সুখবৰ! মানস ৰাষ্ট্ৰীয় উদ্যানত পৰিভ্ৰমী মাণ্ডাৰিন হাঁহৰ বিচৰণ

Rashmi March 04, 2026

ডিজিটেল ডেস্ক: মানস ৰাষ্ট্ৰীয় উদ্যানলৈ সুখবৰ। মানস ৰাষ্ট্ৰীয় উদ্যানত দেখিবলৈ পোৱা গৈছে মাণ্ডাৰিন হাঁহ। 

ৰাষ্ট্ৰীয় উদ্যানখনৰ বাঁহবাৰী ৰেঞ্জত দেখিবলৈ পোৱা গৈছে এইবিধ পৰিভ্ৰমী চৰাই। উল্লেখযোগ্য যে এইবিধ পৰিভ্ৰমী চৰাই সাধাৰণতে জাপান আৰু পূব চীনত পোৱা যায়। 

বিশ্বৰ অধুনালুপ্ত চৰাইবিধ ২০২২ চনত তিনিচুকীয়াৰ মাগুৰিবিলত প্ৰত্যক্ষ কৰাৰ বিপৰীতে ২০২৪ চনত মানস ৰাষ্ট্ৰীয় উদ্যানত পৰ্যটকে প্ৰত্যক্ষ কৰিছিল। 

সম্প্ৰতি এইবিধ পৰিভ্ৰমী চৰাই পুনৰ মানস ৰাষ্ট্ৰীয় উদ্যানত দেখিবলৈ পোৱা গৈছে। প্ৰণিধানযোগ্য যে মানস ৰাষ্ট্ৰীয় উদ্যানত ক্ৰমান্বয়ে বৃদ্ধি পাইছে জীৱ-জন্তুৰ সংখ্যা। 

উদ্যানখনত প্ৰত্যক্ষ কৰা হৈছে ক্ৰমান্বয়ে বিলুপ্তিৰ পথলৈ যোৱা বহু প্ৰজাতিৰ চৰাই-চিৰিকটিৰ লগতে জীৱ-জন্তু। 

প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ মানসত মাণ্ডাৰিন ৰজাহাঁহৰ উপৰি উলুমৰা চৰাইৰ লগতে সোণালী মেকুৰী দেখিবলৈ পোৱা গৈছে।





প্ৰাগ নিউজ ডিজিটেল

Share This