ৰিং ৰ'ৰ্ডৰ কাষেৰে মেট্ৰ' ৰে'ললাইন, ১০,০০০ কোটি ব্যয়েৰে ৮০০ কিঃমিঃ উন্নত পথ

dainik janambhumi July 11, 2026

ডিজিটেল ডেস্ক : 'অসম চৰকাৰে গুৱাহাটীত ৰিং ৰোডৰ কাষেৰে মেট্ৰ' ৰে'ললাইন স্থাপনৰ বাবে চিন্তা কৰিছে। এই উদ্দেশ্যে উপগ্ৰহীয় চহৰসমূহৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰি ৰে'ল যোগাযোগ ব্যৱস্থাক সামৰি লোৱা ৰিং ৰোডৰ চাৰিওকাষে যান-জঁট হ্রাস কৰি নগৰীয়া বিকাশক ত্বৰান্বিত কৰা হ'ব।' 

কালি এই কথা প্ৰকাশ কৰিছে বিত্তমন্ত্রী জয়ন্ত মল্লবৰুৱাই। আনহাতে, অসমমালাৰ ৪.০ৰ অধীনত অসমত অহা পাঁচ বছৰত আনুমানিক ১০ হাজাৰ কোটি টকা ব্যয়েৰে প্রায় ৮০০ কিল 'মিটাৰ উন্নত মানৰ পথ নিৰ্মাণ কৰা হ'ব। ভাৰত চৰকাৰৰ সহযোগত ৫৫ হাজাৰ কোটিতকৈও অধিক টকাৰে আন্তঃগাঁথনিমূলক প্ৰকল্পৰ কাম আৰম্ভ হৈছে ৰাজ্যত। ভাৰত চৰকাৰৰ সহযোগত ১৩,৮১২ কোটি টকা ব্যয়েৰে বাইহাটা চাৰিআলিৰ পৰা তেজপুৰৰ মিছন চাৰিআলিলৈকে চাৰি লেনযুক্ত পথ নির্মাণ প্রকল্প, গুৱাহাটী বিমান বন্দৰৰ পৰা জালুকবাৰীলৈ ৩.৪২৩ কোটি টকা ব্যয়েৰে এলিভেটেড কৰিডৰ আৰু মৰিগাঁও-দৰং সংযোগী ব্ৰহ্মপুত্ৰৰ ওপৰত এখন নতুন দলং নির্মাণ কৰা হ'ব। 

প্রায় ১৪০০ কোটি টকা ব্যয়েৰে নিৰ্মিত যোৰহাট-মাজুলী সংযোগী দলং অহা ২০২৭ চনৰ ডিচেম্বৰৰ ভিতৰত সম্পূর্ণ হ'ব বুলি উল্লেখ কৰে বিত্তমন্ত্ৰীগৰাকীয়ে। তেওঁ লগতে কয় যে ৩১৯৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা পলাশবাৰী-শুৱালকুছিদলং, ৪৯৯৭ কোটি টকা ব্যয়েৰে নির্মিত ধুবুৰী-ফুলবাৰী দলঙৰ কামো এই সময়ছোৱাতেই সম্পন্ন কৰা হ'ব। ইফালে শক্তিখণ্ডক শক্তিশালী কৰাৰ উদ্দেশ্যে জলবিদ্যুৎ, সৌৰশক্তি, তাপ বিদ্যুৎ আৰু শক্তি সংৰক্ষণ প্রকল্পসমূহত ৭৭,৩৫৩ কোটিৰো অধিক টকা বিনিয়োগৰ পৰিকল্পনা কৰা হৈছে। জলসম্পদক উৎপাদনশীল কাৰ্যত ব্যৱহাৰ কৰাৰ বাবে গুৰুত্ব আৰোপ চৰকাৰৰ। জলসিঞ্চনৰ বাবে উচ্চ চাপযুক্ত পাইপলাইন বিতৰণ নেটৱৰ্ক ব্যৱস্থা গ্রহণ চৰকাৰৰ। বৰাক, সোৱণশিৰি, মানাহ, বেঁকী, পুঠিমাৰী, জীয়াভৰলী, ধনশিৰি, কপিলী আদি নদীৰ পৰা খৰাং বতৰত জলসিঞ্চনৰ বাবে পৰীক্ষা চলোৱা হ'ব। ইয়াৰ বাবে প্রায় ৩০০০ কোটিৰ পৰা ৪০০০ কোটি টকা খৰচ হ'ব। চলিত বর্ষত এই ব্যয়ৰ পৰিমাণ ২০০ কোটি ধাৰ্য কৰা হৈছে। প্রণিধানযোগ যে মিছন বসুন্ধৰাৰ তিনিটা পর্যায়ত ৪.৫৩ লাখ বিঘা ভূমিৰ ওপৰত ৩.৫৬ লাখ পৰিয়ালক মালিকীস্বত্ব প্ৰদান কৰা হৈছে। 

