ডিজিটেল ডেস্ক : ৰাজধানী দিল্লীত ইণ্ডিয়া মৰ্চাৰ পাছত আজি কেন্দ্রত শাসনত থকা এন ডি এই শক্তি প্রদর্শন কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত কেন্দ্ৰীয় চৰকাৰে ১২ বছৰ সম্পূৰ্ণ কৰা উপলক্ষ্যত আজি দুপৰীয়া এন ডি এশাসিত ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীসকল তথা শাসকীয় মৰ্চাৰ নেতাসকলৰ এখন বৈঠক আহবান কৰা হৈছে। এই বৈঠকৰ জৰিয়তে এন ডি এৰ একতাৰ লগতে শক্তি প্রদর্শনো হ'ব।
উল্লেখযোগ্য যে নৰেন্দ্ৰ মোদীয়ে প্ৰথমবাৰৰ বাবে দেশৰ প্ৰধানমন্ত্ৰীৰূপে শপত গ্রহণ কৰিছিল ২০১৪ চনৰ ২৬ মাৰ্চত। ২০২৪ চনৰ ৯ জুনত তেওঁ তৃতীয়বাৰৰ বাবে দেশৰ প্ৰধানমন্ত্ৰীৰূপে শপত গ্ৰহণ কৰিছিল। চৰকাৰে এই বুলি দাবী কৰে যে স্বাধীন ভাৰতত একেৰাহে সর্বাধিক দিন ক্ষমতাত থাকি কাম কৰাৰ অভিলেখ এতিয়া প্রধানমন্ত্রী মোদীৰ নামত আছে।
উল্লেখযোগ্য যে আজি মোদীয়ে সর্বাধিক দিন দেশৰ প্ৰধানমন্ত্ৰী হৈ থকাৰ জৱাহৰলাল নেহৰুৰ অভিলেখ ভংগ কৰিব। কাৰ্যকালৰ ১২ বছৰ সম্পূর্ণ হোৱা উপলক্ষে আজি আহ্বান কৰা এন ডি এ শাসিত ৰাজ্যসমূহৰ মুখ্যমন্ত্রীসকল আৰু মৰ্চাৰ নেতাসকলৰ বৈঠকখন অনুষ্ঠিত হ'ব ভাৰত মণ্ডপমত। জানিব পৰা মতে, বৈঠকত অন্ধ্র প্রদেশৰ মুখ্যমন্ত্ৰী এন চন্দ্রবাবু নাইডুৱে এটা প্রস্তাৱ উত্থাপন কৰিব আৰু আন সহযোগী দলসমূহে এই প্ৰস্তাৱটোত সমর্থন জনাব। এই প্রস্তাৱটোত প্রধানমন্ত্রী মোদীয়ে বিগত ১২ বছৰত লাভ কৰা সফলতাসমূহৰ বিষয়ে উল্লেখ কৰা হ'ব। ইফালে আজিৰ দিনটোত এন ডি এৰ সকলো মন্ত্রী তথা সাংসদ আৰু বিধায়কক সেৱা কাৰ্যত জড়িত হোৱাৰ নিৰ্দেশ দিয়া হৈছে। আজি মৰ্চাৰ সাংসদ তথা বিধায়কসকলে নিজৰ নিজৰ এলেকাত মন্দিৰ আৰু আন ধর্মীয় স্থানসমূহলৈ যাব। তেওঁলোকে প্রধানমন্ত্রী মোদীৰ সুস্বাস্থ্যৰ বাবে প্ৰাৰ্থনা আৰু পূজা-পাঠ কৰিব।
উল্লেখযোগ্য যে মোদীয়ে আজি দেশৰ প্ৰথম প্ৰধানমন্ত্ৰী নেহৰুৰ ৪৩৯৮ দিনীয়া কাৰ্যকালৰ অভিলেখ ভংগ কৰিব। আজি প্রধানমন্ত্রী হিচাপে মোদীয়ে ৪৩৯৯ দিন সম্পূর্ণ কৰিব। ভাৰত মণ্ডপমত আজি অনুষ্ঠিত হ'বলগীয়া বৈঠকত এন ডি এ শাসিত ৰাজ্যসমূহৰ উপমুখ্যমন্ত্রীসকলেও অংশ গ্রহণ কৰিব। বৈঠকত প্রধানমন্ত্রী মোদীয়ে পৌৰোহিত্য কৰিব বুলি প্রকাশ পাইছে। ইয়াত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সি আৰু গৃহমন্ত্রী অমিত শ্বাহকে ধৰি কেন্দ্ৰীয় মন্ত্ৰীসকলেও অংশ গ্রহণ কৰিব। ইফালে প্ৰধানমন্ত্ৰী মোদীৰ কাৰ্যকালৰ কালি ১২ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে অন্ধ্র প্রদেশৰ মুখ্যমন্ত্ৰী চন্দ্রবাবু নাইডুৱে এটা নিবন্ধত মোদীক প্রশংসাৰে