ন্যায়াধীশ প্ৰসাদ কুমাৰ ঠাকুৰ স্মাৰক বক্তৃতা, অজ্ঞতাৰ লগতে সচেতনতাৰ অভাৱতো দৈনন্দিন জীৱনত আমি প্ৰৱঞ্চিত হৈ আহিছোঁ

dainik janambhumi March 21, 2026

ডিজিটেল ডেস্ক: 'মহাকাব্য অধ্যয়ন কেন্দ্ৰ'ৰ উদ্যোগত কেন্দ্ৰটোৰ প্রতিষ্ঠাপক সভাপতি, টাডা আদালতৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ তথা উপভোক্তা আদালতৰ সভাপতি প্রয়াত প্ৰসাদ কুমাৰ ঠাকুৰৰ স্মৃতিত কালি যোৰহাটত 'গ্ৰাহকৰ অধিকাৰ আৰু সুৰক্ষা' শীর্ষক এক স্মাৰক বক্তৃতা অনুষ্ঠিত হয়। 

জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, জ্যেষ্ঠ অধিবক্তা ভৱ গোস্বামীৰ সভাপতিত্বত অনুষ্ঠিত বক্তৃতানুষ্ঠানৰ আৰম্ভণিতে আদৰণী ভাষণ আৰু উদ্দেশ্য ব্যাখ্যা আগবঢ়ায় মহাকাব্য অধ্যয়ন কেন্দ্ৰৰ সচিব ড° মালিনীয়ে। বক্তৃতানুষ্ঠানৰ উদ্দেশ্য ব্যাখ্যাত ড° মালিনীয়ে মহাকাব্য অধ্যয়ন কেন্দ্ৰৰ প্রতিষ্ঠাপক সভাপতি প্রসাদ কুমাৰ ঠাকুৰৰ প্ৰচাৰবিমুখ, পাণ্ডিত্যপূর্ণ জীৱনচৰ্যাৰ বিষয়ে চমু আভাস দাঙি ধৰি ইংৰাজী আৰু সংস্কৃত ভাষা-সাহিত্যত থকা প্ৰচুৰ দখলৰ বিষয়ে উল্লেখ কৰে। এগৰাকী ন্যায়াধীশৰ মনৰ জগতখনত সমাজৰ সকলো শ্ৰেণী লোকৰ বাবে কেনেদৰে সূক্ষ্ম অনুভূতিৰে পৰ্যবেক্ষণ কৰা চিন্তা বিৰাজমান, সেই বিষয়ে মহাকাব্য অধ্যয়ন কেন্দ্ৰৰ সৈতে তেওঁ জড়িত হোৱাৰেপৰা কোনবোৰ দিশৰপৰা জানিব পাৰিছিল সেই বিষয়েও ড° মালিনীয়ে অতি সহজভাৱে উল্লেখ কৰে। 

বক্তৃতানুষ্ঠানটো আনুষ্ঠানিকভাৱে উদ্বোধন কৰে দেৰগাঁও কমল দুৱৰা মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ, অসম সাহিত্য সভাৰ সুদক্ষ সংগঠক ড° পৰাগ ঠাকুৰে। বক্তৃতানুষ্ঠানৰ উদ্বোধনী ভাষণত ড° ঠাকুৰে জন্মসূত্ৰে প্ৰসাদ ঠাকুৰৰ দেৰগাঁৱৰ সংস্কৃতিৱান, শিক্ষাব্রতী পিতৃ-মাতৃ প্রমুখ্যে পৰিয়ালটোৰ বিষয়ে উল্লেখ কৰাৰ লগতে স্নাতক ডিগ্রী গ্ৰহণৰ পাছতেই দুবছৰমান তেওঁ দেৰগাঁৱত শিক্ষকতাত জড়িত হোৱাৰ বিষয়েও উল্লেখ কৰে। 