মিছন বসুন্ধৰা-৪ৰ জৰিয়তে বৰাক উপত্যকা, মৰাণ, মটক, আহোম, চুতীয়া, কোচ ৰাজবংশী আৰু অন্যান্য খিলঞ্জীয়া জনগোষ্ঠীক ভূমিৰ অধিকাৰ প্ৰদান কৰা হ'ব। কমেও তিনিটা প্রজন্মই অসমত বাস কৰা পৰিয়ালৰ সদস্যকহে ভূমি আবণ্টনৰ ব্যৱস্থা কৰা হ'ব। ইতিমধ্যে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানৰ অধীনত প্রায় ১ লাখ হিতাধিকাৰীক সুতবিহীন ঋণ প্রদান কৰা হৈছে। বাকী থকা যোগ্য হিতাধিকাৰীয়ে এই বছৰতেই ঋণ লাভ কৰিব। মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানৰ বাবে ৫০০ কোটি টকা আবণ্টন দিয়া হৈছে। আনহাতে, প্রতিজন বিধায়কৰ বাবে উন্নয়ন পুঁজি ২০২৬-২৭ বৰ্ষৰ বাবে ১.৫ কোটি টকালৈ বৃদ্ধি কৰা হৈছে। ২০২৭-২৮ বৰ্ষৰ পৰা এই পুঁজি ২ কোটি হ'ব। এই আবণ্টনৰ ১০ শতাংশ পুঁজি সমূহীয়া প্রয়োজন অনুসৰি জৰুৰীভাৱে পূৰণ কৰা জনকল্যাণমূলক সহায়ৰ বাবে আছুতীয়াকৈ ৰখা হ'ব। জলজীৱন অভিযানৰ আন্তঃগাঁথনি সম্পূৰ্ণ কৰা তথা অধিক শক্তিশালী কৰাৰ বাবে চৰকাৰে কাম কৰিব। অহা পাঁচ বছৰৰ ভিতৰত খোৱাপানী যোগান আন্তঃগাঁথনি উন্নয়নৰ বাবে বেংকৰ সাহায্য গ্রহণ কৰিব। 

২০৩০-৩১ বৰ্ষৰ ভিতৰত অসমত মৎস্য উৎপাদন ১০ লাখ মেট্রিক টনলৈ বৃদ্ধিৰ লক্ষ্য চৰকাৰৰ। কণীৰ উৎপাদন ৬০ লাখলৈ বৃদ্ধিৰ লক্ষ্য। দুগ্ধ উৎপাদনৰ বাবে ৫০০ কোটি টকা ব্যয়সাপেক্ষে দুগ্ধ সম্প্ৰসাৰণ অভিযান আৰম্ভ কৰা হ'ব। মাংসৰ উৎপাদন বৃদ্ধিৰ বাবে হাঁহ-কুকুৰা, গাহৰি পালনৰ ব্যৱস্থা অধিক উন্নত কৰাৰ লক্ষ্য। অসমৰ মুগা সূতাক বিশ্বমুখী কৰাৰ মানসেৰে ড'নাৰ মন্ত্ৰ্যালয়ৰ সহযোগত অসম চৰকাৰে ৪০০ কোটি টকা ব্যয়েৰে মিছন চেনেহজৰী নামেৰে তিনি বছৰীয়া পদক্ষেপ আৰম্ভ কৰিছে। ৮.৪৪ কোটি টকা ব্যয়েৰে ঢকুৱাখনাত এখন মুগা ৰেচম পৰ্যটন উদ্যান আৰু ১০ কোটি টকা ব্যয়েৰে ধেমাজিত এটা মুগা স্পান মিল স্থাপন কৰা হ'ব। 

২০২৮ চনৰ ভিতৰত আধুনিক সূতা-কটা আন্তঃগাঁথনি স্থাপন কৰাৰ লগতে মুগা উৎপাদকসকলক ১১৮০টা ফাৰ্মাৰ্ছ ইন্টাৰেণ্ট গ্রুপ আৰু ৩০টা কৃষক উৎপাদক সংস্থা স্থাপন কৰা হ'ব। গুৱাহাটীত ভূগর্ভস্থ বৈদ্যুতিক নেটৱৰ্ক স্থাপনৰ বাবে ২৫০০ কোটি টকাৰ প্ৰকল্প ঘোষণা কৰা হৈছে বাজেটত। ইয়াৰ প্ৰথম পৰ্যায়ত পাঁচটা অঞ্চল সামৰি আৰ ডি এছ এছ আঁচনিৰ অধীনত ২০০ কোটি টকা ব্যয় কৰা হ'ব। এই পাঁচটা অংশ হৈছে-পল্টন বজাৰ স্কোৱেৰ, পল্টন বজাৰৰ পৰা ভৰলুমুখলৈ এ টি ৰোড, ভৰলুমুখৰ পৰা পদুমপুখুৰীলৈ এম জি ৰোড, পল্টন বজাৰৰ পৰা জি এম চি এইচলৈ জি এছ ৰোড, ভঙাগড়ৰ পৰা অসম সচিবালয়লৈ জি এছ ৰোড।

Share This