ডিজিটেল ডেস্ক : পশ্চিম বংগত তৃণমূল কংগ্ৰেছৰ (টি এম চি) আই টি চেলৰ মুৰব্বী প্রতীক জৈনৰ ঘৰ আৰু কাৰ্যালয়ত বৃহস্পতিবাৰে ই ডিয়ে চলোৱা তালাচীৰ বিৰুদ্ধে টি এম চিয়ে শুকুৰবাৰে দিল্লীৰ পৰা কলকাতালৈ প্রতিবাদ সাব্যস্ত কৰে। দিল্লীত টি এম চিৰ সাংসদসকলে কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়ৰ বাহিৰত ধৰ্ণা প্রদর্শন কৰে। এই প্রতিবাদত অংশগ্ৰহণ কৰে সাংসদ ডেৰেক অ'ব্রায়েন, শতাব্দী ৰয়, মহুৱা মৈত্র, বাপী হালদাৰ, সাকেত গোখলে, প্রতিমা মণ্ডল, কীর্তি আজাদ আৰু শর্মিলা সৰকাৰে। আৰক্ষীয়ে তেওঁলোকক আটক কৰি পাছত মুকলি কৰি দিয়ে।
মহুৱা মৈত্ৰই ই ডিক 'এক্সটৰশ্যন ডিৰেক্টৰেট' (ধন দাবী সঞ্চালকালয়) আখ্যা দিয়ে আৰু ২০২৬ৰ নিৰ্বাচনৰ আগত ই ডিক 'ৰাজনৈতিক চোৰাংচোৱা গিৰি'ত ব্যৱহাৰ কৰা বুলি অভিযোগ কৰে। তেওঁ অজিত পাৱাৰ, হিমন্ত বিশ্ব শৰ্মা, শুভেন্দু অধিকাৰী আৰু নাৰায়ণ ৰাণেৰ কথা উল্লেখ কৰি তেওঁলোকক বিজেপিৰ 'ৱাশ্বিং মেচিন'ৰ হিতাধিকাৰী বুলি অভিযোগ কৰে। টি এম চিৰ মুৰব্বী তথা ৰাজ্যখনৰ মুখ্যমন্ত্রী মমতা বেনাৰ্জীয়ে ই ডিৰ বিৰুদ্ধে দুখন এফ আই আৰ ৰুজু কৰায়। তেওঁ কলকাতাত এটা বৃহৎ প্রতিবাদী শোভাযাত্ৰাৰো নেতৃত্ব দিয়ে।
উক্ত শোভাযাত্ৰাৰ সময়তে বেনার্জীয়ে দাবী কৰে যে তেওঁৰ ওচৰত কেন্দ্রীয় গৃহ মন্ত্রী অমিত শ্বাহৰ বিৰুদ্ধে এটা পেন ড্রাইভ আছে। তেওঁ কয়, 'দিল্লীত থকা বিজেপিৰ জ্যেষ্ঠ নেতাসকললৈকে কয়লা কেলেংকাৰিৰ ধন যায়। মোৰ ওচৰত ইয়াৰ প্ৰমাণ আছে। প্রয়োজন হ'লে এইবোৰ ৰাইজৰ আগত দাখিল কৰিম।' বেনাৰ্জীয়ে আৰু কয়, 'কয়লা কেলেংকাৰিৰ টকা শুভেন্দু অধিকাৰীয়ে (ৰাজ্যিক বিজেপিৰ প্ৰাক্তন সভাপতি) ব্যৱহাৰ কৰিছিল আৰু অমিত শ্বাহলৈ প্রেৰণ কৰিছিল। মই সাধাৰণতে প্রতিক্রিয়া প্রকাশ নকৰোঁ, কিন্তু কোনোবাই মোক যদি জোকাই লয়, তেতিয়া মই নেৰোঁ।' ইফালে, কলকাতা উচ্চ ন্যায়ালয়ৰ চৌহদত বৃহৎ ভিৰ আৰু হুলস্থুলৰ বাবে ই ডিয়ে বেনাৰ্জীৰ বিৰুদ্ধে দাখিল কৰা আৱেদনৰ শুনানি ন্যায়ালয়ে পিছুৱাই দিয়ে। তালাচীৰ সময়ত হস্তক্ষেপ কৰাৰ বাবে মমতা বেনাৰ্জীৰ বিৰুদ্ধে এই আৱেদনত এফ আই আৰ দাখিলৰ অনুৰোধ জনোৱা হৈছে।