ডিজিটেল ডেস্ক : জগতগুৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ স্মৃতি বিজড়িত ইতিহাস প্রসিদ্ধ বটদ্ৰৱাৰ ৰামপুৰ সত্ৰৰ ভূমিত মাদ্ৰাছা স্থাপনক কেন্দ্ৰ কৰি সৰ্বত্ৰ তীব্র প্রতিক্ৰিয়াৰ সৃষ্টি হৈছে। গুৰুজনাৰ পৱিত্ৰ স্থান ঐতিহাসিক বটদ্ৰৱা থানৰ সমীপৱৰ্তী ৰামপুৰ সত্ৰত গঢ় লৈ উঠা ৰামপুৰ সত্ৰ আজান পীৰ ছোবাহী মোক্তাব' নামৰ মাদ্ৰাছাক লৈ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই শনিবাৰে সামাজিক এক ভিডিঅ' প্রকাশ কৰি এই কার্যত তীব্র প্রতিক্রিয়া প্রকাশ কৰি কয়, 'এই ভিডিঅ'টি লাভ কৰি মনটো গভীৰ উদ্বেগ আৰু দুখেৰে ভৰি উঠিছে।' লগতে তেওঁ কয় যে মহাপুৰুষ শ্রীমন্ত শংকৰদেৱ গুৰুজনাই আদিপাঠ গ্রহণ কৰা মহেন্দ্ৰ কন্দলী সংস্কৃত টোলৰ স্থানত জন্ম হৈছে 'ৰামপুৰ সত্র আজান পীৰ ছোবাহী মোক্তাব' নামৰ অনুষ্ঠান। ঐতিহাসিক ৰামপুৰ সত্ৰৰ ভিতৰত এনে অবৈধ গাঁথনি নির্মাণ কৰি এচামে আমাৰ সংস্কৃতি-ঐতিহ্যক ইচ্ছাকৃতভাৱে আঘাত কৰা কাৰ্য সঁচাকৈয়ে অতিকৈ চিন্তনীয়। তেওঁ আৰু কয়, 'অসমৰ সকলো সচেতন জনসাধাৰণে এতিয়া এই ক্রমবর্ধমান আগ্রাসন কাৰ্যৰ বিৰুদ্ধে মাত মাতিছে আৰু আমি এই বিষয়সমূহক লৈ নিশ্চিতকৈ পদক্ষেপ গ্রহণ কৰিবই লাগিব।' মুখ্যমন্ত্ৰীগৰাকীৰ এই প্ৰতিক্ৰিয়াৰ পাছতেই সত্ৰৰ অস্তিত্ব আৰু সত্ৰসমূহলৈ অহা ভাবুকিৰ প্ৰতিও প্রশ্ন উত্থাপন হোৱাৰ লগতে সমগ্ৰ বিষয়টো লৈ সকলো উদ্বিগ্ন হৈ পৰিছে। বিশেষকৈ গুৰুজনাৰ পৱিত্ৰ জন্ম স্থানৰ কাষতে আন এখন অধুনালুপ্ত সত্ৰৰ ভূমিত একাংশ লোকে মৰসাহ কৰি মাদ্ৰাছা স্থাপন কৰা ঘটনাই সচেতন ৰাইজৰ মাজতো তীব্র প্রতিক্ৰিয়াৰ সৃষ্টি কৰিছে।
