নামনি মাজুলীলৈ ভয়ংকৰ খহনীয়াৰ ভাবুকি

dainik janambhumi June 15, 2026

ডিজিটেল ডেস্ক : বিশ্বৰ সৰ্ববৃহৎ নদীদ্বীপ মাজুলীৰ নামনি অংশত ব্ৰহ্মপুত্ৰৰ ভয়াৱহ খহনীয়াই পুনৰ এক ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰিছে। যি সময়ত বৃহত্তৰ নামনি মাজুলীৰ অস্তিত্বক লৈ সচেতন মহলে উদ্বেগ প্রকাশ কৰি আহিছে, সেই সময়তে কমলাবাৰী মৌজাৰ কৰ্দৈগুৰি অঞ্চলত সংঘটিত ধাৰাবাহিক খহনীয়াই ৰাইজৰ শংকা অধিক বৃদ্ধি কৰিছে। উল্লেখযোগ্য যে খহনীয়া প্ৰতিৰোধৰ বাবে জলসম্পদ বিভাগে উক্ত অঞ্চলত কেইদিনমান পূর্বে সুৰক্ষামূলক ব্যৱস্থা গ্রহণ কৰিছিল। কিন্তু আশ্চর্যজনকভাৱে বিভাগে মাত্র তিনিদিন পূর্বে সম্পন্ন কৰা কামৰ একাংশ ইতিমধ্যে ব্রহ্মপুত্ৰৰ ভয়ংকৰ গৰাখহনীয়াত জাহ গৈছে। ইয়াৰ ফলত অঞ্চলটোৰ ৰাইজৰ মাজত বিভাগীয় কামৰ গুণগত মান আৰু কাৰ্যকাৰিতাক লৈ পুনৰ প্ৰশ্ন উত্থাপিত হৈছে। 

স্থানীয় সূত্রে জানিবলৈ দিয়া মতে, কৰ্দৈগুৰি অঞ্চলত ব্রহ্মপুত্রই এতিয়া সংহাৰী ৰূপ ধাৰণ কৰিছে। বিঘাই বিঘাই কৃষিভূমি নদীৰ বুকুত বিলীন হোৱাৰ লগতে বহু স্থানত বৃহৎ বৃহৎ অংশ জাহ যোৱাৰ দৃশ্যই আতংকৰ সৃষ্টি কৰিছে। অঞ্চলটোত খহনীয়াই এনে ৰূপ ধাৰণ কৰিছে যে কৰ্দৈগুৰি মূল পথটো নিশ্চিহ্ন হ'বলৈ মাত্র প্রায় ২ মিটাৰ দূৰত্বহে বাকী আছে। ইফালে, ব্রহ্মপুত্ৰ ব'ৰ্ড আৰু জলসম্পদ বিভাগৰ পৰিকল্পনাহীন কামৰ ফলতেই বৃহত্তৰ নামনি মাজুলী এতিয়া অস্তিত্বৰ সংকটৰ সন্মুখীন হৈছে বুলি অভিযোগ উত্থাপন কৰিছে স্থানীয় লোকে। কৰ্দৈগুৰিৰ লগতে মহৰিচুক অঞ্চলতো খহনীয়াৰ ভয়াৱহতাই চিন্তিত কৰি তুলিছে। ভুক্তভোগী ৰাইজে অভিযোগ কৰি কয় যে প্রতিবছৰে কোটি কোটি টকা ব্যয় কৰি খহনীয়া প্ৰতিৰোধী আঁচনি ৰূপায়ণ কৰা হয় যদিও বাৰিষা খহনীয়াত অধিকাংশ আঁচনি জাহ যায়। ফলত স্থায়ী সমাধানৰ সলনি অস্থায়ী ব্যৱস্থাৰ নামত ৰাজহুৱা ধনৰ অপচয়হে চলি আছে। ৰাইজৰ মতে, একালৰ বৃহৎ আঁহতগুৰি মৌজা যিদৰে ব্ৰহ্মপুত্ৰৰ বুকুত হেৰাই গৈছিল, একেই পৰিণতি বৃহত্তৰ নামনি মাজুলীৰো হ'ব পাৰে, যদি সময় থাকোঁতেই বিজ্ঞানসন্মত আৰু স্থায়ী খহনীয়া প্ৰতিৰোধী ব্যৱস্থা গ্ৰহণ কৰা নহয়। সেয়েহে কৰ্দৈগুৰি, মহৰিচুক, ভকতচাপৰি, ভালুকমৰা, মালাপিন্ধা আদি সংকটজনক অঞ্চলসমূহত আধুনিক বিজ্ঞানসন্মত শৈলস্পাৰ, শক্তিশালী মথাউৰি আৰু স্থায়ী খহনীয়া প্ৰতিৰোধী ব্যৱস্থা নিৰ্মাণৰ দাবী জনাইছে স্থানীয় ৰাইজে। 

ৰাইজৰ স্পষ্ট বক্তব্য-কেৱল পৰিদৰ্শন, ঘোষণা বা অস্থায়ী ব্যৱস্থাৰে মাজুলীক ৰক্ষা কৰা সম্ভৱ নহয়; প্রয়োজন স্বচ্ছতা, সুপৰিকল্পিত কার্যসূচী আৰু স্থায়ী সমাধান। এতিয়া প্রশ্ন উত্থাপিত হৈছে-কৰ্দৈগুৰিবাসীৰ এই আৰ্তনাদ চৰকাৰ আৰু জলসম্পদ বিভাগে কেতিয়া শুনিব? প্রতিবছৰে আঁচনিৰ নামত কোটি কোটি টকা ব্যয় হোৱাৰ পাছতো কিয় আজিও মাজুলীৰ খহনীয়া সমস্যাৰ বিজ্ঞানসন্মত স্থায়ী সমাধান উলিয়াব পৰা হোৱা নাই? এই প্ৰশ্নৰ উত্তৰ বিচাৰিছে সমগ্র নামনি মাজুলীৰ ৰাইজে।

Share This