মালিচ এক চিকিৎসা বিজ্ঞান......

Dainik Janambhumi August 02, 2024

মধুমিতাৰ একলম ......     
 ড° মধুমিতা শইকীয়া, সৌন্দৰ্য শিক্ষাবিদ 

ডিজিটেল ডেস্কঃ  বিশেষ মন কৰিবলগীয়া কথা যে মালিচ এক চিকিৎসা বিজ্ঞান । প্ৰত্যেক মালিচ বিদ্যা গ্ৰীষ্ম প্ৰধান দেশত উদ্বুদ্ধ। সকলো মালিচ প্ৰক্ৰিয়াৰ মূল হৈছে আয়ুৰ্বেদ । ঠাণ্ডা প্ৰধান ঠাইসমূহত কৰা সমুহ পইণ্ট মাছাজ যেনে ৰিফ্লেক্সোলজী, আকুপ্ৰেছাৰ ইত্যাদি। গ্ৰীষ্ম প্ৰধান দেশত কৰাসমূহত অ্ভ্যাংগ, বালি ইত্যাদি। সকলো মাছাজৰ সংগৃহীত মালিচ পদ্ধতি হৈছে ছুইডিচ মাছাজ। 
থাই মাছাজৰ প্ৰশিক্ষণৰ বাবে থাইলেণ্ডৰ চিয়াংমাই চহৰলৈ যাওঁতে গম পালোঁ যে থাই মাছাজ ভাৰতৰ পৰা থাইলেণ্ডলৈ কঢ়িয়াই নিছিল গৌতম বুদ্ধৰ চিকিৎসক শিৱাগৌয়ে। চীনৰ  প্ৰাচীন বনৌষধি বিদ্যা শিকিবলৈ ছাংহাই চহৰলৈ যাওঁতে গম পালোঁ যে চাইনিজ হাৰ্বালিজম আৰু পইণ্ট মাছাজ ভাৰতৰ পৰা কঢ়িয়াই নিছিল সম্ৰাট অশোকৰ পুত্ৰ মহেন্দ্ৰ মহা ভিক্ষুয়ে।  শ্ৰীলংকাৰ আয়ুৰ্বেদিক বিদ্যাৰ মূল ভেটি গঢ়িছিল অশোক পুত্ৰী সংঘামিত্ৰাই। বালি, সোমালি অতীজত ভাৰতবৰ্ষৰ অঙ্গ আছিল। পৰিৱৰ্তন আৰু উন্নতি হৈছে কিন্তু মূল হৈছে ভাৰতীয় আয়ুৰ্বেদ শাস্ত্ৰ। হাৱাইৰ আলোহা লুমীলুমী মাছাজৰ আয়ুৰ্বেদিক পদ্ধতিৰ লগত মিল আছে। ৰোমান, গ্ৰীকসকলৰ মালিচ লৈ ৰ'দত বহা পদ্ধতি জম্মু দ্বীপৰ প্ৰভাৱ থকা প্ৰমাণ পোৱা যায় বুলি পুৰাতাত্ত্বিকসকলে মত পোষণ কৰে।

মালিচৰ মূল উদ্দেশ্য চিকিৎসা, যোগ নিৰাময়, শক্তি বঢ়োৱা । আৰাম দিয়া বা লোৱা দৃষ্টিকোণ পিছলৈ সংযোগ হয়। বেলজিয়ামৰ পৰা কেৱল গৰম পানীৰ উহত বহা প্ৰথাহে বৃটেইনৰ বাথ আৰু ছাউথ এম্পটনৰ চহৰলৈ, ৰোমানসকলৰ মাজত প্ৰচলিত হৈছিল। মালিচৰ জ্ঞান কিন্তু ভাৰতৰ পৰা লাভ কৰিছিল।

মানসিক, শাৰীৰিক আৰু আধ্যাত্মিক শক্তি লাভ কৰিবলৈ মালিচ সৰ্বশ্ৰেষ্ঠ। এই জ্ঞান আমি ঈশ্বৰপ্ৰদত্ত বুলি জ্ঞান কৰোঁ। দুখ লাগে যেতিয়া ইয়াৰ দূৰ ব্যৱহাৰ হোৱা দেখো। অৱশ্য এক শ্ৰেণীৰ মানুহ হয়ে অসৎ। ঈশ্বৰৰ নামত ব্যৱসায়, প্ৰেমৰ দৰে আৱেগৰ যত ব্যাভিচাৰ হয় তাত কিছুমান মানুহে মালিচৰ দৰে মহান চিকিৎসা বিজ্ঞানৰ দূৰ ব্যৱহাৰ কৰাটো সাধাৰণ কথা। কথতে আছে- ভালে পায় ভালক, জাবৰে পায় খালক।
 

Share This