ডিজিটেল ডেস্ক: ভাৰতীয় প্রশাসনিক সেৱা (চমুকৈ আই এ এছ), ভাৰতীয় পুলিচ সেৱা (চমুকৈ আই পি এছ), ভাৰতীয় বৈদেশিক সেৱা (চমুকৈ আই এফ এছ) হ'ল ভাৰতবৰ্ষৰ প্রতিষ্ঠিত তথা অত্যন্ত গুৰুত্বপূৰ্ণ আৰু দায়িত্বশীল অসামৰিক সেৱাসমূহৰ অন্যতম।
ভাৰতবৰ্ষত ইউনিয়ন পাব্লিক ছার্ভিচ কমিছন চমুকৈ ইউ পি এছ চিয়ে উচ্চ স্তৰীয় প্রতিযোগিতামূলক বাছনী পৰীক্ষাৰ যোগেদি সময়ে সময়ে এই তিনিটা সেৱাৰ লগতে দেশৰ প্রশাসন ব্যৱস্থাৰ বাবে প্রয়োজনীয় আৰু কেইবাটাও গুৰুত্বপূর্ণ সেৱাৰ বাবে প্রার্থী বাছনি কৰে। দৰাচলতে ইউ পি এছ চিৰ যোগেদি বাছনি কৰা এই বিষয়াসকল হ'ল ভাৰতীয় প্রশাসনিক ব্যৱস্থাটোৰ মেৰুদণ্ড স্বৰূপ। চৰকাৰ সলনি হয়, মন্ত্ৰী পৰিৱৰ্তন হয়, কিন্তু দেশখনৰ প্ৰশাসনিক ব্যৱস্থাটোৰ ধাৰাবাহিকতা আগবঢ়াই নিয়ে প্রকৃততে এই স্তৰৰ আমোলাসকলেহে।
যোৱা ৬ মার্চত ঘোষণা হৈছে ২০২৫ চনৰ বাবে অনুষ্ঠিত হোৱা ভাৰতীয় প্রশাসনিক সেৱাৰ ফল। এইবাৰৰ এই পৰীক্ষাত সবাতোকৈ অধিকসংখ্যক পৰীক্ষার্থীয়ে সফলতা লাভ কৰা ৰাজ্যখন হৈছে মহাৰাষ্ট্ৰ। এই ৰাজ্যৰ পৰা সৰ্বমুঠ ৬০জন পৰীক্ষার্থীয়ে এই সন্মানীয় তথা কঠিন পৰীক্ষাত সফলতা লাভ কৰিছে।
বাকী কেইবাখনো উল্লেখযোগ্য ৰাজ্যৰ ফল এনেধৰণৰ- তামিলনাডু (৫৬জন), কেৰালা (৪৬জন), গুজৰাট (৩৪জন), ৰাজস্থান (১৮জন), পশ্চিমবংগ (১৮জন), মণিপুৰ (৬জন)। আশ্চর্যজনকভারে এই পৰীক্ষাত এইবাৰ সফলতা লাভ কৰা অসমৰ প্ৰাৰ্থীৰ সংখ্যা মাত্র ৪ জন। অসমৰ জনসংখ্যা বর্তমান প্রায় ৩.৬৬ কোটি। অর্থাৎ ৩ কোটি ৬৬ লাখৰ মাজৰ পৰা মাত্র ৪জন। আৰু মন কৰিবলগীয়া কথাটো হ'ল, এইবাৰৰ ফল বাৰু বেয়া, কিন্তু বিগত বছৰসমূহৰ ফলো বৰ ভাল আছিল বুলি সন্তোষ লভিব পৰা ধৰণৰ নহয়। কিয় এইধৰণৰ ফল? কিয় আমি আন ৰাজ্যসমূহৰ তুলনাত প্রশাসনিক সেৱাৰ পৰীক্ষাত বিফল? এইবোৰ প্ৰশ্নৰ বস্তুনিষ্ঠ আলোচনা কিন্তু বৰ কম।
অসমত এতিয়া চুবুৰিয়ে চুবুৰিয়ে বিশ্ববিদ্যালয় গঢ়াৰ দৰে পৰিৱেশ, দেশৰ পাঁচখন শীর্ষ ৰাজ্যৰ মাজত থকাৰ হেঁপাহ, কিন্তু তাৰ পাছতো ৰাজ্যখনৰ ছাত্ৰ-ছাত্ৰীসকলক এই সৰ্বভাৰতীয় পৰীক্ষাটোৰ বাবে আশানুৰূপভাৱে সাজু কৰি তুলিব পৰা হোৱা নাই। আচৰিত কথা, প্রশাসনিক বিষয়া বা যিকোনো উপায়েৰে এটা চৰকাৰী চাকৰিৰ মোহত বন্দী অধিকাংশ ছাত্র-ছাত্রী কেন্দ্ৰৰ ইউ পি এছ চিতকৈ ৰাজ্যৰ এ পি এছ চি পৰীক্ষা দিবলৈ বেছি ইচ্ছুক। বুজাত অসুবিধা নহয়, কম কষ্টত তেওঁলোকে সহজ সফলতা বুটলিব খোজে। কিন্তু কম কষ্টৰ সফলতাৰ মানো যে কম তাক তেওঁলোকক বুজাব কোনে! অৱশ্যে ইয়াৰ বাবে আমাৰ ছাত্র-ছাত্রীসকলক পোনপটীয়াকৈ জগৰীয়া কৰিব নোৱাৰি। আমাৰ সমাজত ডাক্টৰ-ইঞ্জিনীয়াৰ হ'বৰ বাবে প্রয়োজনীয় পৰীক্ষাৰ বাবে যি ধৰণৰ প্রতিযোগিতামূলক চিন্তাধাৰা আছে সেই একেই ধৰণৰ চিন্তাধাৰা কিন্তু সৰ্বভাৰতীয় প্রশাসনিক সেৱাৰ পৰীক্ষাৰ বাবে সামাজিকভাৱেই নাই। যি সময়ত বিহাৰৰ দৰে আপাত দৃষ্টিত পাছপৰা ৰাজ্যত স্কুলীয়া স্তৰৰ পৰাই সৰ্বভাৰতীয় প্রশাসনিক সেৱাৰ পৰীক্ষাৰ বাবে ছাত্র-ছাত্রীয়ে মন বান্ধে, সেই সময়ত আমাৰ ৰাজ্যৰ স্কুলীয়া ছাত্র-ছাত্ৰীৰ বাবে ইউ পি এছ চিৰ সম্পূৰ্ণ নাম এতিয়াও কুইজৰ প্ৰশ্ন!
