ডিজিটেল ডেস্ক: হিংসাজৰ্জৰ মণিপুৰ পুনৰ উত্তপ্ত হৈ পৰিছে। নতুন চৰকাৰে শপত লোৱাৰ পাছত প্ৰথমবাৰৰ বাবে আকৌ জ্বলি উঠিছে ৰাজ্যখন। মঙলবাৰে নিচেই পুৱাতে ৰাজ্যখনৰ বিষ্ণুপুৰ জিলাত এটা অসামৰিক বাসভৱনত সন্দেহজনক ৰকেট অথবা মৰ্টাৰেৰে আক্ৰমণ কৰাৰ পাছত দুটা শিশু নিহত হোৱাৰ লগতে সিহঁতৰ মাতৃও গুৰুতৰভাৱে আহত হয়। জিলাখনৰ মৈৰাং অঞ্চলৰ টুংলাবৈ আৱাং লেইকাই গাঁৱত এই ঘটনাটো সংঘটিত হয়।
প্রাথমিক তথ্য অনুসৰি, এই ৰকেটটো নিকটৱৰ্তী পাহাৰীয়া এলেকাৰ পৰা বি এছ এফত বহিঃৰাজ্যত কৰ্মৰত এজন জোৱান অইনাম মালেমগানবাৰ ঘৰত নিক্ষেপ কৰা হৈছিল বুলি সন্দেহ কৰা হৈছে। ৰকেট আক্ৰমণটোৰ সময়ত বি এছ এফৰ জোৱানজনৰ পত্নী ৩৭ বছৰীয়া অইনাম অংবী বিনীতা, তেওঁৰ ৫ বছৰীয়া ল'ৰা আৰু ৫ মহীয়া নৱজাতক ঘৰটোৰ ভিতৰত আছিল। এই ঘটনাটোৰ পাছতেই সমগ্র গাঁওখনত উত্তেজনাৰ সৃষ্টি হয়।
উল্লেখযোগ্য যে ট্রংলাবৈ গাঁওখন সশস্ত্র উগ্রপন্থীৰ ঘাটি হিচাপে পৰিচিত চূড়াচান্দপুৰ জিলাৰ সমীপৱৰ্তী আৰু এই গাঁওখন পূৰ্বৰে পৰা স্পৰ্শকাতৰ হিচাপে বিবেচিত হৈছিল। গাঁওখনৰ বাসিন্দাই দাবী কৰা মতে, পূর্বেও ওখ পাহাৰীয়া অঞ্চলৰ পৰা গাঁওখনত এনেদৰে আক্ৰমণ চলোৱা হৈছিল। ইয়াৰ পাছতে উপত্যকাটোৰ বিভিন্ন জিলাত উত্তেজনা বৃদ্ধি হয়। বিষ্ণুপুৰৰ মাজেদি যোৱা দুখন অইল টেংকাৰ আৰু এখন ট্রাকত অগ্নিসংযোগ কৰে ক্ষুব্ধ স্থানীয় জনতাই। মৈৰাং আৰক্ষী থানাৰ সন্মুখত কেইবাশ প্ৰতিবাদকাৰীৰ এটা দল সমবেত হৈ স্থানীয় প্রশাসনৰ বিৰুদ্ধে প্রতিবাদ সাব্যস্ত কৰে।
ইয়াৰ পাছতেই অঞ্চলটোত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰা হয়। আক্রমণকাৰীক বিচাৰি উলিয়াবলৈ ওচৰ-পাঁজৰৰ পাহাৰীয়া এলেকাবোৰত সন্ধান অভিযান চলায় নিৰাপত্তা বাহিনীয়ে। আনহাতে, আজিৰ ঘটনাৰ পাছত বিষ্ণুপুৰ জিলাত স্কুল-কলেজবোৰ বন্ধ কৰি দিয়া হয়। ইফালে, মণিপুৰ চৰকাৰে মঙলবাৰে ৰাজ্যখনৰ পাঁচখন জিলাত তিনিদিনৰ বাবে সাময়িকভাৱে ইণ্টাৰনেট কৰ্তন আৰু ম'বাইল ডাটা সেৱা বন্ধ ৰখাৰ নিৰ্দেশ দিয়ে।
ইম্ফল পূব, ইম্ফল পশ্চিম, থৌবাল, কাকছিং আৰু বিষ্ণুপুৰ জিলাত ৰাজ্য চৰকাৰখনে এই নিষেধাজ্ঞা আৰোপ কৰে। আনহাতে, বিষ্ণুপুৰত আজিৰ ঘটনাটোৰ পাছতেই প্রতিবাদকাৰীয়ে এটা চি আৰ পি এফৰ শিবিৰ লণ্ডভণ্ড কৰিবলৈ উদ্যত হৈছিল। এই ঘটনাক লৈ জিলাখনৰ লগতে সমগ্র ইম্মল উপত্যকাৰ পাঁচখন জিলাত তীব্র উত্তেজনা অব্যাহত আছে।