২১.৮ কোটি লোকলৈ ভাবুকি,নদীকো প্ৰভাৱিত কৰিছে  মাইক্ৰ’প্লাষ্টিকে

Jyoti Borah September 12, 2023

ডিজিটেল ডেস্কঃ মাইক্ৰ’প্লাষ্টিকে এতিয়া নদীকো প্ৰভাৱিত কৰিবলৈ লৈছে৷ আন্তঃৰাষ্ট্ৰীয় গৱেষকৰ দল এটাই নদীক লৈ কৰা অধ্যয়নৰ পৰা এই কথা পোহৰলৈ আহিছে৷ নদীত পানীৰ সৈতে প্ৰৱাহিত হোৱা বালি তথা গেদৰ প্ৰৱাহত মাইক্ৰ’প্লাষ্টিকে গুৰুতৰ প্ৰভাৱ পেলোৱা বুলি তেওঁলোতে জানিব পাৰিছে৷ বালি তথা গেদৰ প্ৰৱাহত সৃষ্টি হোৱা এই পৰিৱৰ্তনে ভৱিষ্যতে গৰাখহনীয়াৰ সৃষ্টি কৰাৰ লগতে পাৰিপাশ্বিৰ্ক প্ৰণালীৰ প্ৰতিও ভাবুকিৰ সৃষ্টি কৰিব বুলি তেওঁলোকে প্ৰকাশ কৰিছে৷ 

   গৱেষকৰ দলটোৱে নদীত থকা মাইক্ৰ’প্লাষ্টিকৰ বিষয়ে কৰা এই অধ্যয়নৰ প্ৰতিবেদন নেচাৰ কমিউনিকেশ্যন আৰ্থ এণ্ড এনভায়ৰনমেণ্ট নামৰ বিজ্ঞান বাৰ্তালোচনীখনত প্ৰকাশ পাইছে৷ আমেৰিকাৰ পেন ষ্টেট ইউনিভাৰ্ছিটিৰ  চিভিল এণ্ড এনভায়ৰনমেণ্ট ইঞ্জিনীয়াৰিং বিভাগৰ গৱেষক ৰবাৰ্টো ফাৰ্নাণ্ডেজে কয়, ‘নদীৰ পানীত প্লাষ্টিক এনেয়ে উটি নাযায়, ই প্ৰকৃততে সক্ৰিয়ভাৱে নদীৰ বালি তথা গেদৰ প্ৰৱাহক প্ৰভাৱিত কৰিছে, যিটো খহনীয়াৰ কাৰণ হৈ পৰিছে৷ ই নদীত থকা জলজ প্ৰাণীৰ বাসস্থানকো প্ৰভাৱিত কৰিছে৷’ তেওঁৰ মতে, মাইক্ৰ’প্লাষ্টিকৰ ঘনত্ব বালিতকৈ কম হোৱাৰ ফলত ইয়াৰ পানীৰ তলত অধিক গতি লাভ কৰে৷ নদীৰ প্ৰাকৃতিক প্ৰৱাহৰ ফলত ঢৌ তথা বালিস্তূপৰ সৃষ্টি হয়৷ কিন্তু মাইক্ৰ’প্লাষ্টিকে সেইবোৰ নোহোৱা কৰিছে৷ মাইক্ৰ’প্লাষ্টিক গেদ তথা বালিৰ সৈতে মিহলি হৈ পৰাৰ পাছত পানীৰ লগত অধিক মাত্ৰাত বালি প্ৰৱাহিত হ’বলৈ ধৰে, যাৰ ফলত খহনীয়া বৃদ্ধি পাইছে৷ 

 ভাৰতৰ কাবেৰী নদীত থকা মাইক্ৰ’প্লাষ্টিকক লৈ কৰা অধ্যয়নৰ পৰা জানিবপৰা মতে, এনে ধৰণৰ প্ৰদূষকে মাছৰ কংকালৰ ৰূপ বিকৃত কৰিছে৷ বৰ্ধিত প্লাষ্টিক প্ৰদূষণে মাছৰ বিকাশকো প্ৰভাৱিত কৰা বুলি লগতে জানিব পৰা গৈছে৷ আন্তঃৰাষ্ট্ৰীয় ‘এড এজেন্সী’ টিয়েৰফাণ্ড আৰু পৰিৱেশ উপদেষ্টা সংগঠন ৰিছ’ৰ্চ ফিউচাৰে প্ৰকাশ কৰা প্ৰতিবেদনখনত উল্লেখ কৰা অনুসৰি প্লাষ্টিকৰ কাৰণেই ভাৰতসহ বিশ্বৰ প্ৰায়  ২১.৮ কোটি লোক বানৰ গুৰুতৰ ভাবুকিৰ সন্মুখীন হৈছে৷

Share This