ডিজিটেল ডেস্ক : ৰাজ্যৰ স্বাস্থ্য খণ্ডৰ অস্বাস্থ্যকৰ খবৰ। ৰাজ্য চৰকাৰে প্ৰতিখন জিলাতে একোখনকৈ চিকিৎসা মহাবিদ্যালয় খোলাৰ লক্ষ্য লৈ ইখনৰ পাছত সিখনকৈ চিকিৎসা মহাবিদ্যালয় স্থাপন কৰিছে যদিও সেই অনুপাতে মহাবিদ্যালয়সমূহত নাই শিক্ষক ।
আজিৰ তাৰিখত ৰাজ্যত ১৪খন চিকিৎসা মহাবিদ্যালয়ত খালী হৈ আছে ২৯৭টা শিক্ষকৰ পদ। খালী হৈ থকা পদৰ ভিতৰত ৮০টা হৈছে অধ্যাপক, ১২১টা হৈছে সহযোগী অধ্যাপক আৰু ৯৬টা হৈছে সহকাৰী অধ্যাপকৰ পদ। আনহাতে, চিকিৎসা মহাবিদ্যালয়সমূহত প্রশাসনীয় বিভাগৰ লগতে তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰীৰ বৃহৎসংখ্যক পদো খালী হৈ আছে। তথ্য অনুসৰি, চিকিৎসা মহাবিদ্যালয়সমূহত ৪৯৩টা ৰেজিষ্টাৰ/ডেমনষ্টেটৰ, ৮০৮টা টেকনিছিয়ান, ২০৯টা তৃতীয় বৰ্গৰ আৰু ১২২০টা চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ পদ খালী হৈ আছে। মুঠতে ৰাজ্যৰ ১৪খন চিকিৎসা মহাবিদ্যালয়ত আজিৰ তাৰিখত শিক্ষক-কর্মচাৰীৰ মুঠ ৩০২৭টা পদ খালী হৈ আছে। বিস্তৃত তথ্য অনুসৰি, উজনি অসমৰ অন্যতম ডিব্ৰুগড়ত থকা অসম মেডিকেল কলেজত অনুমোদিত গেজেটেড পদৰ সংখ্যা হৈছে ৩৪০টা, ইয়াৰে ভিতৰত ৪০টা পদ খালী হৈ আছে।
আনহাতে, তৃতীয় বৰ্গৰ অনুমোদিত ১৮১টা পদৰ ভিতৰত ৩১টা পদ, চতুৰ্থ বৰ্গৰ ৩১০টা পদৰ ১৩১টা পদ খালী হৈ আছে। একেদৰে গুৱাহাটী মেডিকেল কলেজত ৬০২ গেজেটেড পদৰ ভিতৰত আজিৰ তাৰিখত ১১৫টা খালী হৈ আছে। মেডিকেল কলেজখনত অনুমোদিত তৃতীয় বৰ্গৰ ২৪৬টা পদৰ ভিতৰত ৪৫টা আৰু চতুৰ্থ বৰ্গৰ অনুমোদিত ২২৫টাৰ ৬৩টা পদ পূৰণ নোহোৱাকৈ আছে। শিলচৰ মেডিকেল কলেজতো অনুমোদিত ২৯৯টা গেজেটেড পদৰ ৬৫টা, তৃতীয় বৰ্গৰ ৯৫টা পদৰ ভিতৰত ২৮টা আৰু চতুৰ্থ বৰ্গৰ ১০৮টা পদৰ ভিতৰত ৫৪টা পদ খালী হৈ আছে। একেই অৱস্থা যোৰহাট মেডিকেল কলেজতো। যোৰহাট মেডিকেল কলেজ আৰু হস্পিটেলত অনুমোদিত গেজেটেড পদৰ সংখ্যা হৈছে ২৬৪টা যদিও ইয়াৰে ভিতৰত ৭৬টা, তৃতীয় বৰ্গৰ ৭৭১টাৰ ভিতৰত ১৫৩টা আৰু চতুৰ্থ বৰ্গৰ অনুমোদিত ৩০৬টা পদৰ ভিতৰত ৪২ পদ খালী হৈ আছে। একেদৰে বৰপেটা মেডিকেল কলেজত গেজেটেড ২৯০টা পদৰ ভিতৰত ১১৩টা, তৃতীয় বৰ্গৰ ৩২৮টাৰ ভিতৰত ৬০টা