তেজুত মিচিমিসকলৰ টমলা-ড' উৎসৱ পালন

dainik janambhumi February 17, 2026

ডিজিটেল ডেস্ক: অৰুণাচল প্ৰদেশৰ লোহিত জিলাৰ তেজুত যোৱা ১৫ ফেব্ৰুৱাৰীত স্বকীয় কলা-সংস্কৃতিৰে চহকী মিচিমিসকলৰ ৫৬তম টামলা-ড' উৎসৱ অতি উলহ-মালহেৰে কেন্দ্ৰীয়ভাৱে পালন কৰা হয়। 

ডিগাৰু মিচিমি সম্প্ৰদায়ৰ দ্বাৰা আয়োজিত এই বছৰেকীয়া উৎসৱত অংশগ্ৰহণকাৰীসকলে খোৰালিয়াঙত একত্রিত হৈ আগন্তুক বছৰত সুৰক্ষা, সমৃদ্ধি আৰু প্ৰচুৰ শস্যৰ বাবে প্রকৃতি দেৱতালৈ প্রার্থনা জনায়। মুখ্য অতিথি হিচাপে উপস্থিত থকা গৃহ আৰু আন্তঃৰাজ্য সীমান্ত পৰিক্ৰমা, জনস্বাস্থ্য কাৰিকৰী আৰু পানী যোগান আৰু থলুৱা পৰিক্ৰমা মন্ত্ৰী মামা নাটুঙে উৎসৱৰ চিৰন্তন তাৎপৰ্যৰ ওপৰত গুৰুত্ব আৰোপ কৰি বক্তব্য প্রদান কৰে। তেওঁ কয় যে টামলা-ড' হৈছে প্রকৃতি আৰু মানৱ জাতিৰ পূৰ্বপুৰুষ তথা ইজন-সিজনৰ লগত থকা অটুট সম্পৰ্কৰ এক জীৱন্ত দলিল। এই পবিত্র উপলক্ষত প্রতিটো মিচিমি পৰিয়াল আৰু গোটেই ৰাজ্যৰ বাবে একতা, শান্তি আৰু সমৃদ্ধিৰ বাবে আমি প্রাথনা কৰিছোঁ। 

'আমিক মাটাই জাওমালো'ৱে সকলোকে সুস্বাস্থ্য, প্ৰচুৰ শস্য আৰু সকলো দুৰ্যোগৰ পৰা ৰক্ষা কৰাৰ হকে মন্ত্ৰীগৰাকীয়ে প্ৰাৰ্থনা জনায়। মন্ত্রী নাটুঙে মিচিমিসকলক উন্নতিৰ পথত আগবাঢ়ি যোৱাৰ লগতে যুৱ প্ৰজন্মক তেওঁলোকৰ ঐতিহ্য সংৰক্ষণ কৰিবলৈ আহ্বান জনায়। প্রতিবছৰে ১৫ ফেব্ৰুৱাৰীত পালন কৰা টামলা-ড' মিচিমি জনজাতিৰ অন্যতম প্রাচীন উৎসব। থলুৱা বিশ্বাসত শিপাই থকা এই উদযাপন পৃথিৱীৰ দেৱতা আৰু জলৰ দেৱতাক প্ৰাকৃতিক দুৰ্যোগৰ পৰা ৰক্ষা আৰু জনজাতিটোৰ কল্যাণৰ হকে প্রার্থনা জনায়। মিচিমি বিশ্বাস মতে, কেৱল প্ৰকৃতিৰহে মানৱতাক ইয়াৰ প্ৰকোপৰ পৰা ৰক্ষা কৰাৰ শক্তি আছে, যাৰ ফলত এই আচাৰ-অনুষ্ঠান কেৱল জনজাতিটোৰ বাবেই নহয়, বিশ্ব শান্তিৰ বাবেও অত্যাৱশ্যকীয়। 

উৎসৱত পৰম্পৰাগত টাংগং নৃত্য, ৰঙীন পোছাক, পৰম্পৰাগত খাদ্যসম্ভাৰ আৰু সাংস্কৃতিক অনুষ্ঠানসমূহে জনজাতিটোৰ বৰ্ণাঢ্য সংস্কৃতিক প্রতিফলিত কৰে। সন্মানীয় অতিথি ডাঃ এমি ৰুমি, অৰুণাচল প্ৰদেশৰ থলুৱা বিশ্বাস আৰু সাংস্কৃতিক সমাজৰ সভাপতি, আয়োজকসকলে সাংস্কৃতিক অখণ্ডতা অক্ষুণ্ণ ৰখাৰ বাবে প্ৰশংসা কৰে। পৃষ্ঠপোষক ডাঃ মোহেশ চাই, তেজু সমষ্টিৰ বিধায়কে লোহিত, আনজাউ আৰু ওচৰৰ জিলাসমূহত সামাজিক সংহতি আৰু ঐতিহ্য সংৰক্ষণত এই অনুষ্ঠানৰ অৱদানৰ প্ৰশংসা কৰে।

Share This