ডিজিটেল ডেস্ক : অসম বিধানসভা নিৰ্বাচনৰ প্রাকমুহূর্ততে জোনাই বিধানসভা সমষ্টিত উন্নয়নমূলক কাম-কাজৰ এক ধাৰাবাহিক কাৰ্যসূচী ৰূপায়ণ কৰে বিধায়ক ভুৱন পেগুৱে। সমষ্টিটোৰ বিভিন্ন অঞ্চলত চৰকাৰী উন্নয়ন পুঁজিৰে গ্ৰহণ কৰা কেইবাটাও পকীপথ আৰু বিদ্যালয় গৃহৰ আধাৰশিলা স্থাপন কৰাৰ লগতে এখন নৱনির্মিত প্রাথমিক বিদ্যালয়ৰ অতিৰিক্ত শ্ৰেণীকোঠাৰো শুভ উদ্বোধন কৰে বিধায়কগৰাকীয়ে। দিনটোৰ কাৰ্যসূচী অনুসৰি পুৱাই বাহিৰ জোনাই গাঁও পঞ্চায়তৰ অন্তৰ্গত মহমৰা প্ৰাথমিক বিদ্যালয়ৰ প্ৰাংগণত প্রায় দহ লাখ টকা ব্যয়সাপেক্ষে নিৰ্মাণ কৰা অতিৰিক্ত শ্ৰেণীকোঠাটোৰ শুভউদ্বোধন কৰে। উদ্বোধনী ভাষণত তেওঁ কয় যে গ্রামাঞ্চলৰ শিক্ষাৰ পৰিৱেশ উন্নত কৰা চৰকাৰৰ অন্যতম অগ্ৰাধিকাৰ। ইয়াৰ পাছতে একেটা পঞ্চায়তৰ অধীনত কেইবাটাও গুৰুত্বপূৰ্ণ পথ নিৰ্মাণকাৰ্যৰ আঁচনিৰ আধাৰশিলা স্থাপন কৰে বিধায়কগৰাকীয়ে।
প্রথমে প্রধানমন্ত্রী গ্রাম্যচড়ক যোজনাৰ অধীনত খোদা দেউৰী গাঁৱৰ পৰা কেৰকেৰ হৈ মৌজা চাপৰিলৈ সংযোগ কৰা প্ৰায় সাত কিল'মিটাৰ দৈৰ্ঘ্যৰ পথটোৰ আধাৰশিলা স্থাপন কৰে। তাৰ পাছতে বাহিৰ জোনাইৰ পৰা বলাইপাম হৈ বেৰা চাপৰি সংযোগী পথটোৰ নিৰ্মাণকাৰ্যৰ আধাৰশিলা স্থাপন কৰে। ৰতনপুৰৰ পৰা মুকলিপথাৰ হৈ অভয়পুৰ কছাৰীলৈ সংযোগ কৰা আন এটা গুৰুত্বপূর্ণ পথ নিৰ্মাণৰো আধাৰশিলা স্থাপন কৰে বিধায়কগৰাকীয়ে। এই পথটিৰ নির্মাণ সম্পূর্ণ হ'লে অঞ্চলটোৰ বহু দুর্গম গাঁও একেলগে সংযোগ হ'ব আৰু ৰাইজৰ চলাচল অধিক সুচল হ'ব বুলি তেওঁ আশা প্রকাশ কৰে। আনহাতে, ৰাজাখানা গাঁও পঞ্চায়তৰ অন্তৰ্গত ২নং সোণাপুৰৰ পৰা মাইদাংশ্রীলৈ সংযোগ কৰা প্ৰায় ৪ কিল'মিটাৰ দৈৰ্ঘ্যৰ আন এটা গুৰুত্বপূৰ্ণ পথৰো আধাৰশিলা স্থাপন কৰে বিধায়কগৰাকীয়ে। গালি চিকাৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত দুটিৰাম তিনিআলিৰ পৰা পালুং ৰাজবংশী গাঁৱলৈ নির্মাণ হ'বলগীয়া পথটোৰ আধাৰশিলাও স্থাপন কৰে বিধায়ক পেগুৱে।
এই আধাৰশিলা স্থাপন কার্যসূচীত ভাষণ দি বিধায়ক ভুৱন পেগুৱে কয় যে জোনাই সমষ্টিৰ সামগ্রিক উন্নয়ন আৰু ৰাইজৰ জীৱন-যাত্ৰাৰ মান উন্নত কৰাটো বিজেপিৰ মূল লক্ষ্য। কালি এই আধাৰশিলা স্থাপনৰ কাৰ্যসূচীত বিধায়ক ভুৱন পেগুৰ সৈতে অংশগ্ৰহণ কৰে মিছিং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য নৰেশ কুম্বাং, সম্মিলিত গণশক্তি অসম দলৰ নেতা অতুল পেণ্ড, জোনাই জিলা সম্মিলিত গণশক্তি অসম দলৰ সাধাৰণ সম্পাদক কমলা শৰ্মা, বাহিৰ জোনাই গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্যা বিনীতা চাৰহ, দেউৰী স্বায়ত্তশাসিত পৰিষদৰ সদস্য ৰাজেশ দেউৰী, বিজেপিৰ নেতা চন্দিৰাম পেগুৰ লগতে বহু দলীয় নেতা-কর্মীয়ে।