অসম প্রদেশ কংগ্ৰেছৰ সম্পাদক-জ্যেষ্ঠ মুখপাত্র, মনোৰঞ্জন বৰগোহাঁইৰ পদত্যাগ

dainik janambhumi May 08, 2026

ডিজিটেল ডেস্ক: নিৰ্বাচনৰ পাছতে অসম প্রদেশ কংগ্ৰেছ কমিটীৰ ৰাজ্যিক সম্পাদক তথা জ্যেষ্ঠ মুখপাত্র মনোৰঞ্জন বৰগোহাঁয়ে পদত্যাগ কৰা বিষয়টোৱে বিশেষ তাৎপর্য বহন কৰিছে। কালি এক সংবাদমেলৰ আয়োজন কৰি কেন্দ্ৰীয় আৰু ৰাজ্যিক নেতৃত্বৰ বিৰুদ্ধে নিজৰ ক্ষোভ উজাৰে নেতাজনে। 

শিৱসাগৰ নগৰৰ ৰংপুৰজ্যোতি ক্লাবত আয়োজিত সংবাদমেলত বৰগোহাঁয়ে কংগ্ৰেছ দলৰ সৈতে থকা ৩৩বছৰীয়া সম্পর্ক ছেদ কৰাৰ কথা উল্লেখ কৰি ৰাষ্ট্ৰীয় দলটোৰ নেতৃত্বক লৈ ক্ষোভ প্রকাশ কৰে। তেওঁ কংগ্ৰেছ দলৰ পৰা আনুষ্ঠানিকভাৱে পদত্যাগ কৰাৰ কথা ঘোষণা কৰে। বিগত দিনবোৰত এন এছ ইউ আইৰ পৰা আৰম্ভ কৰি মণ্ডল, জিলা তথা প্রদেশ কংগ্রেছৰ দায়িত্ব পালন একাগ্রতাৰে দায়িত্ব পালন কৰাৰ পাছতো এই দলটোৰ পৰা প্ৰকৃত কৰ্মীয়ে আদৰ লাভ নকৰে বুলি গুৰুতৰ অভিযোগ তোলে। 

আনহাতে, বর্তমান গৌৰৱ গগৈৰ নেতৃত্বত কংগ্ৰেছ দলটো চূড়ান্ত অনুশাসনহীনতা, বান্দৰামি আৰু পাগলামিৰ মাজত চলিছে। আজিৰ দিনত কংগ্ৰেছ দলটোৱে ভুলৰ পৰা শিক্ষা লাভ নকৰে। লগতে তেওঁ কয় যে কংগ্রেছ দলে মুখতে কয় দলটোৰ হৈ টিকটৰ দাবীদাৰ তৃণমূলৰ লগত জড়িত লোকে লাভকৰিব, কিন্তু বাস্তৱত যি লোকে শীর্ষ নেতাক তৈলমর্দন কৰিব পাৰিব, তেওঁকহে দলে গুৰুত্ব প্রদান কৰে। 

আনহাতে, প্রদ্যুৎ বৰদলৈৰ প্ৰসংগ টানি তেওঁ কয় যে কংগ্ৰেছ দলৰ নেতৃত্বই দলৰ বিৰুদ্ধে কাম কৰা লোকক লৈ কোনো ব্যৱস্থা গ্রহণ নকৰে। দলটোত একাগ্ৰতাৰে কাম কৰা আৰু জ্যেষ্ঠ লোকৰ গুৰুত্ব নোহোৱা হৈ গৈছে। যাৰ বাবে দলটো এতিয়া একাগ্ৰতাৰে কাম কৰা আৰু দলটোৰ উন্নতি কামনা কৰা লোকৰ বাবে অনুপযোগী হৈ পৰিছে বুলি দুখ প্রকাশ কৰে। আনহাতে, কালিৰ সংবাদমেলত তেওঁ প্রত্যক্ষভাৱে গৌৰৱ গগৈক আক্রমণৰ লক্ষ্য কৰি লৈ কয় যে তেওঁ এজন জনসম্পর্কহীন নেতা। তেওঁৰ সাক্ষাৎ লাভৰ বাবে মোৰ দৰে সাধাৰণ সম্পাদকে মাহ মাহ ধৰি অপেক্ষা কৰিব লাগে। তেন্তে সাধাৰণ জনতাই তেওঁৰ সাক্ষাৎ কেনেকৈ পাব বুলি তেওঁ প্রশ্ন কৰে। প্রদেশ কংগ্ৰেছৰ সভাপতি এজনৰ দলটোৰ কর্মকর্তাৰ প্ৰতি থকা দায়িত্ব তেওঁ পালন নকৰে। সমষ্টি উন্নয়নৰ বাবে তেওঁৰ হাতত সময় নাই। আজিলৈকে তেওঁ নিজৰ লোক সভা সমষ্টিৰ উন্নয়নৰ বাবে কোনো জিলা প্রশাসন, পঞ্চায়ত, পৌৰ নিকায় সমিতিৰ লগত পৰিকল্পনা কৰিবলৈ তেওঁৰ হাতত সময় নাই। 

আনহাতে, তেওঁ কংগ্ৰেছ দলৰ ৰাষ্ট্ৰীয় সম্পাদক জিতেন্দ্র সিঙকো তীব্র সমালোচনা কৰি মূর্খ আখ্যা দিয়ে। শেষত বৰগোহাঁয়ে কেৱল তুষ্টিকৰণক দলীয় সেৱাৰ মাপকাঠী বুলি গণ্য কৰা এই দলটোত অন্ধকাৰৰ বাদে কোনো ভৱিষ্যৎ নাই বুলি তেওঁ কংগ্ৰেছ দলৰ সকলো দায়িত্বৰ লগতে প্রাথমিক সদস্য পদৰ পৰা মনোৰঞ্জন বৰগোহাঁয়ে পদত্যাগ কৰিছে বুলি ঘোষণা কৰে ।

Share This