প্ৰাৰ্থীৰ সমৰ্থনত সমৰ্থকৰ শ্ল'গান, পৰিৱেশ উত্তাল, মৰিগাঁৱত নিখিল ভাৰত কংগ্ৰেছ সমিতিৰ সদস্য, সাংসদ সপ্তগিৰি শংকৰ উলাকা

dainik janambhumi February 17, 2026

ডিজিটেল ডেস্ক : বিধানসভা নির্বাচনক লৈ ৰাজনৈতিক বতাহ গৰম হৈ পৰাৰ সময়তে মৰিগাঁও জিলাত বিৰোধী কংগ্ৰেছ দলৰ মাজত আৰম্ভ হৈছে নিৰ্বাচনৰ কুচ-কাৱাজ। ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ প্ৰাৰ্থী বাছনিৰ বাবে এ আই চি চিয়ে গঠন কৰি দিয়া স্ক্রীনিং কমিটীৰ সদস্য, লোক সভাৰ সাংসদ সপ্তগিৰি শংকৰ উলাকা কালি উপস্থিত হয় মৰিগাঁও জিলাত। মৰিগাঁও জিলাৰ তিনিটা বিধানসভা সমষ্টিৰ প্ৰাক্ নির্বাচনী সমীক্ষা সংগ্ৰহ কৰাৰ বাবে মৰিগাঁও জিলা কংগ্ৰেছ কার্যালয়ত উপস্থিত হোৱা নিখিল ভাৰত কংগ্ৰেছ সমিতিৰ স্ক্রীনিং সমিতিৰ সদস্য তথা লোক সভাৰ সাংসদ সপ্তগিৰি শংকৰ উলাকাই মৰিগাঁও বিধানসভা সমষ্টিৰ বাবে কংগ্ৰেছ দলৰ টিকট প্রত্যাশী ৰমেশ বৰদলৈ, ধৰণীধৰ বুঢ়াগোহাঁই আৰু ৰূপেশ্বৰ কাকতিৰ সাক্ষাৎ গ্রহণ কৰি তথ্য তথা জনভিত্তি সন্দৰ্ভত উমান লয়।

তেনেদৰে লাহৰীঘাট সমষ্টিৰ প্ৰাৰ্থিত্ব দাবীদাৰ ক্ৰমে বৰ্তমানৰ বিধায়ক ডাঃ আচিফ মহম্মদ নাজাৰ, ইমদাদ হুছেইন, ফৰিদুল ইছলাম আৰু নেকিবুৰ ৰহমান হাজৰিকা, জাগীৰোড বিধানসভা সমষ্টিৰ কংগ্ৰেছৰ টিকটপ্রত্যাশী ক্রমে বুবুল দাস, মোহন দাস, বীণাপাণি দাস আৰু সূর্য দাসৰ সাক্ষাৎ গ্রহণ কৰে। তদুপৰি নিখিল ভাৰত কংগ্ৰেছ সমিতিৰ স্ক্রীনিং সমিতিৰ সদস্য তথা লোক সভাৰ সাংসদ সপ্তগিৰি শংকৰ উলাকাই মৰিগাঁও জিলা কংগ্ৰেছৰ জ্যেষ্ঠ ভালেমান নেতা, মৰিগাঁও জিলা কংগ্রেছ সমিতি, ব্লক কংগ্রেছ, মহিলা কংগ্ৰেছ, যুৱ কংগ্ৰেছ, সেৱা দল, সংবাদ কোষ, সাধাৰণ জাতি পৰিষদ, জ্যেষ্ঠ নাগৰিক আৰু বিভিন্ন দল-সংগঠনৰ পৰা মতামত গ্ৰহণ কৰে।

উল্লেখযোগ্য যে মৰিগাঁও জিলা কংগ্রেছ কার্যালয়ত নিখিল ভাৰত কংগ্ৰেছ সমিতিৰ স্ক্রীনিং সমিতিৰ সদস্য তথা লোক সভাৰ সাংসদ সপ্তগিৰি শংকৰ উলাকাই বাহৰ পাতি থকাৰ সময়তে লাহৰীঘাট সমষ্টিৰ কংগ্ৰেছ দলৰ প্রার্থিত্বপ্রত্যাশী ক্রমে ডাঃ আচিফ নাজাৰ আৰু ডাঃ ফৰিদুল ইছলামৰ বৃহৎসংখ্যক সমৰ্থক ভিৰ কৰি নিজ নিজ প্ৰাৰ্থীৰ সমৰ্থনত শ্ল'গান দি পৰিৱেশ উত্তাল কৰি তোলে। আনকি দুয়ো ফৈদৰ সমৰ্থকৰ মাজত হতাহতি হোৱাৰ উপক্রম হৈছিল যদিও একাংশ জ্যেষ্ঠ কংগ্রেছ নেতাৰ হস্তক্ষেপত পৰিস্থিতি নিয়ন্ত্রণলৈ আহে আৰু শান্তিপূর্ণভাৱে স্ক্রীনিং সমিতিয়ে পৰামৰ্শ আৰু মতামত গ্ৰহণ কৰিবলৈ সক্ষম হয়।

Share This