ৰাষ্ট্ৰীয় সুৰক্ষা, আন্তঃগাঁথনি উন্নয়নৰ দিশত যুগান্তকাৰী পদক্ষেপ, চীনলৈ বাৰ্তা! মৰাণৰ ৰাজপথত জৰুৰী অৱতৰণ ক্ষেত্ৰ মুকলি কৰিলে প্রধানমন্ত্রীয়ে

dainik janambhumi February 15, 2026

ডিজিটেল ডেস্ক: ৰঙা চীনলৈ কঠোৰ বাৰ্তা প্ৰেৰণেৰে কালি মৰাণৰ আকাশত এখনৰ পাছত আনখন যুঁজাৰু বিমানে কলা-কৌশল প্ৰদৰ্শন কৰি ভাৰতৰ শক্তি বিশ্ববাসীক অৱগত কৰিলে। সীমান্ত এলেকাৰ বাবে অতি প্রয়োজনীয় জৰুৰীকালীন অৱতৰণ ক্ষেত্ৰ মুকলি কৰি প্ৰধানমন্ত্ৰী মোদীয়ে বুজাই দিলে নতুন ভাৰতৰ শক্তি। 

মৰাণৰ আকাশত ছুখয়, ৰাফেল, তেজস, হাৰকিউলিছ আদি যুঁজাৰু বিমান অৱতৰণ আৰু উৰণেৰে জৰুৰীকালীন সময়ত ভাৰতীয় সেনাই কিদৰে নিজৰ কৰ্তব্য পালন কৰিব তাৰো এক ছবি তুলি ধৰে। প্ৰধানমন্ত্ৰীয়ে একপ্ৰকাৰ শত্ৰু ৰাষ্ট্ৰক কঠোৰ বাৰ্তা দি কৌশলগত আৰু নিৰাপত্তাজনিত দিশত ভৱিষ্যতে ভাৰতে কিদৰে আগবাঢ়িব তাৰ এক ইংগিত দিয়াই নহয়, পৰোক্ষভাৱে ভাৰতলৈ চকু নিদিবলৈ সকলোকে যেন সকীয়াই দিয়ে। 

উল্লেখযোগ্য যে ডিব্ৰুগড়ৰ মৰাণ বাইপাছত কালি উত্তৰ-পূবৰ প্ৰথমটো অত্যাধুনিক জৰুৰীকালীন অৱতৰণ ক্ষেত্ৰ উদ্বোধন কৰা হয়। ৰাজ্যৰ আন্তঃগাঁথনি আৰু প্ৰতিৰক্ষা ক্ষমতাৰ বাবে এক ঐতিহাসিক ক্ষণত, প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে কালি ডিব্ৰুগড় জিলাৰ মৰাণত উত্তৰ-পূবৰ প্ৰথমটো জৰুৰীকালীন অৱতৰণ সুবিধাত (ই এল এফ) অৱতৰণ কৰা দেশৰ প্ৰথমজন প্রধানমন্ত্রী হিচাপে পৰিগণিত হয়। মৰাণ বাইপাছত ১০০ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা এই ৪.২ কিল'মিটাৰ দৈৰ্ঘ্যৰ পথছোৱাই ৰাষ্ট্ৰীয় ঘাইপথ আৰু জৰুৰীকালীন সময়ত ভাৰতীয় বায়ুসেনাৰ কাৰ্যকলাপৰ বাবে এক গুৰুত্বপূৰ্ণ বিমানঘাটি হিচাপে কাম কৰিব। 

প্রধানমন্ত্রী মোদীয়ে চাবুৱা বিমানঘাটিৰ পৰা বায়ুসেনাৰ এখন চি-১৩০ জে বিমানেৰে উৰা মাৰি বিশেষভাৱে শক্তিশালী কৰা এই ৰানৱে'ত সুকলমে অৱতৰণ কৰি ইতিহাস ৰচনা কৰে। অসামৰিক আৰু সামৰিক উভয় ব্যৱহাৰৰ বাবে বিকশিত কৰা এই জৰুৰীকালীন অৱতৰণ ক্ষেত্ৰৰ দ্বাৰা প্ৰাকৃতিক দুর্যোগ বা সংঘাতৰ দৰে সংকটকালত ডিব্ৰুগড় বিমান বন্দৰৰ এক শক্তিশালী বিকল্প হিচাপে সেৱা আগবঢ়াব। 