তাৎপৰ্যপূৰ্ণ বিষয় এয়ে যে সত্র হ'ল অসমীয়া সংস্কৃতিৰ নাভিকেন্দ্ৰ। সত্ৰ সভ্যতা আর্য সভ্যতাৰ দিনতো আছিল। মহাপুৰুষ শংকৰ গুৰুৱে সত্ৰ সংস্কৃতিক পুনঃ প্রতিষ্ঠা কৰিছিল। গুৰুজনাৰ পৰৱৰ্তী সময়তো বৈষ্ণৱ গুৰুসকলে সত্ৰ প্ৰতিষ্ঠাৰ কথা জানিবলৈ পৰা যায়। বৈষ্ণৱ যুগত প্রতিষ্ঠা লাভ কৰা অসমৰ এখন ঐতিহ্যমণ্ডিত সত্ৰৰ অস্তিত্ব বিচাৰি পোৱা নাযায়। জগত গুৰুজনাৰ জন্মস্থান বটদ্ৰৱাৰ নিচেই দাঁতি-কাষৰীয়া এই সত্ৰখনৰ নাম হ'ল ৰামপুৰ সত্ৰ। তাহানিৰ বৰলুইতৰ এৰাসুঁতি 'বাসুঁতিজান'ৰ কাষত ৰামপুৰ নামৰ ঠাইত বাৰভূঞা শান্তনুৱে বসতি কৰাৰ কথা এডৱাৰ্ড গেইট চাহাবৰ 'আসাম বুৰঞ্জী' অৰু সাহিত্যৰথী বেজবৰুৱাৰ শংকৰ মাধৱৰ চৰিতত উল্লেখ আছে। তদুপৰি গুৰুজনাই বটদ্ৰৱাৰ সমীপৱৰ্তী ৰামপুৰ নামৰ ঠাইত অৱস্থিত মহেন্দ্ৰ কন্দলী সংস্কৃত বিদ্যাপীঠত শিক্ষাগ্রহণ কৰাৰ কথা হৰি নাৰায়ণ দত্ত বৰুৱা ৰচিত 'কায়স্থ সমাজৰ ইতিবৃত্ত' নামৰ গ্ৰন্থত উল্লেখ কৰিছে। সম্প্ৰতি ৰামপুৰ সত্ৰৰ কোনো অস্তিত্ব নাই। জানিব পৰা মতে, মানৰ অসম আক্ৰমণৰ পাছত নৰোৱা সত্ৰাধিকাৰ লক্ষীদেৱৰ দিনতে ৰামপুৰৰ ভকত-বৈষ্ণৱসকল বিভিন্ন স্থানলৈ গুচি যায়। আনহাতে, ৰামপুৰত কলেৰা হাইজা বেমাৰৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি পোৱাত সেই স্থানত মানুহ থাকিবলৈ অনিচ্ছুক হয়। ইয়াৰ পাছত কিছু লোক বটদ্ৰৱালৈ আৰু আন কিছুমান অবিভক্ত নগাঁৱৰ তেলাহি ধৰমতুলৰ ফালে গুচি যায়। কিছুসংখ্যক ৰামপুৰৰ মানুহে বালিসত্রত থাকে। বালিসত্ৰত আজিও ৰামপুৰীয়া গাঁও এখন আছে। ১৯০১-১৯০২ চন মানৰ ভিতৰত ৰামপুৰত খিলঞ্জীয়া অসমীয়া মানুহৰ জনবসতি সম্পূর্ণ পৰিত্যক্ত হয়। নগাঁও জিলাৰ বৰ্তমানৰ ধিং ৰাজহ চক্ৰৰ ৰামপুৰ কিছামতত সত্ৰখনৰ নামত ৫০০ একৰ ভূমি আহোম স্বৰ্গদেউ লক্ষী সিংহৰ ৰাজত্বকালত ১৬৯৪ শকত বৰদোৱা আৰু বালিসত্ৰৰ মাজত ৰামপুৰ সত্ৰৰ নামত আবণ্টিত হৈছিল। আহোম স্বৰ্গদেউৰ ৰাজত্বৰ সময়তে এখন তামৰ ফলি কৰি দিছিল সত্ৰৰ ভূমি-সম্পদসমূহৰ বিষয়ে। ঐতিহাসিক নৰোৱা সত্ৰৰ প্ৰয়াত অধিকাৰ বামদেৱ আতাই প্রতিষ্ঠা