MENU

বলিউড কঁপাবলৈ সাজু ভাইৰেল গাৰ্ল মনালিছা 

Kakali Deka February 01, 2025

ডিজিটেল ডেস্ক: ভাগ্য সলনি হ’ল মনালিছাৰ।মহাকুম্ভলৈ আহি মনালিছাই লাভ কৰিলে হিন্দী চিনেমাত অভিনয় কৰাৰ প্ৰস্তাৱ।মধ্য প্ৰদেশৰ ইন্দোৰৰ পৰা মহাকুম্ভত উপস্থিত হৈ মালা বিক্ৰী কৰি ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছিল মনালিছা। সুন্দৰ চকুযুৰিৰ বাবে বিশেষভাৱে ভাইৰেল হৈ পৰিছিল মনালিছা। 

সামাজিক মাধ্যমত বহুলভাৱে ভাইৰেল হৈ পৰা মনালিছাই এতিয়া এখন হিন্দী চিনেমাত অভিনয় কৰাৰ সুযোগ লাভ কৰিছে।এতিয়া ৰূপালী পৰ্দাত চমক দিবলৈ সাজু হৈছে মহাকুম্ভৰ মনালিছা।মনালিছা ভোছলেক পৰিচালক সনোজ মিশ্ৰই তেওঁৰ চিনেমা ‘দ্য ডায়েৰী অব্ মণিপুৰ’ত এক গুৰুত্বপূৰ্ণ ভূমিকাৰ প্ৰস্তাৱ দিয়া বুলি জানিব পৰা গৈছে।

সনোজ মিশ্ৰই সামাজিক মাধ্যমযোগে এই কথা প্ৰকাশ কৰিছে।সংঘৰ্ষজৰ্জৰ চিনেমাখনত মনালিছাৰ ভূমিকা তেওঁৰ স্বাভাৱিক জীৱনৰ সৈতে মিল থকা হ’ব বুলিও সনোজ মিশ্ৰই উল্লেখ কৰে।

Share This