ডিজিটেল ডেস্ক: হিংসাজৰ্জৰ মণিপুৰৰ প্ৰশাসনত কেইবাটাও গুৰুত্বপূৰ্ণ ৰদবদল কৰা হৈছে ।চৰকাৰে আৰক্ষী আৰু অসামৰিক প্ৰশাসনকে ধৰি কমেও ৭০ গৰাকী আমোলাক ৰদবদল কৰিছে ।হিংসা আৰম্ভ হোৱাৰ পিছত প্ৰশাসনৰ এয়া প্ৰথমটো ৰদবদল।
এই ৰদবদলত ১০ গৰাকী আইপিএছ আৰু মণিপুৰ আৰক্ষী সেৱাৰ বিষয়া, কেন্দ্ৰীয় সেৱাৰ ৬০ গৰাকী আমোলা আৰু মণিপুৰ ৰাজ্যিক সেৱাৰ কেডাৰ অন্তৰ্ভুক্ত আছে ।উল্লেখযোগ্য যে উত্তৰ-পূবৰ ৰাজ্যখনত ২০২৩ চনৰ ২ মে'ৰ পৰা সংখ্যাগৰিষ্ঠ মেইটেই আৰু সংখ্যালঘু কুকি সম্প্ৰদায়ৰ মাজত জাতিগত হিংসাই এক ভয়ংকৰ ৰূপ ধাৰণ কৰিছিল।
এই ঘটনাত ২৫০ৰো অধিক লোক নিহত হোৱাৰ লগতে ৬৫,০০০ৰো অধিক লোক গৃহহীন হৈ পৰে।এনে হিংসাই প্ৰশাসন আৰু আৰক্ষীৰ মাজতো এক সাম্প্ৰদায়িক প্ৰভাৱ পেলোৱা পৰিলক্ষিত হৈছে।