বতৰৰ তাণ্ডব! ভাৰতত এবছৰত তিনিসহস্ৰাধিকৰ মৃত্যু

Dainik Janambhumi November 11, 2024

গ্ৰীষ্মপ্ৰবাহ, ঘূৰ্ণী বতাহ, বৰষুণ-বান, ভূমিস্খলনৰ বিচিত্ৰ ধংসলীলা

ডিজিটেল ডেস্কঃ ভাৰতত বতৰে সৃষ্টি কৰা দুৰ্যোগৰ সম্পৰ্কত এখন প্ৰতিবেদনত গুৰুত্বপূৰ্ণ তথ্য প্ৰকাশ পাইছে৷ চেণ্টাৰ ফৰ ছায়েন্স এণ্ড এনভাইৰনমেণ্টৰ [চি এছ ই] প্ৰতিবেদনখনত প্ৰকাশ পোৱা অনুসৰি দেশখনত বতৰে চৰম ৰূপ লোৱাৰ ফলত দুৰ্যোগৰ সংখ্যা অস্বাভাৱিকভাৱে বৃদ্ধি পাইছে৷ চি এছ ইৰ প্ৰতিবেদনখনত উল্লেখ কৰা হৈছে যে ভাৰতত চলিত বছৰৰ প্ৰথম ৯ মাহত অৰ্থাত জানুৱাৰীৰ পৰা ছেপ্টেম্বৰলৈকে ৯৩দিন বতৰে চৰম ৰূপ ধাৰণ কৰিছে৷ ২৭৪ দিনৰ ভিতৰত ২৫৫ দিন দেশৰ কোনো এটা নহয় এটা অঞ্চলৰ প্ৰচণ্ড গ্ৰীষ্ম প্ৰৱাহ, ধাৰাসাৰ বৰষুণ, ঘূৰ্ণীবতাহ, বান তথা ভূমিস্খলনৰ দৰে চৰম প্ৰাকৃতিক দুৰ্যোগৰ সন্মুখীন হোৱা দেখিবলৈ পোৱা গৈছে৷

এই প্ৰাকৃতিক দুৰ্যোগবোৰত দেশত ৩, ২৩৮জন লোকৰ মৃত্যু হৈছে৷ ইয়াৰ লগতে ২.৩৫ লাখ ঘৰ ধ্বংস হয়৷  আনহাতে, প্ৰায় ৩২ লাখ হেক্টৰ ভূমিৰ খেতি-বাতি নষ্ট হয়৷ যোৱা বছৰৰ তুলনাত এই বছৰ বতৰে ভাৰতত অধিক তাণ্ডৱৰ সৃষ্টি কৰে৷ যোৱা বছৰৰ প্ৰথম ২৭৩ দিনৰ ভিতৰত ২৩৫ দিন বতৰে তাণ্ডৱ ৰূপ ধাৰণ কৰা দেখা পোৱা গৈছিল৷ যোৱা বছৰ বতৰজনিত প্ৰাকৃতিক দুৰ্যোগত দেশত মৃত্যু হোৱা লোকৰ সংখ্যা আছিল ২, ৯২৩জন৷ দিল্লীস্থিত প্ৰতিষ্ঠানটোৱে ইয়াৰ বাৰ্ষিক প্ৰতিবেদনত উল্লেখ কৰা অনুসৰি এইবছৰ বতৰে সৰ্বাধিক তাণ্ডৱ ৰূপ লয় মধ্য প্ৰদেশত৷ ৰাজ্যখনত ১৭৬ দিনে বতৰে চৰম ৰূপ ধাৰণ কৰিছিল৷ আনহাতে, কেৰালাত সৰ্বাধিক ৫৫০জন লোকৰ মৃত্যু হৈছিল৷

বতৰে মধ্য প্ৰদেশত ৩৫৩জনৰ আৰু অসমৰ ২৫৬জন লোকৰ প্ৰাণ কাঢ়ে৷ আনহাতে, অন্ধ্ৰ প্ৰদেশত সৰ্বাধিক ৮৫, ৮০৬টা ঘৰ ধ্বংস হয়৷ আনহাতে, মহাৰাষ্ট্ৰত দেশৰ ভিতৰতে সৰ্বাধিক ৬০ণ শস্য নষ্ট হয়৷ এই বছৰৰ জানুৱাৰী ১৯০১ চনৰ পাছত আটাইতকৈ শুষ্ক মাহ আছিল৷ আনহাতে, ১২৩ বছৰৰ পাছত ন্যুনতম তাপমাত্ৰা সৰ্বাধিক পোৱা গৈছে এই বছৰ৷

Share This