ডিজিটেল ডেস্কঃ প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে যোৱা দুবছৰত এবাৰো হিংসাজৰ্জৰিত মণিপুৰ ভ্ৰমণ নকৰি 'ৰাজধৰ্ম' পালন কৰাত ব্যর্থ হৈছে বুলি শনিবাৰে কংগ্ৰেছৰ সভাপতি মল্লিকার্জুন খর্গেয়ে অভিযোগ কৰে।
মণিপুৰৰ গোষ্ঠীগত সংঘৰ্ষ আৰম্ভণিৰ দ্বিতীয় বার্ষিকীত সামাজিক মাধ্যম এক্সত খর্গেয়ে কয় যে ২০২৩ চনৰ ৩ মে'ত মণিপুৰত গোষ্ঠীগত হিংসা আৰম্ভ হৈছিল আৰু এতিয়াও চলি আছে। মাত্র দুদিন আগতে হিংসাত্মক সংঘর্ষত টামেংলং জিলাত ২৫জন লোক আহত হৈছে।
তেওঁ আৰু কয় যে হিংসা আৰম্ভ হোৱাৰ পৰা ২৬০জনতকৈ অধিক লোকৰ মৃত্যু হৈছে আৰু ৬৮,০০০ লোক ভগনীয়া হৈছে তথা হাজাৰ হাজাৰ লোকে আশ্রয় শিবিৰত আশ্ৰয় লৈছে। খর্গেয়ে এক্সত আৰু কয়, 'নৰেন্দ্ৰ মোদী ডাঙৰীয়া, মণিপুৰত আপোনাৰ শেহৰ নিৰ্বাচন সভা অনুষ্ঠিত হােৱা ২০২২ চনৰ জানুৱাৰীৰ পৰা আপুনি ৪৪ বাৰ বিদেশ ভ্রমণ আৰু ২৫০ বাৰ দেশৰ ভিতৰত ভ্ৰমণ কৰিলে। তথাপি আপুনি এক ছেকেণ্ডা মণিপুৰত নকটালে।
মণিপুৰৰ জনসাধাৰণৰ প্ৰতি এই উপেক্ষা আৰু অৱজ্ঞা কিয়?' তেওঁ আৰু প্ৰশ্ন কৰে যে কিয় ডাবল্ ইঞ্জিন চৰকাৰে নিজৰ নাগৰিকক নিৰাপত্তা আৰু সুৰক্ষা দিয়া সাংবিধানিক কর্তব্য পালনত বিফল হ'ল। খৰ্গেয়ে প্রশ্ন কৰে যে গৃহ মন্ত্রীয়ে ঘোষণা কৰা শান্তি সমিতিৰ কি হ'ল। খর্গেয়ে কয়, 'মোদী ডাঙৰীয়া, আপুনি পুনৰ ৰাজধৰ্ম পালন কৰাত ব্যৰ্থ হ'ল।'