বিবাহপাশত আবদ্ধ হ’ল জনপ্ৰিয় কণ্ঠশিল্পী মণ্টুমণি শইকীয়া

Rashmi March 06, 2025

ডিজিটেল ডেস্ক: অৱশেষত বিবাহপাশত আবদ্ধ হ’ল অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী মণ্টুমণি শইকীয়া। দীৰ্ঘদিনীয়া প্ৰেমৰ অন্তত যুগ্ম জীৱনৰ পাতনি মেলিলে কণ্ঠশিল্পী মণ্টুমণি শইকীয়াই। উল্লেখযোগ্য যে বিভিন্ন গীতেৰে অসমবাসীৰ মন জয় কৰিবলৈ সক্ষম হৈছে কণ্ঠশিল্পী মণ্টুমণি শইকীয়াই। 

গুৱাহাটীৰ তেতেলীয়াৰ সোমনাথ মন্দিৰত সম্পন্ন হয় মণ্টুমণিৰ বিবাহৰ অনুষ্ঠান। জনপ্ৰিয় কণ্ঠশিল্পী মণ্টুমণি শইকীয়াই ৰঙিয়াৰ ৰিচা কলিতাৰ সৈতে বিবাহপাশত আবদ্ধ হয়।

 জনপ্ৰিয় কণ্ঠশিল্পীগৰাকীৰ বিবাহ অনুষ্ঠানত উপস্থিত থাকে অসমৰ বহুকেইগৰাকী জনপ্ৰিয় কণ্ঠশিল্পীৰ লগতে বহুকেইগৰাকী অভিনেতা-অভিনেত্ৰী। মণ্টুমণিৰ পত্নী ৰিচা কলিতা এগৰাকী অভিনেত্ৰীৰ লগতে মেকআপ আৰ্টিষ্ট।

Share This