ডিজিটেল ডেস্ক : প্রকৃতিক ভালপোৱা লোকৰ সংখ্যা সীমিত যদিও আজিও এনে কিছুমান লোক আছে- যি গছ ৰুই, ফল-মূলৰ বাগিচা সাজি, পশু-পক্ষী পোহপাল দিছে। গছ ৰুই, বাগিচা সাজি ভাল পোৱা এনে এজন লোক হ'ল নৱ কুমাৰ শৰ্মা। নৱ কুমাৰ শৰ্মাৰ বাগিচাখনত আছে বিভিন্ন তুলসী গছ। তেওঁ অন্যান্য ঔষধি গছ ৰুইছে যদিও বিস্তৃত অঞ্চলজুৰি তুলসী গছ ৰোপণ কৰি স্বাৱলম্বিতাৰ বিৰল নিদর্শন দাঙি ধৰিবলৈ সক্ষম হৈছে।
নলবাৰী জিলাৰ বৰভাগ ৰাজহ চক্ৰৰ অন্তৰ্গত কমাৰকুছি গাঁৱত জন্ম লাভ কৰা নৱ কুমাৰ শৰ্মাই এবিঘাতকৈও অধিক মাটিত সহস্রাধিক তুলসী গছ ৰুই বছৰি ৬০ হাজাৰ টকা উপার্জনেৰে স্বাৱলম্বিতাৰ নিদৰ্শন দাঙি ধৰিবলৈ সক্ষম হৈছে। ভিন্ন প্ৰজাতিৰ তুলসী গছৰ খেতি কৰি শৰ্মাই তুলসী পাতেৰে বিভিন্ন ঔষধ প্ৰস্তুত কৰাৰ লগতে বিভিন্ন পূজা-পার্বণ আৰু মঠ-মন্দিৰত তুলসী পাত যোগান ধৰি ধন উপাৰ্জন কৰিবলৈ সক্ষম হৈছে।
যুৱ প্ৰজন্মৰ আদৰ্শ স্বৰূপ নৱ কুমাৰ শৰ্মাক সংশ্লিষ্ট বিভাগে এনেধৰণৰ খেতি কৰাৰ ক্ষেত্ৰত সহায়ৰ হাত আগবঢ়ালে শৰ্মাই ভবিষ্যতে অধিক কৃষিভূমিত তুলসীৰ খেতি কৰি সফল হ'ব বুলি আশা কৰে স্থানীয় লোকে। দূৰদূৰণিৰ পৰা তুলসীৰ খেতি চাবলৈ অহা লোকক উৎফুল্ল কৰা নৱ কুমাৰ শৰ্মাই কৃষি বিভাগৰ পৰা সহায়-সহযোগিতা পালে পাগলাদিয়া নদীৰ মথাউৰিৰ কাষত বৃহৎ এলেকাত তুলসী ৰোৱাৰ পৰিকল্পনা কৰিছে।