ডিজিটেল ডেস্ক: অসমৰ বোৱাৰী, বংগৰ কন্যা মর্মিতা মিত্র এতিয়া অসমৰ সংগীত জগতৰ চাঞ্চল্য। অতি কম সময়ৰ ভিতৰতে নিজৰ সুৰীয়া কণ্ঠৰ বাবে সংগীতপ্রেমীৰ নয়নৰ মণি এতিয়া হৈ পৰিছে মৰ্মিতা মিত্র। বংগ কন্যাই শিকিছে অসমীয়া ভাষা, গাইছে অসমীয়া গান। মেখেলা-চাদৰ, জনগোষ্ঠীয় সাজ পৰিধান কৰি মর্মিতাই এতিয়া অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈ গীতৰ ধুমুহাৰ সৃষ্টি কৰিছে। মর্মিতাৰ এনে পাৰ ভঙা জনপ্রিয়তা যিমানেই বাঢ়িছে সিমানেই বাঢ়িছে চর্চা আৰু বিতর্ক। মর্মিতাক লৈ একাংশৰ প্ৰশ্ন- মর্মিতা বংগৰ জীয়ৰী। বংগৰ মৰ্মিতাই অসমত কিয় গান গাব? বিহু কমিটী বা ভিন্ন অনুষ্ঠানৰ আয়োজকসকলে কিয় মর্মিতাক গুৰুত্ব প্রদান কৰিছে? মর্মিতাক অনুষ্ঠান কৰাত বাধা দিব লাগে, মর্মিতাক অনুষ্ঠানলৈ আমন্ত্রণ জনাব নালাগে। এনে ধৰণৰ নানান চর্চা এতিয়া একাংশৰ মাজত।
কিন্তু সংস্কৃতিপ্রেমী আৰু অসমপ্রেমী বুলি নিজকে জাহিৰ কৰিব বিচৰা একাংশৰ কাম-কাজত এতিয়া ক্ষুব্ধ অসমৰ জনতা। সুধাকণ্ঠ ড° ভূপেন হাজৰিকাই এবুকু অভিমান লৈ অসম এৰি গুচি গৈছিল পশ্চিম বংগলৈ। কলকাতাত তেওঁ আৰম্ভ কৰিছিল জীৱন সংগ্রাম। অৱশেষত কলকাতাৰ পৰাই সুধাকণ্ঠৰ বিশ্বমুখী যাত্রা। লুইতৰ পাৰৰ সন্তান ভূপেন হাজৰিকাৰ বিশ্বমুখী যাত্ৰাত বংগৰ জনতাই গ্ৰহণ কৰিছিল বলিষ্ঠ ভূমিকা। জুবিন গাৰ্গ আজি অসমৰ সমানে সমানে পশ্চিম বংগতো জনপ্রিয়। পশ্চিম বংগৰ জনতাই জুবিনক আদৰিছে নিজৰ সন্তানৰ দৰে। অসমৰ আন এগৰাকী সুযোগ্য সন্তান পাপন আজি দেশৰ প্রান্তে প্রান্তে এক চিনাকি নাম। অসম কন্যা কল্পনা পাটোৱাৰীয়ে উত্তৰ প্ৰদেশ, বিহাৰত দপদপাই আছে। লাভ কৰিছে ভোজপুৰী কুইনৰ স্বীকৃতি। এয়া মাত্র কেইটামান নামহে। তালিকাখন আৰু বহু দীঘলীয়া। তেনেক্ষেত্রত বংগ কন্যা মর্মিতা মিত্রক একাংশই বিৰোধিতা কৰাৰ যুক্তি ক'ত? মর্মিতাই কম দিনৰ ভিতৰতে সুন্দৰকৈ অসমীয়া গীত গাবলৈ শিকিছে। মেখেলা-চাদৰ, জনগোষ্ঠীয় সাজপাৰ পৰিধান কৰি মঞ্চ শুৱনি কৰিছে। পৰিৱেশন কৰিছে জ্যোতি সংগীত, সুধাকণ্ঠৰ গীত, বিহু, জিতুল-জুবিনৰ গীত। এতিয়া মর্মিতাৰ ভুল ক'ত? অপৰাধ ক'ত? বাংলা ভাষা কোৱা গায়িকা হৈ অসমীয়া গীত গাবলৈ আগবাঢ়ি অহাটো মৰ্মিতাৰ অপৰাধ নেকি? জনগোষ্ঠীয় সাজপাৰ পৰিধান কৰাটো মমিতাৰ ভুল নেকি?
