। অৱশেষত যোৱা ২০ জানুৱাৰীত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্রত কেন্দ্রীয় গৃহ মন্ত্রী অমিত শ্বাহে ২৩টা ভাষালৈ অনূদিত হোৱা এই গ্রন্থখন উন্মোচন কৰিছিল।
সচিব কলিতাই জানিবলৈ দিয়া মতে, এই উন্মোচন কার্য সুকলমে হৈ যোৱাৰ পাছতেই মুখ্যমন্ত্ৰীয়ে অসম প্রকাশন পৰিষদক দেশৰ সকলো বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়ৰ পুথিভঁৰালৰ লগতে সমগ্ৰ দেশৰ চৰকাৰী আৰু চৰকাৰী স্বীকৃতিপ্রাপ্ত পৃথিভঁৰালৰ ঠিকনা সংগ্ৰহ কৰি উক্ত পুথিভঁৰালসমূহলৈ লাচিত বৰফুকনক লৈ ৰচিত গ্ৰন্থখনৰ দুটাকৈ কপি প্ৰেৰণ কৰাৰ দায়িত্ব দিছিল। এনেদৰে গ্ৰন্থ প্ৰেৰণ কৰোঁতে যাতে প্ৰতিখন ৰাজ্যত প্রচলিত ভাষাৰ গ্ৰন্থহে সেই ৰাজ্যৰ পুথিভঁৰাললৈ প্ৰেৰণ কৰা হয়; সেই ক্ষেত্রত নজৰ ৰাখিবলৈ মুখ্যমন্ত্ৰীয়ে প্রকাশন পৰিষদক নির্দেশ দিছিল। ইয়াৰ পাছতেই অসম প্রকাশন পৰিষদে দেশৰ মুঠ ৪৫ হাজাৰ পুথিভঁৰালৰ ঠিকনা সংগ্ৰহ কৰি সেই পুথিভঁৰালসমূহলৈ গ্ৰন্থখনৰ দুটাকৈ কপি প্ৰেৰণ কৰা কাৰ্য আৰম্ভ কৰিছিল। ইতিমধ্যে গ্রন্থ প্ৰেৰণৰ কাম সম্পূৰ্ণ হৈছে। আনহাতে, বহুতো আগশাৰীৰ বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়ে তেওঁলোকৰ পুথিভঁৰালৰ গুৰুত্বপূৰ্ণ গ্ৰন্থৰ তালিকাৰ মাজত এই গ্ৰন্থখন অন্তর্ভুক্ত কৰিছে।
ইতিমধ্যে দিল্লী বিশ্ববিদ্যালয়ৰ জাকিৰ হুছেইন কলেজৰ পুথিভঁৰালত নতুনকৈ অন্তর্ভুক্ত হোৱা গ্রন্থ প্রদর্শন (Display)ত লাচিত বৰফুকন বিষয়ক মূল ইংৰাজী গ্ৰন্থখন জিলিকিছে। কেৰালাৰ ৰামাপুৰমৰ জি ই এম এছ কলেজৰ পুথিভঁৰালত প্ৰদৰ্শনৰ (Dis-play) বাবে ৰখা বিখ্যাত লেখকৰ গ্ৰন্থৰ স্থানতো মালায়লম ভাষালৈ অনূদিত গ্রন্থখনে স্থান লাভ কৰিছে। এনেদৰেই বহু বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়ৰ পুথিভঁৰালত এতিয়া 'মহাবীৰ লাচিত বৰফুকন' গ্ৰন্থখন জিলিকিছে বুলি অসম প্ৰকাশন পৰিষদৰ সচিব কলিতাই প্রকাশ কৰিছে।