ডিজিটেল ডেস্ক : অযোধ্যাৰ ৰাম মন্দিৰ কালি সম্পূৰ্ণ হ'ল। ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ ৬৭৩ দিনৰ পাছত কালি প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী আৰু আৰ এছ এছৰ মুৰব্বী মোহন ভাগৱতে মন্দিৰৰ চূড়াত ধ্বজাৰোহণ সম্পন্ন কৰে। কলি পুৱা ১১-৫০ বজাত অভিজিৎ মুহূর্তত প্রধানমন্ত্রীয়ে বুটাম টিপাৰ লগে লগে দুই কিল'গ্রাম ওজনৰ গেৰুৱা ৰঙৰ ধ্বজা ১৬২ ফুট উচ্চতাৰ শিখৰত উৰিবলৈ ধৰে। এই দৃশ্য ইমানেই গাম্ভীর্যপূর্ণ আৰু অনন্য আছিল যে তাত উপস্থিত থকা দেশ-বিদেশৰ বিশিষ্ট অতিথিসকলো ভাবত বিভোৰ হৈ পৰা দেখা যায়। সেই সময়ত সমগ্ৰ ৰাম মন্দিৰৰ চৌহদ শংখধ্বনিৰে মুখৰিত হৈ পৰে। কালি ধ্বজাৰোহণ কৰোঁতে ধ্বজ শিখৰলৈ আগবঢ়াৰ সময়ত প্রধানমন্ত্রী মোদী আৱেগিক হৈ পৰে আৰু তেওঁৰ লোতক বৈ আহে। সেই সময়ত আনকি সন্মুখৰ শাৰীত বহি থকা ভক্তসকলৰো চকু সেমেকি উঠা পৰিলক্ষিত হয়।
এই ঐতিহাসিক ক্ষণৰ সাক্ষী হৈ ৰয় প্রায় ৮ হাজাৰ অতিথি। ধ্বজাৰোহণ সমাৰোহৰ সময়ত সমগ্র অযোধ্যা মহানগৰী 'জয় শ্ৰীৰাম' ধ্বনিৰে মুখৰিত হৈ পৰে। ধ্বজাৰোহণ কৰি প্রধানমন্ত্রী মোদীয়ে তেওঁৰ ভাষণ আৰম্ভ কৰে 'ছিয়াৱৰ ৰামচন্দ্ৰ কী জয়, জয় ছিয়াৰামেৰে।' প্রধানমন্ত্রীয়ে কয়, 'আজি অযোধ্যা ভাৰতৰ সাংস্কৃতিক চেতনাৰ এক উল্লেখযোগ্য মুহূৰ্তৰ সাক্ষী হৈ আছে। আজি সম্পূৰ্ণ ভাৰত তথা বিশ্ব ৰামময় হৈ পৰিছে। সকলো ভাৰতীয়ৰ হৃদয় অদ্বিতীয় সন্তোষ, অসীম কৃতজ্ঞতা, অপাৰ অলৌকিক আনন্দেৰে ভৰি পৰিছে। শতিকা শতিকা জোৰা ঘাৰ উপশম ঘটিল। শতিকাজোৰা বেদনাৰ আজি বিৰাম ঘটিল। শতিকাজোৰা সংকল্প আদি সিদ্ধিপ্রাপ্ত হ'ল। পাঁচশ বছৰে অগ্নি প্রজ্বলিত হৈ থকা যজ্ঞৰ আজি পূর্ণাহুতি হ'ল। এই যজ্ঞৰ প্ৰতি এক মিনিটৰ বাবেও আস্থাভংগ হোৱা নাছিল। আজি ভগৱান শ্ৰীৰাম মন্দিৰৰ গৰ্ভগৃহৰ পৰম শক্তি, শ্ৰীৰামৰ দিব্য প্রতাপ এই ধৰ্মধ্বজাৰ ৰূপত দিব্যতম ভ্যতম মন্দিৰত প্রতিষ্ঠাপিত হ'ল।' প্রধানমন্ত্রীয়ে কয় যে ৰাম মন্দিৰৰ ধৰ্মধ্বজা ভাৰতীয় সভ্যতাৰ পুনৰ জাগৰণৰ ধ্বজ। ইয়াৰ গেৰুৱা ৰঙে ইয়াত সূৰ্যবংশৰ খ্যাতি, ওম শব্দ তথা কছনাৰ বৃক্ষই ৰামৰাজ্যৰ কীৰ্তিক প্রতিফলিত কৰিছে। এই ধ্বজ সংকল্প, সফলতা আৰু সংগ্ৰামৰ সৈতে সৃষ্টি হোৱা কাহিনী, শতিকা শতিকা ধৰি চলি থকা সপোনৰ বাস্তৱ ৰূপ। এই ধ্বজ সন্তৰ সাধনা আৰু সমাজৰ সহযোগিতাৰ সাৰ্থক পৰিণতি। এই ধ্বজে শতিকা তথা সহস্র শতাব্দী ধৰি প্ৰভু ৰামৰ আদৰ্শ আৰু নীতিসমূহ প্ৰচাৰ কৰি যাব। এই ধৰ্মধ্বজাই সত্যৰ জয়কে প্রতিপালিত কৰিব।
প্রধানমন্ত্রীয়ে মোহন ভাগৱতৰ সৈতে ৰাম মন্দিৰৰ প্ৰথম মহলাত নিৰ্মাণ কৰা ৰাম দৰবাৰত পূজা-অর্চনা কৰে। ইয়াৰ পাছত ৰাম ললা দৰ্শন কৰে। প্ৰধানমন্ত্ৰীয়ে ৰাম ললাৰ কাৰণে বস্ত্ৰ আৰু চম্বৰ লৈ আহিছিল। প্রধানমন্ত্রীয়ে সাকেত কলেজৰ পৰা ৰাম মন্দিৰলৈ ডেৰ কিল'মিটাৰ ৰ'ড শ্ব' কৰি আহে। ৰ'ড শ্ব'ৰ সময়ত স্কুলীয়া ছাত্ৰ-ছাত্ৰীয়ে তেওঁলৈ ফুল ছটিয়ায় আৰু কেইবা ঠাইতো মহিলাসকলে তেওঁক আদৰণি জনায়। উল্লেখযোগ্য যে ধ্বজাৰোহণ অনুষ্ঠানৰ বাবে অমিতাভ বচ্চনকে ধৰি কেইবাজনো তাৰকালৈ নিমন্ত্রণী-পত্ৰ প্ৰেৰণ কৰা হৈছিল যদিও কোনো এজন উপস্থিত নাছিল। চাৰিজন শংকৰাচাৰ্যক বাদ দি দেশৰ বিভিন্ন মঠৰ সন্তসকল কালি ধ্বজাৰোহণ অনুষ্ঠানত উপস্থিত থাকে।