পৰস্পৰৰ প্রশংসাত পুনৰ পঞ্চমুখ ট্রাম্প-মোদী

dainik janambhumi September 11, 2025

ডিজিটেল ডেস্কঃ 'ভাৰত আৰু আমেৰিকা সহজাত সহযোগী'। আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পে সামাজিক মাধ্যমত দিয়া সৌহার্দ্যপূৰ্ণ প'ষ্টৰ সঁহাৰি জনাই বুধবাৰে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এইদৰে কয়। 

উল্লেখযোগ্য যে ট্রাম্পে প'ষ্টটোত ভাৰতৰ প্ৰধানমন্ত্ৰী মোদীক 'মৰমৰ বন্ধু' বুলি কয় আৰু দুয়োখন দেশৰ মাজত স্থবিৰ হৈ থকা বাণিজ্যিক আলোচনাই নতুন গতি লাভ কৰাৰ ইংগিত দিয়ে। প্রধানমন্ত্রী মোদীয়ে সামাজিক মাধ্যম এক্সত কয়, 'ভাৰত আৰু আমেৰিকা ঘনিষ্ঠ বন্ধু আৰু সহজাত সহযোগী।' তেওঁ আৰু কয়, 'মোৰ আস্থা আছে যে আমাৰ বাণিজ্যিক আলোচনাই ভাৰত-আমেৰিকাৰ সহযোগিতাৰ সীমাহীন সম্ভাৱনাৰ তলা খোলাৰ পথ প্রশস্ত কৰিব। আমাৰ গোটে এই আলোচনা যিমান পাৰি সোনকালে অন্ত পেলোৱাৰ ক্ষেত্ৰত কাম কৰি আছে।' উল্লেখযোগ্য যে ইয়াৰ আগতে ট্রাম্পে সামাজিক মাধ্যম 'ট্রুথ ছ'চিয়েল'ৰ প'ষ্টত কৈছিল যে ভাৰতৰ সৈতে বাণিজ্যিক আলোচনা অব্যাহত আছে আৰু তেওঁ এক ফলদায়ক অগ্রগতিৰো আশা প্রকাশ কৰিছিল। ইয়াৰ প্ৰতিক্রিয়াতে মোদীয়ে এক্সত মন্তব্য প্রকাশ কৰে। ইফালে ট্রাম্পেও মোদীৰ প'ষ্ট ট্রুথ ছ'চিয়েলত পুনৰ প্ৰকাশ কৰে। তেওঁ কয়, 'মই নিশ্চিত যে আমাৰ দুয়োখন বৃহৎ দেশে এক সার্থক সিদ্ধান্তলৈ অহাত কোনো সমস্যা নাথাকিব।' তেওঁ আগন্তুক সপ্তাহবোৰত মোদীৰ সৈতে কথা পতাৰো ইচ্ছা প্রকাশ কৰে। ভাৰতৰ প্রধানমন্ত্রী মোদীয়েও ট্রাম্পৰ ইচ্ছাৰ প্ৰতিধ্বনি কৰি কয়, 'আমাৰ দুয়োখন দেশৰ জনতাৰ বাবে এক উজ্জ্বলতৰ, অধিক সমৃদ্ধ ভৱিষ্যতৰ বাবে আমি একেলগে কাম কৰিম।' উল্লেখযোগ্য যে ট্রাম্পে ভাৰতৰ সামগ্রীত ৫০ শতাংশ শুল্ক আৰোপ কৰা তথা বাণিজ্যিক চুক্তিৰ কিছু চৰ্ত লৈ আমেৰিকা-ভাৰতৰ মাজত বৃদ্ধি পোৱা বাণিজ্যিক উত্তেজনাৰ মাজতে মাত্ৰ চাৰি দিনৰ আগতে যোৱা শুকুৰবাৰেও ট্রাম্পে মোদীক প্রশংসা কৰিছিল। শুকুৰবাৰে আমেৰিকাৰ অভেল অফিচত ট্রাম্পে কৈছিল, 'মই সদায়ে মোদীৰ বন্ধু হৈ থাকিম, তেওঁ এজম মহান প্রধানমন্ত্রী। তেওঁ মহান। মই সদায়ে বন্ধু হৈ থাকিম, কিন্তু এই বিশেষ সময়ত তেওঁ যি কৰিছে মই ভাল পোৱা নাই।' আনহাতে মোদীয়ে প্ৰত্যুত্তৰত কৈছিল, 'ভাৰত আৰু আমেৰিকাৰ মাজত এক অতি ইতিবাচক আৰু ভৱিষ্যমুখী সর্বাংগীণ আৰু আন্তঃৰাষ্ট্ৰীয় কৌশলগত সহযোগিতা আছে।'

Share This