ওপচাই পেলায়। নাইডুৱে কয় যে ১০ জুনত প্রধানমন্ত্রী মোদীয়ে তেওঁৰ কাৰ্যকালৰ একেৰাহে ৪৩৯৯ দিন সম্পূৰ্ণ কৰিব। ইয়াকে প্রতিফলিত কৰিছে যে দেশৰ কোটি কোটি লোকে প্রধানমন্ত্ৰীৰ 'ৰাষ্ট্ৰ প্ৰথম' নীতিৰে দেশ শাসন কৰাৰ শৈলীৰ প্রতি সম্পূর্ণ আস্থা প্রকাশ কৰিছে। নাইডুৱে কয় যে তেওঁ তেওঁৰ ৫০ বছৰীয়া কার্যকালত কেইবাগৰাকী প্রধানমন্ত্রী দেখিলে, কিন্তু প্রধানমন্ত্রী মোদী সকলোতকৈ বেলেগ ধৰণৰ, কিয়নো তেওঁ আধুনিক শাসন চলোৱাৰ লগতে ভাৰতৰ পুৰণি সংস্কৃতি আৰু সভ্যতাৰ গৌৰৱ বৃদ্ধি কৰিছে।
ভাৰত প্ৰাচীন কালত যথেষ্ট চহকী আছিল আৰু পাছলৈও আছিল, কিন্তু স্বাধীনতাৰ পাছত দীর্ঘ দিন নিজৰ প্ৰকৃত পৰিচয় আৰু শক্তিৰ পাহৰি ভাৰত এখন শুই থকা দেশত পৰিণত হৈছিল। প্রধানমন্ত্রী মোদীয়ে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছত ভাৰতে নিজৰ হেৰুৱাই পেলোৱা আত্মবিশ্বাস আৰু সাংস্কৃতিক গৌৰৱ ঘূৰাই পালে। তেওঁ কয় যে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী ভাৰতৰ বাবে সঠিক সময়ৰ সঠিক নেতা। ১২ বছৰৰ পাছত এই আস্থা আৰু অধিক শক্তিশালী হৈছে। ইতিহাসে এই সময়ছোৱাক কেৱল অর্থনৈতিক বিকাশ বা ৰাজনৈতিক সুস্থিৰতাৰ ৰূপত নহয়, বৰং ভাৰতৰ আত্মবিশ্বাস পুনৰ স্থাপন হোৱাৰ ৰূপত মনত ৰাখিব। তেওঁ কয় যে ভাৰত বিশ্বৰ সৰ্ববৃহৎ অর্থনীতিৰ তালিকাত একাদশ স্থানৰ পৰা এতিয়া চতুর্থ স্থানত আছে। ইয়াৰ মূলতে হ'ল ডিজিটেল পাব্লিক ইনফ্রাষ্ট্ৰাকচাৰ, জন ধন আঁচনি, ইউ পি আই আৰু ডাইৰেক্ট বেনিফিট ট্রেন্সফাৰৰ দৰে আঁচনিসমূহ। তেওঁ কয় যে প্রধানমন্ত্রী মোদীৰ শাসনকালত হোৱা পৰিৱৰ্তনসমূহে দৰিদ্ৰতা হ্রাস কৰা, আৱাস, স্বচ্ছতা, খোৱাপানী আৰু গ্ৰামাঞ্চলৰ আন্তঃগাঁথনিৰ উন্নয়ন সাধিছে। ফলত কোটি কোটি লোকৰ জীৱন উন্নত হৈছে।
ইফালে জনতা দল (এছ)ৰ নেতা তথা প্রাক্তন প্রধানমন্ত্রী এইচ ডি দেৱেগৌড়াই প্রধানমন্ত্রী মোদীক অভিনন্দন জনাইছে। তেওঁ কয় যে প্রধানমন্ত্রী মোদী সফল হোৱাৰ কাৰণ হ'ল তেওঁ সদায় ভাবি-চিন্তি সিদ্ধান্ত লয় আৰু ৰাষ্ট্ৰৰ স্বাৰ্থৰ সুৰক্ষাৰ ক্ষেত্ৰত কোনো ধৰণৰ আপোচ কৰা নাই। দেৱেগৌড়াই এটা নিবন্ধত প্রধানমন্ত্রী মোদীক প্রশংসা কৰে আৰু কয় যে মোদী এতিয়া গণতান্ত্রিকভাৱে নির্বাচিত হোৱা আটাইতকৈ দীঘলীয়া সময় সেৱা আগবঢ়োৱা প্ৰধানমন্ত্ৰী ৰূপে পৰিগণিত হৈছে। তেওঁ নেহৰুৰ অভিলেখ ভংগ কৰিলে। দেৱেগৌড়াই কয় যে ইয়াতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল প্ৰধানমন্ত্ৰীৰ এই সফলতা ভাৰতত গণতন্ত্র কেৱল বাচি থকাই নহয়, ফলে-ফুলে জাতিষ্কাৰ হৈ পৰাৰ আটাইতকৈ ডাঙৰ প্ৰমাণ।