আজি কংগ্ৰেছত যোগদান কৰাৰ সম্ভাৱনা, নন্দিতা গার্লোছাৰ বিজেপি ত্যাগ

dainik janambhumi March 20, 2026

ডিজিটেল ডেস্ক: বিজেপিৰ প্ৰাৰ্থীৰ তালিকা ঘোষণা হোৱাৰ পাছতে প্রার্থিত্বৰ পৰা বঞ্চিত একাংশ বিজেপি নেতা-মন্ত্রী বিদ্রোহী হৈ দল ত্যাগ কৰিবলৈ সাজু হৈছে। 

হাফলং সমষ্টিৰ বিধায়ক, ৰাজ্য চৰকাৰৰ মন্ত্ৰী নন্দিতা গার্লোছা বিজেপিৰ টিকটৰ পৰা বঞ্চিত হৈ দল ত্যাগ কৰাৰ খবৰ লাভ কৰা গৈছে। মন্ত্রী গার্লোছাই কালি কংগ্ৰেছ দলত যোগদান কৰি দলটোৰ প্ৰাৰ্থী হ'বলৈ সাজু হৈছে। ডিমা হাছাও কংগ্রেছেও গার্লোছাক দললৈ আদৰিবলৈ সাজু হৈছে। গার্লোছাৰ কংগ্রেছ গমনে ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদতো ব্যাপক প্ৰভাৱ পেলোৱাৰ সম্ভাৱনা প্রকট হৈ পৰিছে। 

উল্লেখযোগ্য যে কালি ঘোষিত বিজেপিৰ প্ৰাৰ্থীৰ তালিকাৰ পৰা নন্দিতা গার্লোছাৰ নাম কৰ্তন কৰি ৰূপালী লাংথাছাক দলীয় প্রার্থিত্ব প্রদান কৰিছে। পাহাৰৰ ৬খন আসনতে শাসক দলটোৱে নতুন মুখৰ প্ৰাৰ্থী আগবঢ়াইছে। ফলত প্রার্থিত্বক লৈ জিলাখনতো বিজেপিৰ মজিয়াত বিসম্বাদ সৃষ্টি হোৱাটো খাটাং হৈ পৰিছে।

Share This