ডিজিটেল ডেস্ক : অপৰিৱৰ্তিত হৈ থকা বিভীষিকাময় বানপানীয়ে যোৰহাটৰ বানপীড়িতসকলৰ জনজীৱন ব্যতিব্যস্ত কৰি তুলিছে। দেওবাৰৰ পৰা আজি পর্যন্ত সামান্যভাৱে বাসগৃহৰ পৰা পানী হ্রাস পাইছে যদিও যোৰহাটৰ টীয়ক, তিতাবৰ, চেলেংহাট, শ'লমৰা আৰু উত্তৰ-পশ্চিম যোৰহাটৰ জনসাধাৰণৰ সীমাহীন দুর্গতি দেখা গৈছে।
বানপানীৰ পাছত বিভিন্ন সমস্যাই বানপীড়িত অঞ্চলসমূহত গা কৰি উঠিছে। দৰিদ্ৰ লোকসকলৰ বাসগৃহসমূহ বাঢ়নী পানীৰ প্ৰৱল সোঁতে ভাঙি পেলোৱাৰ পাছত আশ্রয় শিবিৰৰ পৰা আহি ক'ত থাকিব, ক'ৰ ধনেৰে ঘৰ মেৰামতি কৰিব এনেধৰণৰ এশ এবুৰি সমস্যাই দোলা দিছে প্ৰতিগৰাকী বন্যাক্রান্তক। কিয়নো জীৱনত কোনো দিনেই নেদেখা ভোগদৈ, পুঠি, কাকজান, টীয়ক, জাঁজী, চুঙী, কাকডোঙা নৈৰ কোবাল সোঁতে উটুৱাই নিলে বন্যাক্রান্তসকলৰ অত বছৰৰ সাঁচতীয়া ধন, আ-অলংকাৰকে ধৰি বাসগৃহৰ সকলো সামগ্রী। নিমিষতে চুৰমাৰ হৈ গ'ল ভৱিষ্যৎ জীৱনৰ সপোন। জিলাখনৰ কেউফালে মাথোঁ বন্যাক্রান্তৰ চকুলো।
যোৰহাট জিলা প্রশাসনে এইকেইদিন পার্যমানে বন্যাক্রান্তসকলক খাদ্য সামগ্ৰীৰে সহায় সহযোগ কৰিছে যদিও নিজে হাতে গঢ়া সপোনৰ ঘৰখন পানীৰ তলত জহি-খহি যোৱা দেখি চকুলোৰে বাট নেদেখা হৈছে হাজাৰ হাজাৰ বন্যাক্রান্তৰ। নিজৰ সন্মুখতে আপোনজনক বানত উটি যোৱা দেখিও প্ৰাণৰ মমতাত নিজকে বচাই মৃত্যুৰ দুৱাৰডলিৰ পৰা অহা প্ৰতিগৰাকী লোকে বুজি পাইছে এইবাৰ বানৰ ভয়াৱহতা কিমান। সেইদৰে আপোনজনক হেৰুৱাই দিক্বিদিক হেৰুৱাইছে বন্যাক্রান্তই। বানে উটুৱাই লৈ গৈছে মৰমৰ পশুধনকেইটাও। যিকেইটা পুহিয়েই জীৱন ধাৰণ কৰিব পাৰে, দুবেলা দুমুঠি যোগাৰ কৰিব পৰা গৰু, ম'হ, ছাগলী, গাহৰি, হাঁহ, কুকুৰা সকলো এতিয়া মৃত্যুৰ গহ্বৰত। নিজে মৰমতে আপডাল কৰা পশুধনকেইটাক বন্ধা অৱস্থাতে মৃত্যু হোৱাৰ দৃশ্যই প্ৰতিগৰাকী গৃহস্থৰে অন্তৰ কান্দি উঠিছে। মুঠতে জিলাখনৰ প্ৰতিখন উপনৈ ওফন্দি নন অঞ্চল প্লাৱিত কৰা বানপানীয়ে যোৰহাটৰ জনজীৱনলৈ অত্যধিকভাৱে বিপর্যয় কঢ়িয়াই আনিছে।