ইয়াত ৪০ টন পর্যন্ত ওজনৰ যুঁজাৰু বিমান আৰু সৰ্বাধিক ৭৪ টন ওজনৰ গধুৰ পৰিবহণ বিমান অৱতৰণ কৰিব পাৰিব, যাৰ ফলত এই কৌশলগতভাৱে স্পৰ্শকাতৰ সীমান্ত অঞ্চলত প্ৰতিৰক্ষা যোগান ব্যৱস্থা, দ্রুত মোতায়েন আৰু মানৱীয় সাহায্য অধিক শক্তিশালী হ'ব। প্ৰধানমন্ত্ৰীৰ ভ্ৰমণৰ আৰম্ভণিতে ভাৰতীয় বায়ুসেনাই ৪০ মিনিটজোৰা এক আকর্ষণীয় আকাশী প্রদর্শন আগবঢ়ায়। 

সুখয় (সুখয় এছ ইউ-৩০ এম কে আই) আৰু ৰাফেলৰ দৰে যুঁজাৰু বিমানে ঘাইপথৰ পৰাই উৰা মৰা আৰু অৱতৰণৰ সফল প্রদর্শন কৰে। সামগ্ৰী আৰু সৈন্য পৰিবহণৰ বাবে বায়ুসেনাৰ নিৰ্ভৰযোগ্য বিমান An-32-এও এই প্রদর্শনত অংশ লৈ দুর্গম অঞ্চলত ইয়াৰ বহুমুখিতা প্রদর্শন কৰে। তদুপৰি এডভান্সড লাইট হেলিকপ্টাৰ (এ এল এইচ)-এ মানৱীয় সাহায্য আৰু দুর্যোগ প্রশমন (এইচ এ ডি আৰ) অভিযানৰ কৌশল প্রদর্শন কৰে। এই বায়ুসেনা বাহিনীৰ বাহনসমূহে উত্তৰ-পূবৰ বানপ্ৰৱণ দুর্গম অঞ্চলসমূহত অনুসন্ধান আৰু উদ্ধাৰ অভিযান, চিকিৎসা সেৱা, নিৰীক্ষণ আৰু খাদ্য-সামগ্রী যোগান ধৰাৰ ক্ষেত্ৰত বিশেষ পাৰদৰ্শিতা দেখুৱায়। বায়ুসেনাৰ বিশেষ বাহিনী 'গৰুড় কমাণ্ডো'রে এই প্ৰদৰ্শনৰ সময়ত অত্যন্ত নিখুঁতভাৱে ৰছীৰে নামি আহে। যিয়ে সন্ত্রাসবাদ বিৰোধী অভিযান আৰু উচ্চ-বিপদসংকুল পৰিস্থিতিত তেওঁলোকৰ গুৰুত্বপূৰ্ণ ভূমিকাক প্রতিফলিত কৰে। ইয়াৰ পূৰ্বে চাবুৱা বিমানঘাটিত প্রধানমন্ত্রী মোদীক ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচার্য, মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মা, কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱাল আৰু ৰাজ্যৰ শীৰ্ষ বিষয়াসকলে আদৰণি জনায়। 

ইফালে মৰাণৰ বাইপাছত অস্থায়ীভাৱে নির্মিত মঞ্চত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী উপৱিষ্ট হোৱাৰ পাছতে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই তেওঁক গামোচা, জাপি আদিৰে আদৰণি জনায়। ইয়াৰ পাছত মঞ্চত উপৱিষ্ট ভাৰতীয় বায়ুসেনা বাহিনীৰ চীফ অব্ এয়াৰ ষ্টাফ এয়াৰ চীফ মার্শ্বেল অমৰ প্ৰীত সিঙে প্রধানমন্ত্রী মোদীক আদৰণি জনায়। এই অনুষ্ঠানত মন্ত্রী প্রশান্ত ফুকন, বিমল বড়া, ৰাজ্য সভাৰ সাংসদ ৰামেশ্বৰ তেলী, বিধায়ক চক্ৰধৰ গগৈ অতিথি হিচাপে উপস্থিত থাকে। কালিৰ এই অনুষ্ঠানত হাজাৰ হাজাৰ লোক ঐতিহাসিক ক্ষণৰ সাক্ষী হৈ ৰয়।

Share This