প্ৰতিবাদৰ জুইত উত্তপ্ত মণিপুৰ

dainik janambhumi June 09, 2025

ডিজিটেল ডেস্ক : মণিপুৰত নতুন চৰকাৰ গঠনৰ বাবে প্রস্তুতি চলাই থকাৰ সময়তে শনিবাৰে নিশা পুনৰ হিংসাত্মক ঘটনা ঘটে আৰু ইয়াৰ ফলত দুখন জিলাত সান্ধ্য আইন জাৰি কৰাৰ লগতে পাঁচখন জিলাত ইণ্টাৰনেট সেৱা বন্ধ কৰি দিয়া হয়। ৰাজ্যখনত কানন সিঙকে ধৰি মেইটেই সংগঠন অৰম্বাই টেংগলৰ পাঁচজন নেতাক গ্ৰেপ্তাৰ কৰাৰ বিৰোধিতা কৰি সম্প্রদায়টোৰ লোকসকলে কৰা প্ৰতিবাদৰ ফলত পৰিস্থিতি পুনৰ উত্তপ্ত হৈ পৰে। ২০২৩ চনত হিংসাত উচটনি যোগোৱাৰ অভিযোগত উক্ত নেতাকেইজনক চি বি আয়ে গ্রেপ্তাৰ কৰাৰ খবৰ বিয়পি পৰাৰ লগে লগে শনিবাৰে নিশাৰ পৰা প্ৰতিবাদত উত্তাল হৈ পৰে ৰাজ্যখন। ৰাজ্যখনৰ কেইবাঠাইতো প্রতিবাদে হিংসাত্মক ৰূপ লয়। ৰাজধানী ইম্ফলৰ কেইবাটাও স্থানত প্রতিবাদকাৰীয়ে গাড়ীত অগ্নিসংযোগ কৰে। 

পথত টায়াৰ জ্বলোৱাৰ লগতে পুৰণি আচবাব-পত্ৰ জ্বলাই প্রতিবাদ কৰে। কেইবাঠাইত প্রতিবাদকাৰীয়ে নিৰাপত্তা বাহিনীলৈ শিলগুটি দলিয়ায়। ইম্ফলত একাংশ প্রতিবাদকাৰীয়ে গাত পেট্রল ঢালি জুই লগাই আত্মহত্যাৰ চেষ্টা কৰে। উত্তপ্ত পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত চৰকাৰে শনিবাৰে নিশা ১১-৪৫ বজাৰ পৰা পাঁচদিনৰ বাবে পাঁচখন জিলাত ইণ্টাৰনেট সেৱা বন্ধ কৰাৰ কথা ঘোষণা কৰে। ইণ্টাৰনেট সেৱা সাময়িকভাবে বন্ধ কৰা জিলাকেইখন হ'ল ইম্ফল পূব, ইম্ফল পশ্চিম, থৈবাল, কাকচিং আৰু বিষ্ণুপুৰ। পূব ইম্ফল আৰু বিষ্ণুপুৰ জিলাত সান্ধ্য আইন জাৰি কৰা হৈছে। 

উল্লেখযোগ্য যে ২০২৩ চনৰ ৩ মে'ৰ পৰা ৰাজ্যখনত কুকি-মেইটেই সম্প্ৰদায়ৰ মাজত সংঘৰ্ষ আৰম্ভ হয় আৰু এই সংঘর্ষই ৰাজ্যখনৰ পৰিস্থিতি উত্তপ্ত কৰি তোলে। সেই সময়ত হোৱা হিংসাত্মক ঘটনাত তিনি শতাধিক লোক নিহত হৈছিল। হিংসাত্মক ঘটনাত কৰণ সিঙে উচটনি দিয়া বুলি অভিযোগ কৰা হৈছে। মেইটেই নেতাসকলৰ মুক্তিৰ দাবী কৰি প্ৰতিবাদকাৰীসকলে ইম্ফলৰ কোৱাকৈথেল আৰু উৰীপোকত পথত টায়াৰ আৰু পুৰণি আচবাব-পত্র জ্বলায়। দুয়োটা স্থানত নিৰাপত্তা বাহিনীৰ লোককে ধৰি ভালেমান লোক আহত হয়। ইফালে কানন সিঙক ৰাজ্যৰ বাহিৰলৈ নিব পাৰে বুলি প্ৰকাশ পোৱাৰ পাছত প্রতিবাদকাৰীয়ে তুলীহালত থকা ইম্ফল বিমান বন্দৰ ঘেৰাও কৰে। তেওঁক ৰাজ্যৰ বাহিৰলৈ নিয়াত বাধা দিয়াৰ বাবে বিমান বন্দৰলৈ যোৱা পথত প্ৰতিবাদকাৰীয়ে অৱস্থান কৰে আৰু একাংশই পথৰ ওপৰতে শুই পৰে। বিমান বন্দৰ পথত নিৰাপত্তা বাহিনীৰ কেইবাখনো গাড়ীত অগ্নিসংযোগ কৰাৰ বাতৰি পোৱা গৈছে। কেইবাঠাইতো প্রতিবাদকাৰী আৰু আৰক্ষীৰ মাজত সংঘৰ্ষৰো সৃষ্টি হয়। কেইবাঠাইতো বাছ তথা আন গাড়ীত অগ্নিসংযোগ কৰাৰ বাতৰিও পোৱা হয়। পশ্চিম ইম্ফলৰ খুৰই লামলঙত এখন বাছত অগ্নিসংযোগ কৰা হয়। কোৱাককেথেলত কেইবাবাৰো গুলীচালনাৰ শব্দ শুনা যায় যদিও গুলীচালনা কোনে কৰিলে সেইটো স্পষ্ট হোৱা নাই। সংবাদ মাধ্যমত প্রকাশ পোৱা অনুসৰি তিনিজন লোক আহত হয়। 

ইফালে চি বি আয়ে কয়, 'কালি নিশা চি বি আই, গুৱাহাটীৰ দুর্নীতি প্ৰতিৰোধ শাখাই ইম্ফল বিমান বন্দৰত অৰম্বাই টেংগোলৰ এজন সদস্য কানন সিঙক গ্ৰেপ্তাৰ কৰে। তেওঁক গ্ৰেপ্তাৰ কৰাৰ কথা পৰিয়ালৰ লোকক জনোৱা হৈছে। তেওঁক ইম্ফলৰ পৰা গুৱাহাটীলৈ নিয়া হয় আৰু তেওঁক আৰক্ষীয়ে জিম্মাত লোৱাৰ কাৰণে আদালতত হাজিৰ কৰোৱা হ'ব।' ৰাজ্যখনৰ ৰাজভৱনৰো নিৰাপত্তা বৃদ্ধি কৰা হৈছে। ৰাজ্যখনৰ পৰিস্থিতি আজিও উত্তেজনাপূর্ণ হৈ আছে। ইফালে ৰাজ্যপাল অজয় কুমাৰ ভাল্লাই আজি জ্যেষ্ঠ বিষয়াসকলৰ সৈতে পৰিস্থিতি পর্যালোচনা কৰে। উল্লেখযোগ্য যে মণিপুৰত বৰ্তমান ৰাষ্ট্ৰপতিৰ শাসন চলি আছে।

Share This