ৰঙালীৰ প্ৰাক্ষণত বহিঃৰাজ্যৰ গামোচাৰে ভৰিছে বজাৰ

dainik janambhumi April 04, 2026

ডিজিটেল ডেস্ক : হেঁপাহৰ বিহুটিক আদৰিবলৈ মাজত মাথোঁ কেইটামান দিন বাকী থকাৰ সময়তে ঢোল-পেঁপাৰ মাতত ৰজনজনাই উঠিছে ৰাজ্য। উখল-মাখল হৈছে ৰাজ্যৰ বজাৰসমূহ। বিহু বুলি ক'লেই অসমীয়াৰ গা সাতখন-আঠখন লাগে। বিহুৰ প্ৰাকক্ষণত 'বিহুৱান'খন বৈ উলিয়াবলৈ শিপিনীসকলৰ মাজতো যেন ব্যস্ততাৰ অন্ত নোহোৱাৰ দৰে হৈ পৰিছে। তাঁতৰ শালত খিতিৰ খিতিৰ মাকোঁ মাৰি গামোচাত ফুল বাছি গামোচা তৈয়াৰ কৰাত ব্যস্ত প্ৰতিগৰাকী শিপিনী। কাৰণ বিহুৰ আগতেই 'বিহুৱান' বুলি লগোৱা গামোচাখিনি শেষ কৰিব লাগিব। অসমীয়া সংস্কৃতিত আদৰ, সন্মান আৰু মৰমৰ প্ৰতীক এই বিহুৱান অর্থাৎ হাতেৰে বোৱা গামোচাখন বিহুৰ সময়ত জ্যেষ্ঠসকলক আশীৰ্বাদ বিচাৰি আৰু আপোনজনলৈ বিহুৱান হিচাপে উপহাৰ আগবঢ়োৱা হয়। কিন্তু অসমীয়াৰ স্বাভিমান গামোচাই যি সময়ত বিশ্বৰ সন্মুখত চিনাকি লাভ কৰি ভৌগোলিক মান্যতা লাভ কৰিছে, সেই সময়তে বহিঃৰাজ্যত মেচিনত বোৱা গামোচাই দখল কৰিছে ৰাজ্যৰ বজাৰ। 

