খচৰা তালিকাত বাদ পৰা ৬৫ লাখ ভোটাৰৰ নাম ৰাজহুৱা কৰাৰ নির্দেশ

dainik janambhumi August 16, 2025

ডিজিটেল ডেস্ক : বিহাৰত নিৰ্বাচন আয়োগে চলোৱা ভোটাৰ তালিকাৰ বিশেষ ব্যাপক সংশোধনী (এছ আই আৰ) প্ৰক্ৰিয়াক প্রত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ত দাখিল কৰা আৱেদনৰ শুনানি লোৱাৰ সময়ত নির্বাচন আয়োগে শীৰ্ষতম আদালতখনক বৃহস্পতিবাৰে কয় যে আয়োগখন ৰাজনৈতিক দলসমূহৰ বিবাদৰ মাজত বন্দী হৈ পৰিছে। উচ্চতম ন্যায়ালয়ে বৃহস্পতিবাৰে নির্বাচন আয়োগক নির্দেশ দি কয় যে বিহাৰত প্ৰকাশ কৰা খচৰা ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰা ৬৫ লাখ ভোটাৰৰ নাম আয়োগে ৰাজহুৱা কৰিব লাগে। নির্বাচন আয়োগে উচ্চতম ন্যায়ালয়ৰ এই আদেশ পালন কৰিবলৈ সন্মত হয়। 

ইফালে, নির্বাচন আয়োগে আক্ষেপ প্রকাশ কৰি কয় যে যদি এটা ৰাজনৈতিক দল নির্বাচনত জয়ী হয়, তেনেহ'লে ই ভি এমবোৰ সঠিক থাকে, কিন্তু নির্বাচনত পৰাজয় হ'লে, ই ভি এমবোৰত আসোঁৱাহ থকা বুলি কয়। বিহাৰত এছ আই আৰ চলোৱাক প্রত্যাহ্বান জনাই যোৱা ২৪ জুনত দাখিল কৰা এখন আৱেদনৰ বৃহস্পতিবাৰে শুনানি লয় ন্যায়াধীশ সূর্য কান্ত আৰু জয়মাল্য বাগচীৰে গঠিত এখন বিচাৰপীঠে। বিচাৰপীঠখনে আয়োগক কয়, 'বিহাৰত মৃত্যু হোৱা, প্ৰব্ৰজন কৰা আৰু অন্য সমষ্টিলৈ স্থানান্তৰ হোৱা ভোটাৰসকলৰ নাম আপোনালোকে কিয় প্রকাশ নকৰে?

 নির্বাচন আয়োগে কয় যে সেই ভোটাৰসকলৰ নাম ইতিমধ্যে ৰাজ্যখনৰ ৰাজনৈতিক দলবোৰক দিয়া হৈছে। ইয়াৰ পাছতে, উচ্চতম ন্যায়ালয়ে নির্বাচন আয়োগক কৰ্তন কৰা ভোটাৰসকলৰ নাম ডিছপ্লে' ব'র্ড অথবা এটা ৱেবছাইটত প্রকাশ কৰিবলৈ কয় আৰু তালিকাৰ পৰা বাদ পৰা ভোটাৰসকলক ৩০ দিনৰ ভিতৰত তালিকাত পুনৰ অন্তৰ্ভুক্তিৰ বাবে  আৱেদন কৰাৰ ব্যৱস্থা ল'বলৈ আয়োগক নির্দেশ দিয়ে। বহু যুক্তি প্ৰদৰ্শনৰ পাছত নির্বাচন আয়োগে খচৰা ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰা ভোটাৰৰ নাম ৰাজহুৱা কৰিবলৈ সন্মত হয়।

Share This