মণিপুৰলৈ শান্তি ঘূৰি অহা নাই, চৰকাৰৰ বিৰুদ্ধে মেইটেই মহিলাৰ অভিযোগ

dainik janambhumi December 18, 2025

ডিজিটেল ডেস্ক : দিল্লীৰ যন্তৰ মন্তৰত অৱস্থান ধর্মঘট কার্যসূচী চলাই থকা মণিপুৰৰ মেই টেই জনগোষ্ঠীৰ মহিলা সদস্যসকলে চৰকাৰৰ বিৰুদ্ধে কেতবোৰ বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে। ৰাজ্যখনত সংঘটিত গোষ্ঠীগত সংঘর্ষত অভ্যন্তৰীণভাৱে স্থানচ্যুত লোক (আই ডি পি) সকলক ঘৰলৈ ঘূৰি যোৱাৰ ক্ষেত্ৰত চৰকাৰে বিশেষ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ কৰিছে এই লোকসকলে। 

এই ক্ষতিগ্রস্ত তথা ঘৰ-বাৰী হেৰুওৱা লোকসকলে নিৰাপদ আৰু সন্মানজনকভাবে নিজ ঘৰলৈ ঘূৰি গৈ জীৱনটো পুনৰ আৰম্ভ কৰিব পৰাকৈ সু-ব্যৱস্থা কৰি দিয়াৰ বাবে চৰকাৰৰ ওচৰত দাবী জনাইছে। দিল্লীত প্রতিবাদ অব্যাহত ৰখা মণিপুৰৰ চুড়াচান্দপুৰৰ এগৰাকী মহিলাই কয় যে ৰাজ্যখনৰ আৰক্ষীয়েও তেওঁক কোনো সহায় নকৰিলে। তেওঁ ৰে'ল বিভাগৰ কেবিন ক্রিউ হিচাপে আৱেদন কৰিছিল, কিন্তু বিবেচিত নহ'ল। তদুপৰি, পাছপ'ৰ্টৰ বাবে আৱেদন কৰিছিল যদিও চুড়াচান্দপুৰ আৰক্ষীয়ে দীর্ঘদিনে ঠিকনাৰ প্ৰমাণ- পত্র প্রদান নকৰিলে। 

আৰক্ষীয়ে মাত্র কৈ আহিছে যে আৱেদনকাৰীৰ ঘৰ উল্লিখিত স্থানত নাই। মহিলাগৰাকীয়ে আৰু কয় যে সকলোৱেই জানে যে আমাৰ ঘৰবোৰ জ্বলাই দিয়া হৈছিল আৰু আমি দীর্ঘদিনে তালৈ ঘূৰি যাব পৰা নাই। কিন্তু 'মোক কোনোৱে সহায় নকৰিলে' বুলিও তেওঁলোকে প্রকাশ কৰে। তেওঁ কয় যে আমি বেছি একো বিচৰা নাই, মাত্ৰ আমাৰ ঘৰ, আমাৰ ভূমি, আমাৰ সুখ আৰু আমাৰ স্মৃতিবোৰ ঘূৰাই বিচাৰিছোঁ। তেওঁ দেশৰ মুখ্য ন্যায়াধীশ সূর্য কান্তলৈও তেওঁলোকৰ ঘৰবোৰ ঘূৰাই দিয়াৰ ব্যৱস্থা কৰিবলৈ আহ্বান জনাইছে।

Share This