কৰিছিল বটদ্ৰৱা আৰু বালিসত্ৰৰ মাজত এইখন ৰামপুৰ সত্ৰৰ। বামদেৱ আতাই প্ৰতিষ্ঠা কৰা ৰামপুৰ সত্ৰত এটা সময়ত সত্ৰৰ সংস্কৃতিৰ চৰ্চা আৰু অনুশীলন হৈছিল। সত্ৰৰ ভকতসকল আৰু কীৰ্তনঘৰৰ ভেটিটো ওখ ওখ আছিল। ঊনবিংশ শতিকাৰ মাজভাগলৈকে সত্ৰৰ নামঘৰত নাম-কীৰ্তন বটদ্ৰৱা থুলৰ আর্হিত প্ৰসংগ হৈছিল।
সম্ভৱতঃ ১৯৫৩ চনমানলৈ বটদ্ৰৱা নৰোৱা সত্ৰৰ বাপুতি নামলগোৱা নামৰ এজন নামাচাৰ্যই ৰামপুৰ সত্ৰৰ নামঘৰত নাম-প্ৰসংগ কৰিছিল। পৰৱৰ্তী সময়ত ৰামপুৰৰ কীৰ্তনঘৰ জহি-খহি গৈছিল। পমুৱা মুছলমানৰ দখলত এটা সময়ত উছন হ'ল ৰামপুৰ নামৰ শস্যে-মৎস্যে উভৈনদী গুৰুজনাৰ সংস্কৃতিৰ এক পীঠস্থান। ১৯৭১ চনত ভাৰতৰ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে বলৱৎ কৰা চিলিং আইনে ৰামপুৰৰ সত্ৰৰ নামত থকা ভূমি স্বত্ব পমুৱা মুছলমানৰ দখললৈ নিয়ে। মাথোন ২৯৭ বিঘা ভূমিহে সত্ৰাধিকাৰৰ নিস্পৃখেৰাজত থাকি যায়। ১৯৬৬-৬৭ চনতেই ৰামপুৰ সত্ৰৰ বেদখলমুক্ত কৰাৰ বাবে বটদ্ৰৱাৰ নৰোৱা সত্ৰৰ পূৰ্বৰ অধিকাৰ পূৰ্ণ চন্দ্ৰ দেৱ গোস্বামীয়ে আদালত, ৰেভিনিউ ব'র্ড, চক্র বিষয়া ধিঙত মোকদমা কৰিছিল। ক'র্টে সেই সময়ৰ নগাঁও জিলা উপায়ুক্তক পদক্ষেপ গ্রহণ কৰিবৰ বাবে নির্দেশ দিছিল যদিও তেতিয়াৰ নগাঁও জিলা প্রশাসনে ৰঙা ফিতাৰ মেৰপাকত কোনো ধৰণৰ ব্যৱস্থা গ্রহণ নকৰিলে বুলি জানিব পৰা গৈছে। গুৰুজনাৰ শৈশৱৰ পঢ়াশালি মহেন্দ্র কন্দলী সংস্কৃত টোলখন এই ৰামপুৰ সত্ৰতে আছিল। কিন্তু এই ঐতিহাসিক স্থানত গঢ়ি উঠিছে মাদ্রাছা। ২০২৩ চনত স্থাপন হয় এই ৰামপুৰ সত্ৰ আজান পীৰ ছোবাহী মোক্তাব। লক্ষণীয়ভাৱে ৰামপুৰ সত্ৰৰ নামত থকা ২৯৭ বিঘা মাটিৰো এতিয়া অধিকাংশ বেদখলকাৰীৰ কবলত আছে। ইপিনে, ৰামপুৰ সত্ৰত স্থাপন কৰা 'ৰামপুৰ সত্ৰ আজান পীৰ ছোবাহী মোক্তাব'ৰ ছাইনব'ৰ্ডখন এই প্রতিক্ৰিয়াৰ পাছতেই আঁতৰাই দিয়া বুলি জানিব পৰা গৈছে।