মগু দাইল খাওক আৰু লাভ কৰক অনেক চমৎকাৰী গুণ
Kakali Deka
November 13, 2023
ডিজিটেল ডেস্কঃ ভাৰতীয় সমাজত মগু দাইলক(Moong Dal) অতি স্বাস্থ্যসন্মত বুলি বিবেচনা কৰা হয়। সহজে হজম হোৱা মগু দাইল ভাৰতত যথেষ্ট পৰিমাণে খোৱা খাদ্যবোৰৰ ভিতৰত অন্যতম। মগু দাইল কেইবা প্ৰকাৰৰো পোৱা যায় যেনে- গোটা মগু বাকলি থকা ফলা মগু, বাকলি নথকা হালধীয়া মঞ্চ। চিকিৎসক আৰু বিশেষজ্ঞসকলেও অসুস্থ লোকৰ আহাৰৰ তালিকাত মগু দাইল অন্তর্ভুক্ত কৰাৰ পৰামৰ্শ দিয়ে । মগু দাইলৰ পৰা অনেক পুষ্টি লাভ কৰা যায়। এই দাইলৰ উপকাৰিতাৰ বিষয়ে জানো আহক।
মগু দাইলত থকা পুষ্টি
মগু দাইলত এ, বি আৰু চি ভিটামিন প্ৰচুৰ পৰিমাণে থাকে । মগু দাইলত কেলচিয়াম, পটাছিয়াম থকাৰ লগতে আঁহজাতীয় আৰু লৌহ জাতীয় পদার্থ ভৰপূৰ হৈ থাকে । গজালি ওলোৱা গোটা মগুৰ পুষ্টিৰ পৰিমাণ দুগুণ হয় । গজালি ওলোৱা মণ্ডত মেগনেছিয়াম, তাম, ফ'লেট, ৰাইৰ ফ্লেভিন, ভিটামিন, ভিটামিন চি. ফাইবাৰ, পটাছিয়াম, ফছফৰাছ, আইৰণ, ভিটামিন বি, নিয়াচিন, থিয়ামিন আৰু প্ৰ'টিন থাকে। যিহেতু গজালি ওলোৱা মগুত গ্লুকজৰ স্তৰ অতি কম সেয়ে, এনে মগু মধুমেহ ৰোগীৰ বাবে যথেষ্ট উপকাৰী ।
মণ্ড দাইলৰ উপকাৰিতাসমূহ
১) মগু দাইলৰ পানীয়ে শৰীৰত ইনচুলিনৰ স্তৰ বৃদ্ধি কৰাত সহায় কৰে আৰু তেজত গলুকজৰ স্তৰ নিয়ন্ত্ৰণ কৰে। সেয়েহে মণ্ড দাইল মধুমেহ ৰোগীয়ে উত্তম ফল লাভ কৰে ।
২) মগু দাইলত প্ৰচুৰ পৰিমাণে ফাইবাৰ থাকে আৰু সেয়েহে মগু দাইলৰ পানী খালে পাচন তন্ত্ৰই ভালদৰে
কাম কৰাত সহায় কৰে ।
৩) মণ্ড দাইল খাই কোষ্ঠকাঠিন্য, গেছ, পেট ফুলা আদিৰ দৰে সমস্যাবোৰৰ উপশম পাব পাৰি ।
৪) মগু দাইলত থকা এণ্টি-মাইক্র বায়েল আৰু এণ্টি-ইনফ্লেমেটৰী গুণে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে।
৫) মণ্ড দাইল খালে ৰক্তচাপ স্বাভাৱিক আৰু নিয়ন্ত্ৰিত হৈ থকাত সহায়ক হয় ।
৬) অলিগ ছেকাৰাইডজ হৈছে এক প্ৰকাৰৰ কাৰ্বহাইডেট আৰু তা কুৰিত মস্তুত ইয়াক পোৱা যায়। ই শৰীৰক গুৰুতৰ ৰোগৰ সৈতে যুঁজ দিয়াৰ ক্ষমতা বৃদ্ধি কৰাত সহায় কৰে ।
৭) মগুত এ আৰু চি ভিটামিন থাকে। মগু দাইলে ছালৰ গঠন উন্নত কৰে আৰু ছাল কোমল কৰি ৰাখে ।
৮) মগু দাইলত থকা কেলচিয়ামে মানুহৰ হাড়বোৰ শক্তিশালী কৰে আৰু হাড় ভঙাৰ সম্ভাৱনা হ্ৰাস কৰে।
৯) মগু দাইল পুষ্টিকৰ হোৱাৰ লগতে ইয়াক হজম করাও সহজ। সেয়ে, চিকিৎসকসকলে প্ৰায়ে ৰোগীসকলক মগু দাইল আৰু ইয়াৰ খিচিৰি খোৱাৰ পৰামর্শ দিয়ে।
Share This