সংস্কৃত আৰু ইংৰাজী ভাষাত প্ৰচুৰ দখল থকা প্ৰসাদ ঠাকুৰে এলাহাবাদ বিশ্ববিদ্যালয়ৰ পৰা আইনৰ উচ্চ শিক্ষা গ্রহণ কৰাৰ সময়ৰে পৰাই কেনেদৰে গ্ৰন্থ অধ্যয়ন, যুক্তিনিষ্ঠতা, সহনশীলতা আৰু নৈতিকতাসম্পন্ন মূল্যবোধক চৰিত্ৰৰ অন্যতম বৈশিষ্ট্যৰূপে নিজৰ জীৱনকালত তেওঁৰ ব্যক্তিগত, পাৰিবাৰিক আৰু সামাজিক জীৱনত দাঙি ধৰিব পাৰিছিল, সেই সন্দৰ্ভতো ড° ঠাকুৰে ভাষণত উল্লেখ কৰে। অনুষ্ঠানত 'গ্ৰাহকৰ অধিকাৰ আৰু সুৰক্ষা' শীর্ষক বক্তৃতা আগবঢ়ায় আকাশবাণীৰ অৱসৰপ্ৰাপ্ত সঞ্চালক, লেখক জয়ন্ত কুমাৰ বৰঠাকুৰে। এজন ব্যক্তিয়ে যদিহে ধন ব্যয় নকৰাকৈ পিছ দুৱাৰেদি বা ঘোচ দি সুবিধা ল'বলৈ গৈ ব্যর্থ হয় বা তেনে পদ্ধতিৰে সুবিধা আদায় কৰিব পাৰেও তেন্তে সেইজন ব্যক্তিৰ গ্ৰাহকৰ অধিকাৰ নাথাকে। প্ৰসংগক্রমে বক্তা বৰঠাকুৰে দৈনন্দিন জীৱনত খাদ্য সামগ্রী ক্ৰয় কৰা, হোটেল, ৰেস্তোৰাঁত খোৱা, বৈদ্যুতিক সামগ্ৰী, কাপোৰ ক্ৰয় কৰা, কোনো ঠাইলৈ যাবলৈ যান-বাহন বন্দবস্ত কৰা, কৌশলেৰে ম্যাদ উকলা ঔষধকে ধৰি ভিন্ন সামগ্রী বিক্ৰী কৰা, ভুৱা বিজ্ঞাপনেৰে প্রলোভিত কৰা, বেংকৰ ভুলৰ বাবে একোজন গ্রাহক বিপদত পৰা আদি ভিন্ন বিষয়বোৰ উদাহৰণসহ সমবেত দৰ্শক-শ্রোতাৰ আগত সহজভাৱে ব্যাখ্যা আগবঢ়ায়। 

আনহাতে, এখন হোটেল বা ৰেস্তোৰাঁত পৰিয়ালক লগত লৈ বা বন্ধুবর্গ, আত্মীয়ক লৈ খাবলৈ গ'লে খোৱা বস্তুবোৰৰ লগত সোমাই থকা ভিন্ন কৰৰ (টেক্স) নামত আমি কেনেদৰে ঠগ-প্ৰৱঞ্চনাৰ বলি হৈ আহিছোঁ, সেই বিষয়েও তেওঁ সহজভাৱে বৰ্ণনা কৰে। এনে অৱস্থাত আমি সচৰাচৰ হোটেল-ৰেস্তোৰাঁৰ বিলখনৰ সন্দৰ্ভত আত্মসন্মান লাঘব হ'ব বুলি ভাবি কেনেদৰে কি কি টেক্স আৰোপ কৰা হৈছে, সেই বিষয়ে জানিবলৈ ইচ্ছা নকাৰা বা অতি সংকোচ কৰি কেনেদৰে খাদ্যবস্তুৰ নামত একাংশ হোটেল-ৰেস্তোৰাঁই গ্ৰাহকৰ পৰা কৌশলেৰে অধিক ধন আদায় কৰি আহিছে আৰু আমাৰ সচেতনতাৰ অভাৱত কেনেদৰে প্ৰৱঞ্চিত, প্ৰতাৰিত হৈ আহিছোঁ সেই বিষয়েও বক্তা বৰঠাকুৰে বিস্তৃতভাৱে উল্লেখ কৰে। যোৰহাটৰ হোটেল প্রিজমৰ সভাগৃহত অনুষ্ঠিত বক্তৃতানুষ্ঠানৰ আৰম্ভণিতে প্রয়াত প্রসাদ কুমাৰ ঠাকুৰৰ প্ৰতিচ্ছবিৰ সন্মুখত পৰিয়ালবৰ্গৰ লগতে মহাকাব্য অধ্যয়ন কেন্দ্ৰৰ বিষয়ববীয়া আৰু সদস্যসকলে বন্তি প্রজ্বলন কৰে।

Share This