ঔষধি গুণেৰে ভৰপূৰ নৰসিংহৰ পাত

Kakali Deka October 26, 2023

ডিজিটেল ডেস্ক: খাদ্যৰসিক ভাৰতীয়সকলৰ পাকঘৰত সততে পোৱা যায় নৰসিংহৰ পাত। বিভিন্ন ধৰণৰ খাদ্য-সামগ্ৰী ৰান্ধোতে নৰসিংহৰ পাত ব্যৱহাৰ কৰা হয়। নৰসিংহৰ পাতে ব্যঞ্জনৰ সোৱাদ বৃদ্ধি কৰাই নহয় ই ঔষধীয় গুণেৰেও ভৰপূৰ। বহুতে নৰসিংহৰ পাতৰ গোন্ধো পচন্দ কৰে । কিছুমান লোকে কেঁচাপাত চাটনী হিচাপে প্ৰস্তুত কৰিও খায়।

বিশেষজ্ঞসকলৰ মতে দৈনিক ১০-১৫খন পাত চোবাই খালে শৰীৰ স্বাস্থ্যৱান কৰি ৰখাত সহায় কৰে। ভালেমান পুষ্টিকৰ দ্ৰব্য থকা নৰসিংহ পাতে ৰোগ দূৰ কৰাটো সহায় কৰে। ইয়াৰ লগতে নৰসিংহৰ পাতত এন্টিঅক্সিডেণ্টো থাকে। স্বাস্থ্য বিষয়ক এটা ৱেবছাইটত প্ৰকাশ পোৱা অনুসৰি নৰসিংহৰ পাতত এল্কলাইড, গ্লাইকোছাইড আৰু ফেনেলিক যৌগ আছে। এই উপাদানসমূহে মানুহৰ শৰীৰত এণ্টিঅক্সিডেণ্টৰ কাম কৰে। এণ্টিঅক্সিডেণ্টে আমাৰ শৰীৰটো ৰোগমুক্ত কৰি ৰখাটো সহায় কৰে। ইয়াৰ উপৰি নৰসিংহৰ পাতে শৰীৰক ফ্ৰি ৰেডিকেল্‌ছৰ পৰা হ'ব পৰা ক্ষতিৰ পৰাও ৰক্ষা কৰিব পাৰে আৰু অক্সিডেটিভ ষ্টেছ হ্ৰাস কৰাত সহায় কৰে। উল্লেখযোগ্য যে ফ্ৰি ৰেডিকেলছ এনেকুৱা মুক্ত কণা যি শৰীৰক ৰক্ত আৰু আন তৰল পদাৰ্থৰ সৈতে মিলি প্ৰৱাহিত হৈ থাকে। ই আমাৰ শৰীৰৰ কোষবোৰৰ ক্ষতিসাধন কৰে যাৰ প্ৰভাৱ পৰে ছালত ।

ইয়াৰ ফলত ছালৰ উজ্জ্বলতা হ্ৰাস পোৱাৰ লগতে শোতোৰা পৰিবলৈ ধৰে। শৰীৰত মুক্ত কণা আৰু এন্টিঅক্সিডেণ্টৰ ভাৰসাম্য নোহোৱা হ'লে ছাল, কোষ আৰু কলাত চাপৰ সৃষ্টি কৰে আৰু ইয়াকে অক্সিডেটিভ ষ্ট্ৰেছ বুলি কোৱা হয়। নৰসিংহৰ পাতে ইয়াক নোহোৱা কৰাত সহায় কৰে। আনহাতে নৰসিংহৰ পাতত থকা খনিজ আৰু তৈল পদার্থও থাকে। নৰসিংহৰ পাত প্ৰদাহৰোধী বুলিও কোৱা হয়। নৰসিংহৰ পাত আঁহযুক্ত আৰু ইয়াক খালে পাচন প্রণালী শক্তিশালী কৰে। ইয়াৰ লগতে পেট পৰিষ্কাৰ কৰাতো সহায় কৰে। পাচন প্ৰণালীৰ সমস্যা দূৰ কৰাতো নৰসিংহ পাতে সহায় কৰে। নৰসিংহই কলেষ্টেৰল আৰু ট্রাইগ্লিছৰাইড নিয়ন্ত্ৰণত সহায় কৰে। নৰসিংহ পাতে তেজত উচ্চ মাত্ৰাত থকা শৰ্কৰা হ্ৰাস কৰাতো সহায় কৰে। আনকথাত বহুমূত্ৰ ৰোগীৰ বাবে ই অতি উপকাৰী । ইয়াৰ উপৰি আমাৰ মগজুকে ধৰি শৰীৰৰ স্নায়ুতন্ত্ৰক শক্তিশালী কৰাতো সহায় কৰে। আলজেইমাৰৰ দৰে ৰোগ প্ৰতিৰোধত নৰসিংহ পাতে সুফল দিয়ে বুলি কোৱা হৈছে। শৰীৰৰ দুষিত পদার্থ তথা দ্রব্যসমূহ উলিয়াই নিয়াত সহায় কৰাৰ ফলতে নৰসিংহ পাতে শৰীৰত চৰ্বি জমা হোৱাতো বাধা দিয়ে আৰু ওজন হ্ৰাস কৰাত সহায় কৰে।

Share This