এই কথা ঠিক, অত্যন্ত কঠিন পৰীক্ষা আৰু জটিল সাক্ষাৎকাৰৰ মাজেৰে অনুষ্ঠিত এই কেন্দ্রীয় অসামৰিক সেৱাৰ পৰীক্ষাৰ বাবে বিস্তৃত অধ্যয়নৰ লগতে লাগে অধ্যৱসায় আৰু লক্ষ্যত দৃষ্টি নিবদ্ধ দৃঢ় মানসিকতা। ৰাজ্যৰ ছাত্র-ছাত্রীসকল এই পৰীক্ষাত আশানুৰূপভাৱে সফল হ'বলৈ হ'লে লাগিব এই ধৰণৰ মানসিকতাৰ আৰু অধ্যয়ন উপযোগী এক সামাজিক পৰিৱেশো। সেয়ে এই কথাও লগতে কৈ যাব লাগিব যি একাংশ অসমীয়াই ইতিমধ্যে এই কঠিন পৰীক্ষাত উত্তীৰ্ণ হৈ বর্তমানো সেৱা আগবঢ়াই আছে বা যিসকলে ইতিমধ্যে এই সেৱাৰ পৰা অৱসৰ লৈছে তেওঁলোকে নিজৰ মাজত এই পৰিৱেশ সৃষ্টি কৰিহে 'একলব্য সাধনা'ৰে এই পৰীক্ষাত সফলতা লাভ কৰিছে বুলি ক'লেহে উচিত কোৱা হ'ব। কিন্তু বিহাৰ, মহাৰাষ্ট্ৰ, ৰাজস্থান, দিল্লী আদিৰ দৰে অঞ্চলসমূহত অসামৰিক পৰীক্ষাৰ বাবে এক অনুকূল পৰিৱেশ আছে। তাৰ ছাত্ৰ-ছাত্ৰীসকল এই পৰীক্ষাত অৱতীৰ্ণ আৰু উত্তীর্ণ হ'বলৈ পূৰ্বৰ পৰাই দৃঢ় সংকল্পবদ্ধ। কিন্তু সেই চেষ্টা, সজাগতা, মনোবল আৰু সাধনা অসমীয়া প্রার্থীৰ ক্ষেত্ৰত প্রায় বিৰল, যাৰ বাবে এই সন্মানীয় পৰীক্ষাত সফল হোৱা অসমীয়া প্ৰাৰ্থীৰ সংখ্যা সদায়েই তাকৰ।
প্ৰকৃততে আমাৰ ৰাজ্যখনৰ সৰ্বাংগীণ বিকাশ আৰু কল্যাণ তথা সামগ্রিকভাৱে অসমীয়া জাতিসত্তাৰ মংগলৰ বাবে দেশ আৰু ৰাজ্যৰ উচ্চস্তৰীয় বিষয়াৰ পদবীত অধিষ্ঠিত হ'ব পৰা এই পৰীক্ষাত অসমীয়া ছাত্র-ছাত্রীয়ে সফলতা লাভ কৰাটো খুবেই জৰুৰী। কাৰণ অসমীয়া বিষয়া এজনে অসম সম্পর্কীয় বিষয় এটা যি সহানুভূতি, আন্তৰিকতা আৰু সদ্ ইচ্ছাৰে চাব, অনা অসমীয়া বিষয়া এজনে সেই দৃষ্টিৰে চাব বুলি সহজে আশা কৰিব নোৱাৰি। কিন্তু অসামৰিক সেৱাৰ পৰীক্ষাত অসমীয়া সফল প্ৰাৰ্থীৰ সংখ্যা নাবাঢ়িলে অনা অসমীয়া বিষয়াই অসম তথা ভাৰতত দপদপাই আছে বুলি হুমুনিয়াহ কাঢ়ি থাকি লাভ নাই। চৰকাৰৰ লগতে আমাৰ ছাত্র সংগঠন তথা জাতীয় সংগঠনসমূহে বিষয়টো গুৰুত্বসহকাৰে লৈ এই সম্পর্কত এক সজাগতা সৃষ্টি কৰি এই সন্মানীয় পৰীক্ষাটোৰ প্ৰতি আমাৰ ছাত্ৰ-ছাত্ৰীসকলক সৰুৰে পৰাই আকৰ্ষিত কৰিব পৰাটো এতিয়া এক জাতীয় দায়িত্ব।