অসমৰ সাংস্কৃতিক জীৱনৰ ভেটি গঢ়োঁতা ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা, ভূপেন হাজৰিকাৰ গীত শিকি, মঞ্চত পৰিৱেশন কৰাটো যদি মৰ্মিতাৰ অপৰাধ বুলি কোনোৱে ভাবিছে তেনেহ'লে তেওঁলোক অসমীয়া সাজ পিন্ধা একো একোগৰাকী প্ৰতাৰক, ভণ্ড। মর্মিতাই মার্জিতভাৱে গীত পৰিৱেশন কৰে মঞ্চত। নতুন নতুন কেইবাটাও গীতত ইতিমধ্যে কণ্ঠদান কৰি ৰেকৰ্ডিঙো কৰিছে। ইয়াৰ ভিতৰত কেইবাটাও বিহু গীতো আছে। এনে এক সময়তো মর্মিতাৰ পৰা ভঙা জনপ্রিয়তাত একাংশই সান্দহ খোৱা বালি তল যোৱাৰ আশংকাত এতিয়া কম্পিত। সেয়ে, আৰম্ভ হৈছে লবীৰ ৰাজনীতি। কিন্তু মর্মিতাৰ সুৱদী কণ্ঠ আৰু অমায়িক আচৰণত ৰাইজ আজি মুগ্ধ। সেয়ে, একাংশৰ বাহিৰে ৰাজ্যৰ অধিকাংশই আজি মর্মিতাৰ পক্ষত। অসমৰ বাহিৰৰ পৰা অহা কোনোৱে যদি অসমীয়া ভাষা ক'বলৈ বিচাৰে, অসমীয়া সংস্কৃতিক আদৰি ল'বলৈ চেষ্টা কৰে, তেনেহ'লে সেইসকলক আদৰণি জনাব লাগে। শিল্পী, খেলুৱৈৰ কোনো জাত নাথাকে, পৰিধি নাথাকে, নাথাকে ধর্ম। তেনে ক্ষেত্ৰত মৰ্মিতাৰ বিৰোধিতা কৰা ক্ষুদ্র চামটোৱে ইয়াৰ জৰিয়তে কি প্রতীয়মান কৰিব বিচাৰিছে? অতিথিপৰায়ন বুলি পৰিচয় থকা অসমত অনুষ্ঠান পৰিৱেশন কৰিবলৈ বাহিৰৰ কোনো শিল্পী আহিব নালাগে? আহিলে তেওঁলোকক দুৰ্ব্যৱহাৰ কৰিব লাগে?অসমীয়া-বঙালী-মাৰাঠী আদি বিশ্লেষণেৰে বিভেদৰ ৰাজনীতি কৰিব লাগে? মর্মিতাৰ কণ্ঠত ৰাইজে নতুনত্ব বিচাৰি পাইছে, পাইছে ৰাইজে বিচৰা মনোৰঞ্জন, আত্মতৃপ্তি। তেনেহ'লে একাংশৰ ইয়াত প্রতিবাদ কৰিবলৈ কোন? মর্মিতাক মঞ্চত নামাতিব, মর্মিতাক গুৰুত্বহীন কৰি একাংশক হাতত প্রচেষ্টা লোৱাৰ অধিকাৰ কোনে দিলে? জাতীয়তাবাদৰ দোহাই দি মৰ্মিতাৰ বিৰুদ্ধাচৰণ কৰি একাষৰীয়া কৰিবলৈ একাংশই চেষ্টা চলাইছে কিন্তু জাতীয়তাবাদ মানে কেতিয়াও সংকীর্ণতা নহয়। যিসকলে জাতীয়তাবাদৰ চোলা পিন্ধি বৰ বৰ শ্ল'গান দি জাতিৰ দুৰ্যোগৰ সময়ত সুবিধাজনক স্থিতিত অবস্থান গ্রহণ কৰে সেইসকলহে আচলতে জাতিৰ গাড্ডাৰ। মর্মিতাই অসমীয়া গীত পৰিৱেশন কৰি, অসমীয়া ভাষা, সংস্কৃতিতহে আচলতে এক নতুন মাত্রা প্রদান কৰিলে। জাতীয়তাবাদৰ নামত সুবিধাবাদৰ আশ্রয় লোৱাসকলকো যেন বহু পাঠ শিকাইছে মর্মিতাই। আনহাতে, মর্মিতাক বিৰুদ্ধাচৰণৰ মাজেৰে বহিঃৰাজ্যত অসমৰ ভাবমূর্তি ম্লান কৰাৰো ষড়যন্ত্র চলাৰ আশংকা নুই কৰিৰ নোৱাৰি। সমাজত বিহ দি বিভেদৰ ৰাজনীতি কৰাসকলক সকলোৱে চিনি লোৱা উচিত । নহ'লে সময়ে কাকো ক্ষমা নকৰিব।