ৰাসায়নিক পদার্থসহ বিভিন্ন সামগ্রী থকা কেন্দ্ৰীয় ভঁৰাল ছাৰখাৰ, যোৰহাটৰ 'নেইষ্ট'ত ৰহস্যজনক বিধ্বংসী অগ্নিকাণ্ড

dainik janambhumi February 21, 2026

ডিজিটেল ডেস্ক: দেশৰ আগশাৰীৰ গৱেষণা প্রতিষ্ঠানসমূহৰ ভিতৰত অন্যতন গৱেষণা প্ৰতিষ্ঠান যোৰহাটস্থিত উত্তৰ-পূব বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা প্রতিষ্ঠানত (চি এছ আই আৰ নেইষ্ট) কালি পুৱতি নিশা প্রায় ১-৪০ বজাত সংঘটিত হোৱা বিধ্বংসী অগ্নিকাণ্ডত প্রতিষ্ঠানটোৰ কেন্দ্ৰীয় ভঁৰালটো সম্পূৰ্ণৰূপে জুইত জাহ যায়। 

নেইষ্টৰ ৰাসায়নিক সামগ্রীকে ধৰি সকলো ভাল-বেয়া সামগ্ৰী মজুত কৰা কেন্দ্ৰীয় ষ্ট'ৰটোৰ পাছফালৰ পৰা পুৱতি নিশা আকস্মিকভাৱে লগা জুয়ে নিমিষতে সমগ্ৰ ভৰালটো আগুৰি ধৰে। জুয়ে আগুৰি ধৰাৰ পাছতে ঘটনাস্থলীত হোৱা দহটাৰো অধিক বৃহৎ বিস্ফোৰণৰ শব্দই প্রতিষ্ঠানটোৰ চৌহদৰ লগতে পশ্চিম যোৰহাটৰ বহু দূৰলৈ শুনিবলৈ পোৱাত অঞ্চলটোত আতংকময় পৰিস্থিতিৰ সৃষ্টি হয়। 

বিস্ফোৰণৰ শব্দ ইমানেই ভয়াৱহ আছিল যে দূৰ-দূৰণিৰ স্থানীয় ৰাইজেও আতংকিত হৈ নিশাই ঘটনাস্থলী বিচাৰি ৰাজপথলৈ আহিছিল। অগ্নিকাণ্ডৰ খবৰ পোৱাৰ পাছতে তাৎক্ষণিকভাৱে যোৰহাটৰ ১ অগ্নিনির্বাপক বাহিনীৰ চাৰিখনকৈ বাহনৰ লগতে অগ্নিনির্বাপক বিষয়া-ফায়াৰমেনসকলে ঘটনাস্থলীত উপস্থিত হৈ জুই নির্বাপণৰ চেষ্টা চলায়। বিভিন্ন ৰাসায়নিক ন পদার্থ, হাইড্রক্লৰিক এচিডকে ধৰি বিভিন্ন এচিড আৰু বিভিন্ন প্ৰকাৰৰ পদাৰ্থ ভর্তি চিলিণ্ডাৰ, গৱেষণাৰ যন্ত্ৰ-পাতি, বিদেশৰ পৰা আমদানিকৃত ৰাসায়নিক দ্রব্য, ২ পুৰণা বিভিন্ন স্ক্রেপ সামগ্রী, বিজ্ঞানীসকলে পৰিধান কৰা মাস্ক, গাউন, ইলেক্‌ট্রনিক সামগ্রী, কাগজ, কম্পিউটাৰৰ বেয়া অংশ আদি বহু কোটি টকাৰ সামগ্ৰী মজুত থকা প্ৰতিষ্ঠানটোৰ কেন্দ্ৰীয় ভঁৰালটো অগ্নিকাণ্ডটোত সম্পূর্ণৰূপে জাহ যায়। ৰাসায়নিক পদাৰ্থ মজুত থকাৰ বাবে জুইৰ লেলিহান শিখাই ক্রমাগতভাৱে বৃদ্ধি হৈ ভঁৰালটো আগুৰি ধৰে। এচিড, স্ক্রেপৰ সামগ্ৰী থকাৰ বাবে জুই নির্বাপণ কৰাত অগ্নিনির্বাপক বাহিনীসমূহ অসুবিধাৰো সন্মুখীন হৈছিল। 

যোৰহাট অগ্নিনির্বাপক বাহিনীৰ চাৰিখন বাহন, টীয়ক, তিতাবৰ, মৰিয়নি, বৰহোলা, গোলাঘাট, দেৰগাঁও আৰু অ' এন জি চি বৰহোলাৰ এখনকৈ বাহন আৰু যোৰহাট এয়াৰ ফ'ৰ্ট ষ্টেছনৰ দুখন অগ্নিনির্বাপক বাহিনীৰ গাড়ীৰে মুঠ ১৩খন গাড়ীৰ ৬ ঘণ্টাজোৰা নেৰানেপেৰা প্ৰচেষ্টাৰ ফলত কালি পুৱা ৯-৪০ বজাত সম্পূৰ্ণৰূপে জুই নির্বাপণ হয়। বর্তমানলৈকে অগ্নিকাণ্ডটো কি কাৰণে সংঘটিত হ'ল, সেই কথা জানিব পৰা হোৱা নাই। 

