ডিজিটেল ডেস্ক : বহু অভিযোগ-প্রতি অভিযোগৰ পাছত কালি উৰিয়ামঘাট অসম-নগালেণ্ড সীমান্তত উপস্থিত হয় অসম চৰকাৰৰ সীমান্ত উন্নয়ন মন্ত্ৰী অতুল বৰা। কাজিৰঙা লোক সভা সমষ্টিৰ সাংসদ কামাখ্যা প্রসাদ তাছা, সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকনৰ সৈতে বিয়লি ৩ বজাত উৰিয়ামঘাট অসম-নগালেণ্ড সীমান্তত উপস্থিত হয় মন্ত্ৰীগৰাকী।
শেহতীয়াকৈ অসমৰ ভূখণ্ডত নগাই কৰি অহা আগ্ৰাসন আৰু বিবদ মান এলেকা হিচাপে পৰিগণিত সীমান্ত অঞ্চলত নগালেণ্ডৰ প্ৰভাৱ বিস্তাৰ সম্পর্কত সীমান্তত উপস্থিত হৈ পৰিস্থিতিৰ বুজ ল'লে মন্ত্রী অতুল বৰাই। উৰিয়ামঘাটত উপস্থিত হৈ সীমান্ত উন্নয়ন মন্ত্রী অতুল বৰাই সীমান্ত দণ্ডাধীশৰ পৰিত্যক্ত কার্যালয় পৰিদৰ্শন কৰাৰ পাছতে অসম-নগালেণ্ড সীমান্তত জুবিন গাৰ্গ নাহৰ উদ্যান স্থাপন হ'বলগীয়া পিঠাঘাট অঞ্চল পৰিদৰ্শন কৰি বিদ্যাপুৰ অভিমুখে ৰাওনা হয়।
দৈয়াং নৈৰ কাষত উপস্থিত হৈ অবৈধ শিল খননৰ বাবে হোৱা অসমৰ ভৌগোলিক ভূখণ্ড ক্ষতি হোৱা স্থান পৰিদৰ্শন কৰে। অন্যহাতে, সীমান্তৰ দুর্গম অঞ্চলেদি গৈ চুঙাজান অসম-নগালেণ্ড সীমান্তত অৱস্থিত নিৰপেক্ষ বাহিনী বেংমাপানী ১৫৫নং চি আৰ পি এফ কেম্পত উপস্থিত হয়।
চি আৰ পি এফ কেম্পত উপস্থিত হৈ চি আৰ পি এফ বেংমাপানীৰ উচ্চপদস্ত বিষয়াসকলৰ সৈতে সীমান্তত সংঘটিত হৈ থকা অভাৱনীয় পৰিস্থিতি সম্পর্কত বিভিন্ন বিষয়ত আলোচনাত মিলিত হয়। ইয়াৰ পাছতে নিশা প্ৰায় ৮ বজাত সৰুপথাৰ আৱৰ্ত ভৱনত গোলাঘাট জিলা প্রশাসনৰ সৈতে আলোচনাত মিলিত হয় মন্ত্ৰীগৰাকী। মন্ত্ৰীগৰাকীক পর্যবেক্ষণ কালত সংগ দিয়ে গোলাঘাটৰ জিলা আয়ুক্ত পূৰবী গোহাঁই, সৰুপথাৰ সমজিলা আয়ুক্ত মিতালী লহকৰ, সীমান্ত দণ্ডাধীশ প্রিয়ব্রত হাজৰিকা, গোলাঘাট জিলাৰ বন বিষয়া মুকুট দাস, সৰুপথাৰ সমজিলা আৰক্ষী অধীক্ষক দ্বীপেন পাতৰ, চি আৰ পি এফৰ কমাণ্ডেন্ট সহিতে ভালেকেইজন বিষয়ববীয়াই।