ডিজিটেল ডেস্ক : উত্তৰ-পূৰ্বাঞ্চলক গৌৰৱান্বিত কৰি নতুন দিল্লীৰ বিজ্ঞান ভৱনত প্রধানমন্ত্রী মোদীৰ সৈতে মত বিনিময় কৰিলে অসমৰ এগৰাকী যুৱ উদ্যোগপতিয়ে। গোৱালপাৰাস্থিত SEAS Biotech-ৰ প্ৰতিষ্ঠাপক আৰু পৰিচালক সমর্থ হাৰলালকাক প্রধানমন্ত্রী বীক্ষিত ভাৰত ৰোজগাৰ যোজনা কাৰ্যসূচীৰ পূৰ্বে ১৯ জুনত নতুন দিল্লীৰ বিজ্ঞান ভৱনত অনুষ্ঠিত এক বিশেষ মত বিনিময় সভাত অংশগ্ৰহণৰ বাবে নির্বাচিত কৰা হয়।
দেশজুৰি নিৰ্বাচিত হোৱা মাত্র ২০গৰাকী অংশগ্ৰহণকাৰীৰ ভিতৰত গোৱালপাৰাৰ ইথানল উদ্যোগৰ পথ প্ৰদৰ্শক সমর্থ হাৰলালকাই আছিল উত্তৰ-পূৰ্বাঞ্চলৰ একমাত্ৰ যুৱ উদ্যোগপতি। ই পি এফ অ'ৰ গুৱাহাটীৰ আঞ্চলিক কাৰ্যালয়ৰ মনোনয়নৰ ভিত্তিত সমর্থ হাৰলালকাই একাধিক পৰ্যায়ৰ বাছনী প্রক্রিয়া সফলতাৰে অতিক্ৰম কৰি সমগ্ৰ দেশৰ পৰা নিৰ্বাচিত ২০গৰাকী অংশগ্ৰহণকাৰীৰ মাজত স্থান লাভ কৰে। এই ২০গৰাকীৰ ভিতৰত মাত্ৰ চাৰিগৰাকী নিয়োগকর্তা (Employer) অন্তর্ভুক্ত আছিল, যিসকলৰ প্ৰধানমন্ত্ৰীৰ সৈতে প্রত্যক্ষ মত বিনিময়ৰ সুযোগ হৈছিল। মত বিনিময়ৰ সময়ত সমৰ্থ হাৰলালকাই গোৱালপাৰাত স্থাপিত অসমৰ ইথানল উৎপাদন প্রতিষ্ঠান SEAS Biotech-ৰ অনুপ্ৰেৰণাদায়ক যাত্ৰাৰ বিষয়ে প্রধানমন্ত্রীক অৱগত কৰে।
প্ৰতিষ্ঠানটোৱে আৰম্ভণিৰ সময়ত ৰাজ্যৰ বাহিৰৰ দক্ষ কৰ্মীৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হৈছিল যদিও বর্তমান স্থানীয়ভাবে ব্যাপক কর্মসংস্থাপনৰ সৃষ্টি কৰিবলৈ সক্ষম হৈছে বুলি উল্লেখ কৰি তেওঁ প্ৰধানমন্ত্ৰীক বর্তমান প্রতিষ্ঠানটোৰ প্ৰায় ২৭০জনীয়া কর্মী বাহিনীৰ ভিতৰত ২২০জনতকৈ অধিক থলুৱা অসমীয়া কৰ্মচাৰী নিয়োজিত হৈ আছে বুলি জানিবলৈ দিয়ে। প্রধানমন্ত্রী মোদীয়ে প্রতিষ্ঠানটোৰ বিকাশ আৰু মানৱ সম্পদ উন্নয়নৰ ক্ষেত্ৰত বিশেষ আগ্রহ প্রকাশ কৰে আৰু স্থানীয় কর্মসংস্থান সৃষ্টিৰ লগতে প্রতিষ্ঠানটোত মহিলাসকলৰ অংশগ্রহণ সম্পর্কেও সমর্থ হাৰলালকাৰ সৈতে একান্তভাৱে আলোচনা কৰে।
প্ৰধানমন্ত্ৰীৰ সৈতে হোৱা এই বিশেষ মত বিনিময়ৰ পাছত সমৰ্থ হাৰলালকাই এই অভিজ্ঞতাক অত্যন্ত অনুপ্ৰেৰণামূলক আৰু স্মৰণীয় বুলি অভিহিত কৰাৰ লগতে অসমৰ দৰে অঞ্চলৰ উদ্যোগপতিসকলক দেশৰ বিকাশৰ যাত্ৰাত সক্রিয়ভাৱে অংশগ্ৰহণ কৰাৰ সুযোগ সৃষ্টি কৰি বৃহৎ পৰিসৰৰ কর্মসংস্থাপন গঢ়ি তোলাত সহায় কৰা নীতি-ব্যৱস্থা গঢ়ি তোলাৰ বাবে তেওঁ প্ৰধানমন্ত্ৰীৰ প্ৰতি কৃতজ্ঞতা প্রকাশ কৰে।