ইফালে এই অগ্নিকাণ্ডটোত নেইষ্টৰ বৃহৎ ক্ষতি হৈছে। কেন্দ্রীয় ষ্ট'ৰটো ৮০ মিটাৰ দৈৰ্ঘ্য আৰু ৪০ মিটাৰ প্ৰস্থৰ আছাম টাইপৰ ছেদখন সম্পূৰ্ণৰূপে ধ্বংস হৈ গৈছে। ইয়াৰ উপৰি মজুত থকা সকলো - ৰাসায়নিক পদার্থ, চিলিণ্ডাৰ আদি, যিসমূহ প্রতিষ্ঠানটোৰ গৱেষণামূলক কামত সচৰাচৰ ব্যৱহাৰ হৈ থাকে সেইসমূহ জুইত সম্পূর্ণৰূপে ধ্বংস হৈ পৰে। অগ্নিকাণ্ডটোত এজন ফায়াৰমেন টীয়ক অগ্নিনির্বাপক বাহিনীৰ অর্পণ তামুলীৰ এচিড পৰি সামান্য পৰিমাণে আঘাত পায় যদিও অন্য কোনো লোক হতাহত হোৱা নাই। ইফালে কালি ঘটনাটোৰ সন্দৰ্ভত নেইষ্টৰ কৰ্তৃপক্ষৰ তৰফৰ পৰা পুলিবৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে। অগ্নিকাণ্ডটোত কেইবা - কোটি টকাৰ সা-সম্পত্তিৰ ক্ষতিসাধন হৈছে। 

উল্লেখযোগ্য যে পুৱতি নিশা সংঘটিত হোৱা অগ্নিকাণ্ডটোৰ ফলত হোৱা বৃহৎ বৃহৎ শব্দৰ বিস্ফোৰণ শুনি - স্থানীয় লোক নেইষ্টৰ সন্মুখলৈ ওলাই আহে যদিও নিৰাপত্তাৰক্ষীয়ে স্থানীয় লোকৰ লগতে কৰ্তব্যৰত সাংবাদিকসকলকো ভিতৰত প্ৰৱেশ কৰিবলৈ নিদিলে। স্থানীয় কিছু লোকে সংবাদ মাধ্যমক এই অগ্নিকাণ্ড ৰহস্যজনক বুলি অৱগত কৰিছে। অগ্নিকাণ্ডৰ দৰে ঘটনা সংঘটিত হোৱাৰ পাছত কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ গৱেষণা প্রতিষ্ঠানটোত স্থানীয় লোক তথা সংবাদ মাধ্যমক সোমাবলৈ নিদিয়াৰ আঁৰত ৰহস্য থকাৰ সন্দেহ প্রকাশ কৰিছে। 

লক্ষণীয় যে 'নেইষ্ট'ত সামগ্ৰী ক্ৰয়ৰ নামত হোৱা বৃহৎ কেলেংকাৰি সংঘটিত হোৱাত যোৱা ২৬ জুলাইত কেন্দ্রীয় অনুসন্ধান এজেঞ্চি চি বি আয়ে প্রতিষ্ঠানখনৰ - মুখ্য বিজ্ঞানীসহ চাৰিজনক গ্ৰেপ্তাৰ কৰিছিল। ৰোগ সংক্রমণ বিভাগৰ এটা মেচিন ক্ৰয়ৰ নামত উৎকোচ লোৱাৰ অভিযোগত চি বি আয়ে প্রতিষ্ঠানলৈ আহি তদন্ত কৰি গ্ৰেপ্তাৰ কৰিছিল। চি বি আয়ে পার্চেজ বিভাগৰ বিষয়া, কেইবাজনো বিজ্ঞানীৰ চৰকাৰী আৱাসগৃহত তালাচী চলাই উৎকোচ লোৱা - ধনৰাশি উদ্ধাৰ কৰিছিল। সামগ্ৰী ক্ৰয়ৰ নামত হোৱা বৃহৎ কেলেংকাৰিৰ ঘটনাই ৰাজ্যখনৰ সচেতন লোকসকলক স্তম্ভিত কৰি তুলিছিল। 

বর্তমানেও চি বি আইৰ সেই গোচৰ চলি থকা অৱস্থাতে প্রতিষ্ঠানখনৰ কেন্দ্ৰীয় ষ্ট'ৰত সংঘটিত হোৱা ৰহস্যজনক অগ্নিকাণ্ডৰ ঘটনা স্থানীয় ৰাইজে সহজভাৱে লোৱা নাই। কালি পুৱা সংবাদ মাধ্যমৰ সন্মুখত স্থানীয় ৰাইজে অগ্নিকাণ্ডৰ ঘটনা উচ্চ পৰ্যায়ৰ তদন্ত দাবী কৰিছে।

Share This