আৰু চতুৰ্থ বৰ্গৰ ৩৪০টা পদৰ ৭৮টা আজিও পূৰণ হোৱা নাই। তেজপুৰ মেডিকেল কলেজত অনুমোদিত ২৯৭টা গেজেটেড পদৰ ১২৩টা, তৃতীয় বৰ্গৰ ৭৫৬টা পদৰ ১৩৪টা আৰু চতুৰ্থ বৰ্গৰ ৩৪৮টাৰ ভিতৰত ১২৮টা পদ খালী হৈ আছে। ডিফু মেডিকেল কলেজ হস্পিটেলৰো অনুমোদিত ১৯৬টা গেজেটেড পদৰ ভিতৰত ৯১টা, তৃতীয় বৰ্গৰ ৪৭০টা পদৰ ৭৪টা আৰু চতুৰ্থ বৰ্গৰ ১৪১টা পদৰ ভিতৰত ৭টা পদ পূৰণ হোৱা নাই। লখিমপুৰ মেডিকেল কলেজ হস্পিটেলৰো অনুমোদিত ১৬৬টা গেজেটেড পদৰ ৫৩টা, তৃতীয় বৰ্গৰ ৫১০টাৰ ভিতৰত ১০১টা আৰু চতুৰ্থ বৰ্গৰ ১৮৮ পদৰ ভিতৰত ৭৭টা খালী হৈ আছে। ধুবুৰী মেডিকেল কলেজ হস্পিটেলৰ গেজেটেড ১৬৪টা পদৰ ভিতৰত ৫২টা, তৃতীয় বৰ্গৰ ৪৪৯টা পদৰ ১২৮টা আৰু চতুৰ্থ বৰ্গৰ ১৮৮টা পদৰ ১৩৯টা খালী হৈ আছে।
ইফালে কোকৰাঝাৰ মেডিকেল কলেজ আৰু হস্পিটেলৰ ১৮৭টা গেজেটেড পদৰ ভিতৰত ৭৬টা, তৃতীয় বৰ্গৰ ৪৮২টা পদৰ ৯৯টা আৰু চতুৰ্থ বৰ্গৰ ২০৩টা পদৰ ২০৩টা খালী হৈ আছে। নগাঁও মেডিকেল কলেজ আৰু হস্পিটেলৰ ১৬৭টা গেজেটেড পদৰ ভিতৰত ৪৮টা, তৃতীয় বৰ্গৰ ৪৮২টা পদৰ ৭১টা আৰু চতুৰ্থ বৰ্গৰ ২০৩টা পদৰ ২০২টাই খালী হৈ আছে। নলবাৰী মেডিকেল কলেজ আৰু হস্পিটেলৰো অৱস্থা শোচনীয়। ইয়াত ১৮৭টা গেজেটেড পদৰ ভিতৰত ৫৬টা, তৃতীয় বৰ্গৰ ৪৮২টা পদৰ ৬৫টা আৰু চতুৰ্থ বৰ্গৰ ২০৩টা পদৰ ২০২টা পদেই খালী হৈ আছে। ইফালে, তিনিচুকীয়া মেডিকেল কলেজ আৰু হস্পিটেলৰ ১৯২টা গেজেটেড পদৰ ভিতৰত ৬৭টা, তৃতীয় বৰ্গৰ ৪৮২টা পদৰ ১০১টা পদ খালী হৈ আছে। ইফালে নতুনকৈ স্থাপন কৰা প্ৰাগজ্যোতিষ মেডিকেল কলেজ আৰু হস্পিটেলত অনুমোদিত ১৫৯টা গেজেটেড পদৰ ভিতৰত ৩৭টা, তৃতীয় বৰ্গৰ ৪৪৭টা পদৰ ৪৫টা পদেই খালী হৈ আছে।
উল্লেখযোগ্য যে অসমত এশখন আসন বিশিষ্ট দহখন চিকিৎসা মহাবিদ্যলয় নিৰ্মাণৰ কাম পূর্ণগতিত চলি আছে। ইয়াৰে ভিতৰত বঙাইগাঁও, বিশ্বনাথ আৰু চৰাইদেউ চিকিৎসা মহাবিদ্যালয়ৰ নিৰ্মাণকাৰ্য প্রায় সম্পূৰ্ণ হোৱাৰ পথত। এই তিনিও চিকিৎসা মহাবিদ্যালয়ত চলিত বৰ্ষতে ৰাইজৰ বাবে মুকলি কৰি দিয়াৰ সম্ভাৱনা আছে। এনে পৰিস্থিতিত শিক্ষকৰ এনে অভাৱৰ মাজত ছাত্র- ছাত্রীসকলে কিদৰে শিক্ষা গ্রহণ কৰিছে, সেয়া অত্যন্ত চিন্তনীয়।