সংগীত, কফিৰ খন্তেকীয়া আমেজে বোধ শক্তিৰ উন্নত কৰাত সহায় কৰে! জানো আহক কোনেকৈ

Jyoti Borah August 19, 2023

ডিজিটেল ডেস্কঃ  সংগীত আৰু কফিৰ দৰে দৈনন্দিন খন্তেকীয়া আমেজবিলাকে আমাৰ প্ৰদৰ্শনত সহায় কৰে৷ এই কথা প্ৰকাশ কৰিছে নিউয়ৰ্ক ইউনিভাৰ্ছিটি টেণ্ডন স্কুল অব্‌ ইঞ্জিনীয়াৰিঙৰ গৱেষকসকলে৷ তেওঁলোকে মাইণ্ডৱাচ্ছ নামৰ মগজু নিৰীক্ষণ কৰিব পৰা এটা নতুন কৌশলৰ বিকাশ কৰিছে৷ ইয়াৰ জিৰয়তে তেওঁলোকে দৈনন্দিন জীৱনৰ সামান্য আমেজ তথা সুখে আমাৰ বোধ শক্তিৰ প্ৰদৰ্শন কেনেকৈ বৃদ্ধি কৰিব পাৰে সেই বিষয়ে তথ্য লাভ কৰিবলৈ সক্ষম হছে৷ বিশ্ববিদ্যালয়খনৰ বায়’মেডিকেল বিভাগৰ সহযোগী অধ্যাপক ৰোজ ফাগিহে ছয় বছৰৰ আগতে এই কৌশলৰ বিকাশ সাধন কৰিছিল৷ ইয়াৰ সহায়ত লাভ কৰা মগজুৰ কাম-কাজ বিশ্লেষণ কৰিব পাৰে৷ তেওঁ  কফি আৰু সংগীতৰ দৰে দৈনন্দিন আমেজবোৰৰ মগজুত পৰা প্ৰভাৱৰ বিষয়ে জনাৰ বাবে মাইণ্ডৱাচ্ছ কৌশল ব্যৱহাৰ কৰিছিল৷ এই অধ্যায়টোত ভাগ লোৱা লোকসকলৰ ছালৰ প্ৰতিক্ৰিয়া জনাৰ কাৰণে ৰিষ্টবেণ্ড আৰু মগজুৰ প্ৰতিক্ৰিয়া জনাৰ কাৰণে হেণ্ড পিন্ধিবিলৈ দিয়া হৈছিল৷ ইয়াৰ পাছত তেওঁলোকৰ বোধ শক্তিৰ পৰীক্ষা লোৱা হৈছিল৷ ইয়াৰ লগতে সংগীত নুশুনা আৰু কফি নোখোৱা লোকৰো পৰীক্ষা কৰা হৈছিল৷ ইয়াত ফাগিহ আৰু তেওঁৰ সতীৰ্থ গৱেষকসলে দেখা পায় যে সংগীত আৰু কফি উভয়ে মগজুৰ উত্তেজনাত তাৎপৰ্যপূৰ্ণ পৰিৱৰ্তন আনে আৰু ই বোধশক্তিৰ প্ৰদৰ্শন উন্নত কৰাত সহায় কৰিছে৷ গৱেষকসকলে এই বুলি পৰামৰ্শ দিছে যে যিকোনো মহামাৰীৰ সময়ত মগজুকঅধিক সক্ৰিয় কৰি ৰখাৰ বাবে আৰু কামত উন্নত প্ৰদৰ্শন কৰাত সংগীতে সহায় কৰিব পাৰে৷ তেওঁলোকে কৰা পৰীক্ষাটোত যিসকল লোকে নিজৰ পৰিচিত সংগীত শুনিছিল তেওঁলোকৰ প্ৰদৰ্শন অধিক উন্নত দেখা পোৱা গৈছিল৷ কিন্তু কৃত্ৰিম বুদ্ধিমত্তাৰ জৰিয়তে সৃষ্টি কৰা সংগীতে তাতকৈ উন্নত কৰাত সহায় কৰে৷ ইয়াৰ লগতে এই কথাও জানিব পৰা গৈছে যে কফি খালে দেখুওৱা প্ৰদৰ্শন সংগীত শুনাতকৈ অধিক ভাল৷ আনহাতে, পাৰ্ফিউমে প্ৰদৰ্শন উন্নত কৰাত আটাইতকৈ কম সহায় কৰে৷
 

Share This