অসমীয়া শিপিনীৰ গামোচাসমূহ বজাৰ পোৱাৰ পূৰ্বেই ৰঙালী বিহুৰ প্ৰাকক্ষণত এতিয়া বজাৰে বজাৰে উভৈনদী হৈ পৰিছে বহিঃৰাজ্যৰ গামোচা। পশ্চিম বংগ, চেন্নাই, উত্তৰ প্ৰদেশৰ পৰা অহা পাৱাৰলুম বা মেচিনত নির্মিত গামোচাৰে সৰু সৰু ব্যাবসায়িক প্রতিষ্ঠানৰ পৰা আৰম্ভ কৰি বৃহৎ ব্যাবসায়িক প্রতিষ্ঠানসমূহ ভৰি পৰা পৰিলক্ষিত হৈছে। ট্রাকে ট্রাকে আহিছে বহিঃৰাজ্যৰ গামোচাৰ লগতে মেচিনত বোৱা মেখেলা-চাদৰ। ৰঙালীক কেন্দ্ৰ কৰি থলুৱা গামোচা-জাপি-কাপোৰ বজাৰত উপলব্ধ হোৱাৰ মাজতে এনেদৰে বিক্ৰী হোৱা বহিঃৰাজ্যৰ গামোচাই থলুৱা শিপিনীসকললৈ প্রত্যাহ্বান কঢ়িয়াই আনিছে। বিশেষকৈ থলুৱা শিপিনীয়ে প্রস্তুত কৰি উলিওৱা ১৫০-৩০০ টকীয়া একোখন গামোচাৰ বিপৰীতে ৫০-৮০ টকা দৰত বহিঃৰাজ্যৰ গামোচা বজাৰত উপলব্ধ হৈছে। আনহাতে থলুৱা শিপিনীয়ে বৈ উলিওৱা ১২০০-২৫০০ টকীয়া মুগা-পাটৰ গামোচাৰ নকল ৰূপ দি বহিঃৰাজ্যৰ পৰা আহিছে নিম্ন মানৰ গামোচা। প্রতিবছৰে বিহুৰ বজাৰত ব্যৱসায়ীৰ ব্যস্ততা আৰু বিহু আয়োজনৰ প্রস্তুতি তুংগত হৈ পৰাৰ সময়তে এনেদৰে বজাৰ দখল কৰেহি বহিঃৰাজ্যৰ গামোচাই। অসমীয়াৰ স্বাভিমানক আঘাত কৰি বৰ্তমান ৰাজ্যত অব্যাহত থকা একাংশ নির্বাচনী সভাতো এতিয়া বহিঃৰাজ্যৰ পৰা অহা সস্তীয়া গামোচা ব্যৱহাৰ কৰা দেখিবলৈ পোৱা গৈছে। উল্লেখযোগ্য যে, ভাৰত চৰকাৰৰ হস্ততাঁত (উৎপাদিত সামগ্ৰী সংৰক্ষণ) আইন অনুসৰি যন্ত্রচালিত শালত গামোচাৰ উৎপাদন আৰু বিক্ৰী নিষিদ্ধ। অসমৰ গামোচাই ভৌগোলিক মান্যতা লাভ কৰাৰ পাছত বহিঃৰাজ্যৰ গামোচা যাতে বেচা-কিনা নহয় এই ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰি প্রশাসন তথা দায়িত্বশীল বিভাগে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। এই নিষেধাজ্ঞাক আওকাণ কৰা ব্যক্তি বা ব্যাৱসায়িক প্ৰতিষ্ঠানৰ বিৰুদ্ধে ভাৰত চৰকাৰৰ হস্ততাঁত আইন ১৯৮৫ৰ ৩ নম্বৰ ধাৰাৰ অধীনত ব্যৱস্থা লোৱাৰ লগতে ছমাহ কাৰাদণ্ড আৰু পাঁচ হাজাৰ টকা জৰিমনাৰ বিধান আছে। কিন্তু তাৰ পাছতো ৰহস্যজনকভাৱে প্রশাসন তথা দায়িত্বশীল বিভাগে এইক্ষেত্ৰত বিশেষ গুৰুত্ব আৰোপ কৰা নাই। বিশেষকৈ অসমৰ শিপিনীৰ কল্যাণ সাধনৰ নামত অসম চৰকাৰৰ হস্ততাঁত বস্ত্রশিল্প আৰু ৰেছম বিভাগ নামৰ এটা বিয়াগোম বিভাগ আছে। এই বিভাগটোৰ লগত জড়িত হৈ আছে বহু বিষয়া-কর্মচাৰী। কিন্তু বিহুৰ প্ৰাকক্ষণত বহিঃৰাজ্যৰ গামোচাই বজাৰ দখল কৰাৰ পাছতো এই বিভাগটোৱে অসমৰ শিপিনীৰ কল্যাণ সাধনৰ স্বাৰ্থত কিয় কোনো কঠোৰ ব্যৱস্থা গ্রহণ কৰা নাই সেইক্ষেত্ৰতো প্ৰশ্নৰ সৃষ্টি হৈছে। 

লক্ষণীয়ভাৱে প্ৰতি বছৰে বিহুৰ আগে আগে বহিঃৰাজ্যৰ গামোচাৰ আমদানি বন্ধ কৰাৰ বাবে বিভিন্ন দল-সংগঠনৰ লগতে চৰকাৰ-প্রশাসন তৎপৰ হোৱা দেখা যায় যদিও বজাৰত দুদিনীয়া অভিযান চলায়েই দায়িত্ব সামৰে। কিন্তু অসমীয়া গামোচাৰ আদৰ আৰু সম্মানত আঘাত সানি পাৱাৰলুমৰ গামোচা বিক্ৰী কৰা ব্যৱসায়ীৰ বিৰুদ্ধে আইন অনুসৰি কঠোৰ ব্যৱস্থা গ্রহণ কৰিলেহে যে থলুৱা শিপিনীসকলৰ ব্যৱসায় লাভজনক হোৱাৰ লগতে শিপিনীয়ে বোৱা অসমীয়াৰ স্বাভিমান গামোচাখনৰ মৰ্যাদা অক্ষুণ্ণ থাকিব সেইটো স্পষ্ট।

Share This