দীর্ঘদিনীয়া ৰাষ্ট্ৰপতি শাসনৰ অন্ত পেলাই নতুন চৰকাৰে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছতে পুনৰ উত্তপ্ত হ'বলৈ আৰম্ভ কৰিছে মণিপুৰ। ৰাজ্যখনত যোৱা ৪ ফেব্ৰুৱাৰীত য়ুমনাম খেমচান্দ সিঙে ত্রয়োদশ মুখ্যমন্ত্ৰীৰূপে শপতগ্রহণ কৰিছিল। ইয়াৰ ২৪ ঘণ্টা পাৰ নৌহওঁতেই তেওঁৰ মন্ত্ৰীসভাৰ দজন সদস্যৰ বিৰোধিতা কৰি ৰাজ্যখনত পুনৰ হিংসাৰ জুই জ্বলিবলৈ আৰম্ভ কৰে।
ৰাজ্যখনৰ চূড়াচান্দপুৰ জিলাত বৃহস্পতিবাৰে হিংসাত্মত ঘটনা ঘটে। কুকি সম্প্ৰদায়ৰ নেতা নেমচা কিপগেনক উপ-মুখ্যমন্ত্ৰী ৰূপে নিযুক্তি দিয়াত ৰাজ্যখনৰ কুকি সম্প্ৰদায়ৰ বৃহৎসংখ্যক লোক অসন্তুষ্ট হৈ পৰে। তেওঁৰ লগতে এল এম খৌতে আৰু এনগুৰছাংগালুৰসহ আন দুজন কুকি বিধায়কক চৰকাৰত অন্তৰ্ভূক্ত কৰাৰ প্ৰস্তুতি চলোৱাত সম্প্রদায়টোৰ লোকসকল অসন্তুষ্ট হৈ পৰে। একাংশ সংগঠনে কুকি-জ'-মাৰ সম্প্ৰদায়ৰ বিধায়ককেইজনৰ বিৰুদ্ধে বিশ্বাসঘাতকতা কৰাৰ অভিযোগ কৰাৰ লগতে তেওঁলোকক সামাজিকভাৱে বহিষ্কাৰ কৰাৰ সকীয়নিও দিয়ে।
ইফালে, বিধায়ককেইজনৰ সমৰ্থকসকলে এই বুলি দাবী কৰে যে সম্প্রদায়টোৰ সুৰক্ষা আৰু বিকাশৰ বাবে তেওঁলোকক চৰকাৰত অন্তর্ভুক্ত কৰা হৈছে। এই বিধায়ককেইজনক চৰকাৰত অন্তৰ্ভুক্ত কৰাৰ বিৰোধিতা কৰি বৃহস্পতিবাৰে একাংশ কুকি সংগঠনে মণিপুৰ বন্ধৰ আহ্বান জনায়।
চূড়াচান্দপুৰ জিলাখনত বন্ধৰ সমৰ্থক আৰু নিৰাপত্তা বাহিনীৰ লোকৰ মাজত সংঘৰ্ষ হোৱাৰ বাতৰিও পোৱা গৈছে। চূড়াচান্দপুৰ আৰু ৰাজধানী ইম্ফলত হাজাৰ হাজাৰ লোকে প্রতিবাদ সাব্যস্ত কৰে আৰু কেইবা ঠাইতো উপ-মুখ্যমন্ত্রী তথা বিধায়ককেইজনৰ প্রতিমূর্তিও দাহ কৰে। ইয়াৰ উপৰি কাংপকপি আৰু টেংনৌপাল জিলাতো প্রতিবাদ হোৱাৰ বাতৰি পোৱা গৈছে। চূড়াচান্দপুৰৰ তুইবঙৰ মূল বজাৰ এলেকাত কেইবাশ যুৱকে নিৰাপত্তা বাহিনীক বেৰেকলৈ খেদি পঠিওৱাৰ চেষ্টা কৰে। নিৰাপত্তা বাহিনীয়ে প্ৰতিবাদকাৰীৰ কথা শুনিবলৈ অস্বীকাৰ কৰাত তেওঁলোকলৈ লক্ষ্য কৰি শিলগুটি দলিয়ায়। জিলাখনৰ কেইবা ঠাইতো টায়াৰ জ্বলাই পথ অৱৰোধ কৰা হয়। আদিবাসী সংগঠন জইণ্ট ফ'ৰাম অব্ ছেভেনে আজিও ৰাজ্যখনত পুৱা ৬ বজাৰ পৰা বন্ধৰ আহ্বান জনায়।
ইফালে, একাংশ সংগঠনে কিপগেনক হত্যা কৰিলে ২০ লাখ টকা আৰু বিধায়ক এল এম খৌতে তথা এন ছেনাতেক হত্যা কৰিব পাৰিলে ১০ লাখ টকাকৈ পুৰস্কাৰ দিয়াৰ কথা ঘোষণা কৰে। খৌতে আৰু এনগুৰছাংগালুক মন্ত্রীসভাত অন্তর্ভুক্ত কৰিব বুলি প্ৰকাশ পোৱাৰ লগে লগে প্ৰতিবাদকাৰীৰ ক্ষোভ অধিক বৃদ্ধি পায়। ইফালে, খেমচান্দ সিঙৰ লগত মন্ত্ৰীৰূপে শপতগ্ৰহণ কৰা গোবিন্দদাস কন্থৌজামে কয় যে চূড়াচান্দপুৰত কেইটামান সৰু-সুৰা ঘটনা ঘটে যদিও পৰিস্থিতি নিয়ন্ত্ৰণত আছে। তেওঁ কয় যে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে নিৰাপত্তা বাহিনী মোতায়েন কৰা হৈছে।
ইফালে, বন্ধৰ সময়ত চূড়াচান্দপুৰক ৰাজধানী ইম্ফলক সংযোগ কৰা ৰাষ্ট্ৰীয় ঘাইপথ আৰু ইম্ফল-আইজল ৰাষ্ট্ৰীয় ঘাইপথ টায়াৰ জ্বলাই অৱৰোধ কৰাৰ লগতে কেইবা ঠাইতো যান-বাহনৰ ক্ষতিসাধন কৰা হয়। বন্ধৰ সৰ্বাত্মক প্ৰভাৱ পৰা বুলি জানিব পৰা গৈছে। ইফালে, কিপগেন আৰু আন কুকি-জ' বিধায়ককেইজনৰ বাসভৱনৰ নিৰাপত্তা বৃদ্ধি কৰা হৈছে। ইফালে, কুকি-জ' সম্প্ৰদায়ৰ সৰ্বোচ্চ সংগঠন কুকি-জ' কাউন্সিলে কিপগেনৰ লগতে আন বিধায়ককেইজনক সামাজিকভাৱে বৰ্জন কৰাৰ কথা ঘোষণা কৰে।