উত্তৰ-পশ্চিম যোৰহাট, বৃহত্তৰ টীয়ক, মুদৈজান আদি অঞ্চলত বহু কৃষকে ঋণ লৈ ফিচাৰী খান্দি মাছ পুহিছিল যদিও বানপানীটোত সকলো মাছ ফিচাৰীৰ পৰা ওলাই যোৱাত কৃষকসকলে মূৰে-কপালে হাত দিবলগীয়া হৈছে। জিলাখনৰ অকল উত্তৰ-পশ্চিম যোৰহাটতে দুই শতাধিক ফিচাৰী বানপানীৰ ফলত জলমগ্ন হৈ মাছসমূহ ওলাই যোৱাত কৃষকসকলৰ বহু ক্ষতিসাধন হৈছে।
কৃষি প্রধান অঞ্চলটোৰ অকল শ'লমৰা গাঁৱৰ ১২০টা পৰিয়ালৰ ভিতৰত প্ৰায় ৪০-৪৫টা ফিচাৰী আছে। মৎস্য উৎপাদনকে সাৰথি কৰি গাঁওখনৰ লোকসকলে দ অঞ্চলসমূহত ফিচাৰী খান্দি পোহা মাছসমূহ ওলাই যোৱাত লোকচানৰ সন্মুখীন হৈছে। অঞ্চলটোৰ যুৱ সমাজকর্মী তথা কৃষক অৰুণ কুমাৰ বৰাই এই প্রতিবেদকক জনোৱা মতে, উত্তৰ-পশ্চিম যোৰহাটৰ শ'লমৰা, নহটীয়া, চেঙেলীআটি, এলেংমৰা, গৰুমৰা, মজিয়াভেটি, খুটিয়াপোতা, গুৱালগাঁও, বৰমেৰ, ওপৰ গৰুমৰা আদি অঞ্চলত থকা দুই শতাধিক ফিচাৰীৰ প্ৰায় ডেৰ কোটি টকাৰ মাছ লোকচান হৈছে। অকল শ'লমৰাতে ভৰাম বৰা, জয়ৰাম বৰা, অৰূপ গন্ধিয়া, গুণকান্ত গন্ধিয়া, পৱিত্ৰ বৰা, অৰুণ কুমাৰ বৰা, দ্বিজু নেওগ, পৱন বৰা, পুতুল গগৈ, প্ৰিয়ৰাম বৰা, ৰাতুল বৰা, বুবুল বৰা, জিতেন বৰা আদি বহুজন লোকচানৰ সন্মুখীন হৈছে। বহু ফিচাৰীত তিনি-চাৰি বছৰ ধৰি মাছ ডাঙৰ হৈ আছিল যদিও সেইসমূহ মাছ ওলাই যোৱাত কৃষকসকলৰ সীমাহীন লোকচান হৈছে।
ইফালে, ওপৰ গৰুমৰাৰ প্ৰাক্তন আছু নেতা তথা কৃষক ৰাজীৱ বৰাই জনোৱা মতে, তেওঁৰ পাঁচ বিঘাৰ ফিচাৰী বানপানীৰ ফলত জলমগ্ন হৈ সকলো মাছ ওলাই যায়। এইবাৰ তেওঁ এক লাখ টকাৰ মাছ জীয়াইছিল আৰু পুৰণি মাছো আছিল ফিচাৰীটোত। অঞ্চলটোৰ প্ৰতিঘৰতে একোটাকৈ সৰু-বৰ ফিচাৰী তথা পুখুৰী আছে, যিসমূহত মাছ পুহি জীৱিকা নিৰ্বাহ কৰিছিল জনতাই। এইবাৰ ভোগদৈ নদীৰ বানে সর্বস্ব কাঢ়ি নিয়ে নৈপৰীয়া জনতাৰ। নাই ধান খেতি, বামখেতি। সকলো যেন উছন হৈ পৰিল বলিয়া বানত। ভৱিষ্যতে কি কৰি জীয়াই থাকিব এই চিন্তাতে বিভোৰ হৈ পৰিছে বন্যাক্রান্তসকল।